লতা মংগেশকাৰৰ কণ্ঠক নিখুঁত কৰি শিখৰলৈ লৈ যোৱাত মুছলমান ব্যক্তিৰ অৱদান

Story by  atv | Posted by  Munni Begum • 26 d ago
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ
 
জয়নাৰায়ণ প্ৰসাদ / কলকাতা
 
ভাৰতৰ কোকিলকণ্ঠী গায়িকা তথা 'নাইটিংগেল' উপাধিৰে পৰিচিত লতা মংগেশকাৰৰ আজ জন্মবাৰ্ষিকী। এই গৰাকী মহান গায়িকাৰ কণ্ঠক নিখুঁত কৰি শিখৰলৈ লৈ যোৱাত কেইবাগৰাকীও মুছলমান ব্যক্তিত্বৰ বিপুল অৱদান আছে। বাড়ে গুলাম আলী খান, মাষ্টৰ গুলাম হাইদৰ, মেহবুব খান, জান নিছাৰ আখতাৰ, (অভিনেতা) দিলীপ কুমাৰ, ৰাজা মেহন্দি আলী খান, কাইফি আজমী, নৌছাদ, চাহিৰ লুধিয়ানৱী, শকীল বদয়ুনী, হছৰত জয়পুৰী, খুম্মাৰ বাৰাবংকৱী, নকশ লায়লপুৰী, কাইফ ভোপালীৰ পৰা আদি কৰি ফাৰুক কাইজাৰ, জাভেদ আখতাৰ লগতে এ আৰ ৰহমানেও উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে।   
 
লতা মংগেশকাৰে সমগ্ৰ জীৱনত মুঠ ১৪ টা ভাষাত ৫০ হাজাৰতকৈও অধিক গীত গাইছে। ১৯৭৪ চনত তেওঁ ‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’তো নিজৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। বিশ্বৰ ভিতৰতে সৰ্বাধিক গীত গোৱা গায়িকাসকলৰ ভিতৰত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়। পাটিয়ালা ঘৰনাৰ বিখ্যাত শাস্ত্ৰীয় গায়ক বাড়ে গুলাম আলীয়ে লতা মংগেশকাৰক ‘সংগীতৰ দেৱী’ বুলিও গণ্য কৰিছিল। 
 

লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী বিশেষ 

 
বাড়ে গুলাম আলীয়ে ১৯০২ চনৰ ২ এপ্ৰিলত পাকিস্তানৰ কাছুৰ প্ৰদেশত জন্মগ্ৰহণ কৰা আৰু ১৯৬৮ চনৰ ২৫ এপ্ৰিলত ভাৰতৰ হায়দৰাবাদ (বৰ্তমান তেলেংগানা)ত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ তেওঁ ভাৰতত কে আছিফৰ পৰিচালনাত নিৰ্মিত ক্লাছিক ছবি'মোগল-ই-আজম'(১৯৬০)তো দুটা গীত গাইছিল।
 
এই ক্লাছিক চিনেমাখনত লতা মংগেশকাৰেও কণ্ঠদান কৰৰ্ছিল। কোৱা হয় যে, ভাৰতীয় চিনেমাৰ ইতিহাসত এতিয়ালৈকে কোনো ছবিয়ে ‘মোগল-ই-আজম’ৰ গীতৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা নাই। এই ছবিখনত বাড়ে গুলাম আলী খানে দুটা গীত গাইছিল আৰু ইয়াৰ বাবে তেওঁ পৰিচালক-প্ৰযোজক কে আছিফৰ পৰা প্ৰতিটো গীতৰ বাবে ২৫ হাজাৰ টকা পাৰিতোষিক লৈছিল, আনহাতে ‘মোগল-ই-আজম’ত লতা মংগেশকাৰে ৯টাকৈ গীত গাইছিল।  
 
বিখ্যাত শাস্ত্ৰীয় গায়ক বাড়ে গুলাম আলীৰ সৈতে লতা মংগেশকাৰ
 
লতা মংগেশকাৰক ‘মোগল-ই-আজম’ ছবিখনত গান গাবলৈ প্ৰতিটো গীতৰ বাবদ পাঁচশ টকা দিয়া হৈছিল। একে পৰিমাণৰ ধন মহম্মদ ৰফী চাহেবকো দিয়া হৈছিল। যদি লতা মংগেশকাৰৰ সৈতে জড়িত ভাৰতীয় চিনেমাৰ ইতিহাস চোৱা যায়, তেন্তে আমি দেখিবলৈ পাওঁ যে, যেতিয়া প্ৰযোজক/পৰিচালক কে আছিফে ছবিখনত গীত গাবলৈ বাড়ে গোলাম আলী খানৰ কাষ চাপিছিল, তেতিয়া গুলাম আলী খানে সম্পূৰ্ণভাৱে গীত গাবলৈ সন্মত নাছিল, কিন্তু বহু প্ৰয়াস কৰাৰ পিছতহে তেওঁ সন্মতি প্ৰদান কৰিছিল আৰু কে. আছিফৰ সন্মুখত চৰ্ত এটা ৰাখিছিল যে - 'মই এটা গানৰ বাবে ২৫ হাজাৰ টকা ল'ম।'  
 
এইদৰেই অৱশেষত সাজু হ’ল ‘মোগল-ই-আজম’ৰ নিৰ্মাতাসকল। বাড়ে গুলাম আলী খানে এই ছবিখনত দুটা গীত গাইছিল। এটা আছিল 'প্ৰেম জোগন বানকে' আৰু দ্বিতীয়টো আছিল ‘শুভ দি আও' ৰাজদুলাৰা'। এই দুয়োটা দুটা ৰাগৰ ওপৰত আধাৰিত গীত আছিল। যাৰ এটা আছিল সোহিনী ৰাগা আৰু আনটো আছিল ৰাগশ্ৰী।  
 
এই ছবিখনৰ সংগীত নৌছাদ চাহেবে আৰু গীতৰ কথা শকীল বদয়ুনীয়ে ৰচনা কৰিছিল। 'মোগল-ই-আজম'ৰ গীত ৰেকৰ্ডিং কৰাৰ সময়ত বাড়ে গুলাম আলী খানে ভৱিষ্যদ্বাণী কৰিছিল যে, 'এদিন লতা মংগেশকাৰ দেশৰ এগৰাকী মহান গায়িকা হিচাপে নিজে প্ৰতিষ্ঠিত হ'ব।' শেষত সেই কথা ফলিয়ালে।
 
মহম্মদ ৰফীৰ সৈতে লতা মংগেশকাৰ
 
পাঞ্জাবী লোকসংগীতৰ বিশেষজ্ঞ মাষ্টৰ গুলাম হাইদৰ আছিল লতা মংগেশকাৰৰ প্ৰকৃত গুৰু। এইটো আছিল ৪৫-৪৬ৰ চনৰ কথা। সেইবোৰ আছিল লতাৰ সংগ্ৰামৰ দিন। তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ৰাজপথত খোজ কাঢ়িছিল আৰু চিনেমাত গান গাবলৈ কাম বিচাৰি ফুৰিছিল। ১৯০৮ চনত হায়দৰাবাদৰ সিন্ধ প্ৰদেশত জন্মগ্ৰহণ কৰা আৰু ১৯৫৩ চনৰ ৯ নৱেম্বৰত লাহোৰত শেষ নিশ্বাস ত্যাগ কৰা মাষ্টৰ গুলাম হাইদৰক এদিন লতাই লগ পাইছিল। আৰম্ভণিতে গুলাম হাইদৰ ভাৰতত আছিল আৰু ভাৰতীয় চিনেমাৰ লগত জড়িত সকলো প্ৰযোজক/পৰিচালকক চিনি পাইছিল। পিছত তেওঁ পাকিস্তানলৈ গুচি গৈছিল।  
 
প্ৰথম সাক্ষাৎতে লতা মংগেশকাৰৰ প্ৰতিভাক চিনি পাবলৈ গুলাম হাইদৰৰ বেছি সময় লগা নাছিল। সেই সময়ত বম্বে টকীজ এটা প্ৰভাৱশালী নাম আছিল। লতা মংগেশকাৰে লিখিছিল- "গোলাম হাইদৰ মোৰ গডফাদাৰ আছিল। তেওঁ মোক মোৰ হাতত ধৰি পৰিচালকসকলৰ সৈতে মোক চিনাকি কৰাই দিছিল, মোৰ বাবে যুঁজি মোক কাম দিছিল।" 
 
লতাই লগতে কয়, ‘মাষ্টাৰ গুলাম হাইদৰ আছিল মোক বিশ্বাস কৰা প্ৰথমজন সংগীত পৰিচালক।’ পিছৰ দিনত লতা মংগেশকাৰৰ বাহিৰেও মাষ্টৰ গুলাম হাইদৰেই সুধা মালহোত্ৰা আৰু সুৰিন্দৰ কৌৰক চলচ্চিত্ৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছিল। গুলাম হাইদৰৰ ছবিখন আছিল ‘মজবূৰ’ (১৯৪৮)। ইয়াত লতা মংগেশকাৰে পাঁচটা গীত গাইছিল। 
 
মাদাৰ ইণ্ডিয়া ছবিৰ এক পোষ্টাৰ
 
এই ছবি 'মজবুৰ'ৰ গীতিকাৰ আছিল নাজিম পানীপতি। ইতিহাসে বৰ্ণনা কৰে যে ঢোলৰ দৰে বাদ্যযন্ত্ৰ প্ৰথমবাৰৰ বাবে চিনেমাত প্ৰৱৰ্তন কৰিছিল মাষ্টৰ গুলাম হাইদৰে। গুলাম হাইদৰ পিয়ানোতো নিপুণ আছিল। সেই সময়ছোৱাত মদন মোহন আৰু নৌছাদ তেওঁৰ সহায়ক আছিল।
 
ইতিহাসৰ পাত উলটিলেই গম পোৱা যায় যে, মেহবুব খানৰ সামাজিক মহাকাব্যিক ছবি ‘মাদাৰ ইণ্ডিয়া’ (১৯৫৭) য়ে লতা মংগেশকাৰকে ধৰি বহু লোকৰ জীৱন সলনি কৰি পেলাইছিল। সেই সময়ত 'মাদাৰ ইণ্ডিয়া' ছয় নিযুত ব্যয় কৰি নিৰ্মান কৰা হৈছিল আৰু ছবিখনৰ পৰা ৮ কোটি উপাৰ্জন হৈছিল। ১৯৫৭ চনৰ ২৫ অক্টোবৰত বোম্বে, দিল্লী, কলিকতাকে ধৰি বহু চহৰত মুক্তি পোৱা ‘মাদাৰ ইণ্ডিয়া’ত লতা মংগেশকাৰৰ বহু গীত আছিল। 
 
এটা গীত তিনিওজনী ভগ্নীয়ে (লতা, মীনা আৰু উষাই) একেলগে গাইছিল। এই গীতটি আছিল 'দুনিয়া মেই হম আয়ে হ্যায় তো.... মুঠ ১২ টা গীতৰ ভিতৰত লতা মংগেশকাৰৰ গীত সেই সময়ছোৱাত বহুত শুনা গৈছিল। ‘মাদাৰ ইণ্ডিয়া’ ছবিখনৰ সংগীত নৌছাদ চাহেবৰ আৰু গীতৰ কথা ৰচনা কৰিছিল শকীল বদয়নীয়ে।
 
লতা মংগেশকাৰ তেওঁৰ দুই ভগ্নী মীনা আৰু উষাৰ সৈতে 
 
‘মাদাৰ ইণ্ডিয়া’ ৱাজাহাট মিৰ্জা আৰু এছ আলী ৰাজাই লিখা বুলি খুব কম সংখ্যক লোকেহে জানে। এই ঐতিহাসিক চিনেমাখনৰ চিনেমেট’গ্ৰাফী এফ এ ইৰাণীয়ে কৰিছিল আৰু ছামছুদ্দিন কাদ্ৰীয়ে ‘মাদাৰ ইণ্ডিয়া’ সম্পাদনা কৰিছিল। এই ছবিখনত লতা মংগেশকাৰে গোৱা আন এটি গীত হৈছে ‘নাগৰী নাগৰী দ্বাৰে দ্বাৰে’, যিটো ৭ মিনিট ২৯ ছেকেণ্ডৰ গীত আছিল।  
 
লতা মংগেশকাৰৰ কথা কোৱাৰ লগে লগে বৃদ্ধ লোকসকলে চিনেমাৰ লগত জড়িত দুজন মুছলমান ব্যক্তিত্বক নিশ্চিতভাৱে মনত পেলায়। এজন গীতিকাৰ ৰাজা মেহন্দী আলী খান আৰু আনজন হৈছে ‘বহু বেগম’ (১৯৬৭)ৰ বিত্তীয় সাহায্য প্ৰদান কৰা এম ছাদিক। ৰাজ খোছলাই নিৰ্দেশনা কৰা ‘ৱহ কৌন থি’ (১৯৬৪) ছবিখনত গোৱা লতা মংগেশকাৰৰ ‘লগ জা গালে’ আজিও মানুহে আন্তৰিকতাৰে গাই আহিছে আৰু 'বহু বেগম' ছবিখনত গোৱা লতা মংগেশকাৰৰ ‘দুনিয়া কাৰে চাৱাল তো হম ক্যা জাৱাব দে’। কলকাতাৰ দৰ্শকে আজিও ‘আখৰী খাট’ (১৯৬৬) ছবিখনত কাইফী আজমীয়ে লিখা ‘বহাৰো মেৰা জীৱন ভী চাৱাৰো’ কলিটো হৃদয়ৰ ওচৰত ৰাখিছে।
 
সুৰকাৰ খায়্যামৰ সুৰত ৰচিত 'আখৰী খাট' ১৯৬৬ চনৰ ৩০ ডিচেম্বৰত কলিকতাত মুক্তি লাভ কৰিছিল। ছাহিৰ লুধিয়ানৱীৰ ৰচনা আৰু লতা মংগেশকাৰে গোৱা ‘আল্লাহ তেৰো নাম, ঈশ্বৰ তেৰো নাম’ (হুম দোনো, ১৯৬১) গীতটিও কলকাতাৰ সকলোৰে হৃদয়ত গভীৰভাৱে শিপাই আছে। 


শেহতীয়া খবৰ