মিথুন চক্ৰৱৰ্তীলৈ দাদাছাহেব ফাল্কে বঁটা

Story by  atv | Posted by  Munni Begum • 24 d ago
মিথুন চক্ৰৱৰ্তী
মিথুন চক্ৰৱৰ্তী
 
মুম্বাই 
 
অভিনেতা-ৰাজনীতিবিদ মিথুন চক্ৰৱৰ্তীক দাদাছাহেব ফাল্কে বঁটা প্ৰদান কৰা হব বুলি আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান এই বঁটা প্ৰদান কৰা হব।
 
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্সত এক পোষ্টত কয় যে, "৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অভিনেতা মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰা হ’ব। তেওঁ অভিনেতাগৰাকীক প্ৰশংসা কৰি কয় যে তেওঁৰ উল্লেখযোগ্য চিনেমা যাত্ৰাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।" 
 
তেওঁ লগতে লিখিছে, "মিথুন দাৰ উল্লেখযোগ্য চিনেমা যাত্ৰাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে! দাদাছাহেব ফাল্কে বঁটা বাছনি জুৰীয়ে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখ্যযোগ্য অৱদানৰ বাবে কিংবদন্তি অভিনেতা মিথুন চক্ৰৱৰ্তীক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰি সন্মানিত হৈছো। ২০২৪ চনৰ ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব।" 
 
মিথুন চক্ৰৱৰ্তীয়ে বলীউডত মৃণাল সেনৰ পৰিচালনা কৰা মৃগয়া (১৯৭৬)ত আত্মপ্ৰকাশ কৰিছিল। অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ১৯৮২ চনত বক্স অফিচত বিপুল সফলতা লাভ কৰা ডিস্কো ডান্সাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰতিঘৰতে এক চৰ্চিত নাম হৈ পৰিছিল। ১৯৯০ চনত নিৰ্মিত অগ্নিপথ ছবিৰ বাবেও তেওঁৰ প্ৰশংসা লাভ কৰিছিল। ৰিয়েলিটি শ্ব’তো তেওঁ বিচাৰক হিচাপে দেখা যায়। 


শেহতীয়া খবৰ