বিভিন্ন জনৰ পৰা মোক আৰু মোৰ পৰিয়াললৈ মৃত্যুৰ ভাবুকি আহিছে: ৰনবীৰ আল্লাবাদিয়া

Story by  atv | Posted by  Munni Begum • 5 d ago
ৰনবীৰ আল্লাবাদিয়া
ৰনবীৰ আল্লাবাদিয়া
 
মুম্বাই 
 
‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ অনুষ্ঠানত পিতৃ-মাতৃক লৈ অশ্লীল মন্তব্য কৰি নিজে বিপদত পৰা লগতে নিজৰ পৰিয়াললৈও ভাবুকি কঢ়িয়াই আনিছে জনপ্ৰিয় প’ডকাষ্টাৰ ৰনবীৰ আল্লাবাদিয়াই। শেহতীয়ালৈ তেওঁ ভাৰতৰ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাৰ ওচৰত পৰিয়ালৰ সুৰক্ষাৰ বাবে অনুৰোধ কৰিছে।  
 
আল্লাবাদিয়াই কয়, "মোৰ দল আৰু মই আৰক্ষী আৰু আন সকলো কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াইছো। মই যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰিম আৰু সকলো সংস্থাৰ বাবে উপলব্ধ হ’ম। পিতৃ-মাতৃক লৈ মোৰ মন্তব্য সংবেদনহীন আৰু অসন্মানজনক আছিল। ভাল কাম কৰা মোৰ নৈতিক দায়িত্ব আছিল আৰু মই সঁচাকৈয়ে দুখী। মই প্ৰত্যক্ষ কৰিছো যে মানুহৰ পৰা কিদৰে মোৰ পৰিয়াললৈ মৃত্যুৰ ভাবুকি আহিছে। তেওঁলোকে মোক মাৰিব বিচাৰে আৰু মোৰ পৰিয়ালক আঘাত কৰিব বিচাৰে। ৰোগীৰ ৰূপ লৈ মোৰ মাৰ ক্লিনিকত মানুহে আগ্ৰাসন কৰিছে। মোৰ ভয় লাগিছে আৰু কি কৰিম নাজানো। কিন্তু মই পলাই যোৱা নাই। ভাৰতৰ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।" 
 
শুকুৰবাৰে ইউটিউবাৰ আৰু প’ডকাষ্টাৰ ৰনবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু শেহতীয়াকৈ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকাৰ সময়ত তেওঁ কৰা অশ্লীল মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে কৰা সমগ্ৰ ভাৰততে তেওঁৰ বিৰুদ্ধে দাখিল কৰা একাধিক গোচৰ একত্ৰিত কৰিবলৈ বিচাৰিছিল। 
 
আল্লাহবাদিয়াৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিনৱ চন্দ্ৰচুড়ে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত চলা বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উল্লেখ কৰি গোচৰটোৰ জৰুৰী শুনানিৰ বাবে অনুৰোধ জনায়। 
 
অধিবক্তা চন্দ্ৰচুড়ে বিচাৰপীঠক জনোৱা মতে, তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে, আৰু শুকুৰবাৰে অসম আৰক্ষীয়ে তেওঁক চমন কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ খান্নাই কয় যে, তেওঁ মৌখিক উল্লেখৰ অনুমতি নিদিয়ে আৰু স্পষ্ট কৰে যে গোচৰৰ তাৰিখৰ তালিকা নিৰ্ধাৰণ কৰা হৈছে।
 
যোৱা ১১ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুৱাহাটী আৰক্ষীয়ে ইউটিউবাৰ আল্লাহবাদিয়া, সময় ৰাইনা, আশীষ চাঞ্চলনী, যশপ্ৰীত সিং, অপূৰ্ব মাখিজা, আদিৰ বিৰুদ্ধে অশ্লীল মন্তব্য প্ৰচাৰ আৰু ইণ্ডিয়াজ গট লেটেণ্টৰ ওপৰত যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত গোচৰ ৰুজু কৰিছে। মহাৰাষ্ট্ৰ আৰু অসমত তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।