মুম্বাই
অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে দীপাৱলী উপলক্ষে সামাজিক মাধ্যমত তেওঁলোকৰ কন্যাৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰিছে। লগতে তেওঁলোকৰ কন্যাৰ নাম দোৱা পাডুকন সিং ৰখা বুলিও প্ৰকাশ কৰিছে।
দীপিকা পাডুকনে কন্যাৰ ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আৰু ছোৱালীজনীৰ নাম কিয় দোৱা ৰাখিলে সেই কথাও বুজাই দিলে।
অভিনেত্ৰীজনে লিখিছে, 'দোৱা পাডুকন সিং'। 'দোৱা' অৰ্থাৎ প্ৰাৰ্থনা। আৰু তাই আমাৰ প্ৰাৰ্থনাৰ ফল। আমাৰ হৃদয় এতিয়া প্ৰেম আৰু কৃতজ্ঞতাৰে ভৰি আছে।
ৰনবীৰ সিং আৰু দীপিকা পাডুকনে ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰথম সন্তান কন্যা সন্তানৰ অভিভাৱক হৈছিল।