যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন

Story by  atv | Posted by  Munni Begum • 2 Months ago
যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা
যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা
 
গুৱাহাটী 
 
যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হৈ আছে। সোমবাৰে পুৱা প্রায় ১০.৩০ বজাৰ পৰা তেওঁ সন্ধানহীন হৈ আছে। এইগৰাকী যশস্বী সংগীত পৰিচালকৰ সন্ধানহীনৰ খবৰে গুৱাহাটীৰ লগতে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে। একে সময়তে লতাশিল আৰক্ষী তেওঁৰ সন্ধানত নামি পৰিছে।   
 
জানিব পৰামতে, এইগৰাকী প্রসিদ্ধ শিল্পী ৰমেন বৰুৱাই পুৱা গুৱাহাটীৰ লতাশিলস্থিত বাসভৱনৰ পৰা সমীপৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল। ইয়াৰ পিচত দুপৰীয়া পর্যন্ত তেওঁ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যই শিল্পীগৰাকীৰ লগত থকা ম'বাইললৈ ফোন কৰে যদিও ছুইচ অফ পায়। এই লৈ পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে। তেওঁলোকে সম্ভাব্য সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও নিশা পর্যন্ত শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে। ঘটনা সন্দৰ্ভত ৰমেন বৰুৱাৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিল্পীগৰাকীক বিচাৰি অভিযান চলাইছে যদিওতেওঁৰ সম্ভেদ উলিয়াব পৰা নাই। 
 
উল্লেখ্য যে, প্রতিদিনে পুৱাই তেওঁ প্রাতঃভ্রমণলৈ ওলাই যায় শিল্পী ৰমেন বৰুৱা। ইয়াৰ পিচত ঘৰলৈ উভতি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি তেওঁ পুনৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই যায়। কিন্তু বিগত কেইবাদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভুগি থকাৰ হেতু প্রাতঃভ্রমণলৈ ওলাই যোৱা নাছিল। স্বাস্থ্যৰ কিছু উন্নতি ঘটাত আজি তেওঁ প্রাতঃভ্রমণলৈ ওলাই যায়। ইয়াৰ পিচত ঘৰলৈ উভতি আহি শিল্পীগৰাকী পুনৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই যোৱাৰ পাচৰে পৰাই সন্ধানহীন হৈ আছে। 
 
ইফালে ৰমেন বৰুৱাই পুৱাৰ পৰা সন্ধানহীন হৈ থকা ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই। সম্প্রতি নতুন দিল্লীত থকা মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযোগে উদ্বেগ প্রকাশ কৰিছে। তেওঁ লগতে কয় যে শিল্পীগৰাকীক বিচাৰি উলিয়াবৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক নির্দেশ দিয়া হৈছে।