জেদ্দাত অনুষ্ঠিত হোৱা লোহিত সাগৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ফাৰহান আখতাৰ আৰু তেওঁৰ দল
অজিত ৰায়
মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা দুশ কিলোমিটাৰ নিলগৰ এখন মুছলমান অধ্যূষিত চহৰ মালেগাঁও। এই চহৰখন বাতৰিৰ শিৰোনামলৈ আহিছিল যেতিয়া ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত ইয়াৰ এটা মছজিদৰ ওচৰত এখন মটৰ চাইকেলত সংস্থাপিত বোমা বিস্ফোৰণত ছয়জন লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হৈছিল।
এই ঘটনাই ভাৰতীয় ৰাজনীতিত এক নতুন শব্দ ‘হিন্দু সন্ত্ৰাসবাদ’ৰ জন্ম দিছিল। এই ঘটনাত ভূপালৰ প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰেও জেললৈ যাবলগীয়া হৈছিল। এই চহৰখন সদায় ভয়ংকৰ দৰিদ্ৰতা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ বলি হৈ আহিছে। ইয়াৰ সমান্তৰালকৈ মালেগাওঁ আন এটা কথাৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত, সেয়া হ’ল-বলীউডৰ ছবিৰ ‘স্পুফ চিনেমা’।
'ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিৰ এক দৃশ্য
প্ৰথমবাৰৰ বাবে বিশ্বৰ দৃষ্টিগোচৰ হৈছিল যেতিয়া ২০০৮ চনত মালেগাঁৱৰ এজন উৎসাহী যুৱক আৰু হিন্দী চিনেমাৰ প্ৰতি উন্মাদ ফাইজ আহমেদ খানে এখন হিন্দী তথ্যচিত্ৰ ‘ছুপাৰমেন অৱ মালেগাওঁ’ (Superboys of Malegaon) নিৰ্মাণ কৰিছিল, য’ত বলীউডৰ ছবিৰ স্পুফ চিনেমা অথবা নকল চিনেমাৰ প্ৰক্ৰিয়াটোক বিষয়বস্তু কৰি লোৱা হয়। এই ছবিখনে সমগ্ৰ বিশ্বতে বহু খ্যাতি আৰু বঁটা লাভ কৰিছিল। অৱশ্যে এই ছবিখন ভাৰতত মুক্তি পাইছিল ২০১২ চনৰ ২৯ জুনত। এতিয়া মানুহে পাহৰি গৈছে মালেগাওঁ বিস্ফোৰণ, কিন্তু মালেগাঁৱৰ স্পুফ চিনেমাৰ বিষয়ে এতিয়াও সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। নাছিৰ শ্বেইখ এই ছবিখনৰ এটা চৰিত্ৰ আছিল।
'ছুপাৰমেন অৱ মালেগাওঁ'ৰ তথ্যচিত্ৰৰ আধাৰত ৰীমা কাগতীয়ে এতিয়া ইয়াৰ মূল চৰিত্ৰ নাছিৰ শ্বেইখৰ হিন্দী বায়'পিক নিৰ্মাণ কৰিছে-'ছুপাৰ বয়ছ অৱ মালেগাওঁ'। ফাৰহান আখতাৰ, জয়া আখতাৰ আৰু ৰিতেশ সিধৱানীৰ লগতে ৰীমা কাগতীও ছবিখনৰ প্ৰযোজক হিচাপে আছে। টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত খ্যাতি অৰ্জন কৰাৰ পিছত এই ছবিখন ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত চতুৰ্থ লোহিত সাগৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল আৰু অতিশয় প্ৰশংসা লাভ কৰিছে। এইবাৰৰ এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ এইখনেই একমাত্ৰ ছবি। ইয়াত নাছিৰ শ্বেইখৰ চৰিত্ৰত অভিনয় কৰিছে আদৰ্শ গৌৰৱে, যিয়ে শ্বাহৰুখ খানৰ সৈতে কৰণ জোহৰৰ ছবি ‘মাই নেইম ইজ খান’ (২০১০)ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
‘ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিখনৰ ট্ৰেইলৰ
আদৰ্শ গৌৰৱে ২০২১ চনত অৰবিন্দ আদিগাৰ উপন্যাস ‘দ্য হোৱাইট টাইগাৰ’ৰ আধাৰত নিৰ্মিত ৰমিন বাহৰণিৰ একে নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। আদৰ্শ গৌৰৱৰ বাহিৰেও ছবিখনৰ বেছিভাগ অভিনেতাই নতুন আৰু সাধাৰণতে কোনো বিশেষ স্বীকৃতি লাভ কৰা নাই। অনুৰাগ কাশ্যপৰ ছবি ‘গেংছ অৱ ৱাছেইপুৰ’ৰ জৰিয়তে লাইমলাইটলৈ অহা বিনীত কুমাৰ সিঙকহে মানুহে চিনি পায়, যিয়ে এই ছবিখনত এগৰাকী স্বাভিমানী চিত্ৰনাট্যকাৰৰ চৰিত্ৰত বৰ ভাল অভিনয় কৰিছিল। আদৰ্শ গৌৰৱৰ অভিনয়ো চমকপ্ৰদ হৈছে। ছবিখনৰ নতুন অভিনেতাসকলেও বহুত ভাল কাম কৰিছে। ষ্টাইলাইজড হোৱাৰ পিছতো চিত্ৰগ্ৰহণ বাস্তৱিক দেখা গৈছে। মেলোড্ৰামা মাত্ৰ প্ৰয়োজনীয় আৰু ছবিখনে আপোনাক শেষলৈকে নিমগ্ন কৰি ৰাখে।
ইয়াত এইটোও উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে ইয়াৰ ৰচনা বৰুণ গ্ৰ’ভাৰ আৰু চিনেমেট’গ্ৰাফী স্বপ্নিল এছ সোণাৱন। চিনেমাৰ পৰ্দাত মালেগাঁৱৰ স্পুফ চিনেমাৰ সমগ্ৰ যুগটো পুনৰ সৃষ্টি কৰাটো আছিল এক প্ৰত্যাহ্বানমূলক কাম, যিটো বৰুণ গ্ৰ’ভাৰ আৰু ৰীমা কাগতীয়ে সফলতাৰে সম্পন্ন কৰিছে। এই ছবিখনত হিন্দী চিনেমাৰ বাবে টাউন ক্ৰেজৰ বহু কাহিনী আছে। ভাৰতৰ গাওঁ-নগৰত সিঁচৰতি হৈ থকা আৰু বলীউডৰ প্ৰতি প্ৰচণ্ড আকৰ্ষণ থকা নাছিৰ শ্বেইখ আৰু তেওঁৰ বন্ধু-বান্ধৱীৰ কাহিনী। মালেগাঁৱত ১৯৯৭ চনৰ সেই সময়খিনি যেতিয়া সৰু সৰু গাঁও আৰু চহৰত নতুন টেলিভিছন আৰু ছবিৰ ভিডিঅ’ কেছেটৰ প্ৰচলন হৈছিল। অলপ সময়ৰ ভিতৰতে সৰু সৰু ভিডিঅ’ পাৰ্লাৰ খুলি দিয়া হ’ল। যিহেতু হলিউড আৰু বলীউডৰ এই ভিডিঅ’ কেছেটবোৰ পাইৰেট (ভুৱা) আছিল, গতিকে ইয়াৰ প্ৰদৰ্শন অবৈধ আছিল।
‘ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিৰ এক দৃশ্য
নাছিৰৰ ডাঙৰ ভায়েকে মালেগাঁৱত তেনেকুৱা এখন ভিডিঅ’ পাৰ্লাৰ চলাইছিল। তেওঁ আগতে কৈছিল যে ভিডিঅ’ দুবিধ – হালাল আৰু হাৰাম। পুৰণি চিনেমাৰ ভিডিঅ’ক হালাল আৰু নতুন চিনেমাৰ পাইৰেটেড ভিডিঅ’ক হাৰাম ভিডিঅ’ বুলি অভিহিত কৰিছিল যদিও দুয়োবিধে অবৈধ। এদিন সেই ভিডিঅ’ পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাই বন্ধ কৰি দিয়ে। এই ঘটনাত নাছিৰ শ্বেইখে বৰ অপমানিত অনুভৱ কৰিছিল। ইয়াৰ পৰাই মালেগাঁৱত বলীউডৰ স্পুফ চিনেমাৰ জন্ম হয়। নাছিৰ শ্বেইখে সিদ্ধান্ত লয় যে তেওঁ মালেগাঁৱৰ ল’ৰাক ব্যৱহাৰ কৰি নিজাকৈ চিনেমা নিৰ্মাণ কৰিব।
নাছিৰ শ্বেইখৰ জীৱনৰ নিজস্ব অসুবিধা আছে। তেওঁ নিজৰ গাঁৱৰ ছোৱালী মল্লিকাক ভাল পায়, আনহাতে আন এগৰাকী ছোৱালী শ্বাবিনাই তেওঁক ভাল পায়। মল্লিকা পঢ়া-শুনাত চোকা আছিল আৰু নাছিৰ শ্বেইখ এজন সাধাৰণ ল'ৰা আছিল, যিয়ে পঢ়া-শুনা এৰি বিবাহ অনুষ্ঠানত ভিডিঅ’ ৰেকৰ্ডিঙৰ কাম কৰে। যেতিয়া শ্বেইখে এদিন মল্লিকাক বিয়া কৰাবলৈ বিচাৰে, তেতিয়া তাইৰ দেউতাকে সেই বিয়াৰ প্ৰস্তাৱ নাকচ কৰে আৰু কয় যে মুম্বাইত বাস কৰা ভাল পৰিয়াল এটাৰ সৈতে তেওঁ নিজৰ জীয়েকৰ বিয়াৰ ব্যৱস্থা কৰিছে।
‘ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিখনৰ এক দৃশ্য
বিড়ম্বনাৰ কথাটো হ’ল নাছিৰ শ্বেইখে মল্লিকাৰ বিয়াৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ ঠিকা লাভ কৰে। ইফালে, শ্বেইখৰ জেষ্ঠ ভাতৃয়ে শ্বাবিনাৰ সৈতে শ্বেইখৰ বিয়া ঠিক কৰে। শ্বাবিনাই নাছিৰ শ্বেইখৰ সৈতে এই চৰ্তত বিয়াত বহে যে নাছিৰে তেওঁক আইনৰ পঢ়া-শুনা অব্যাহত ৰাখিব দিব লাগিব। এইবোৰ কাণ্ডত আঘাত পাই নাছিৰ শ্বেইখে সিদ্ধান্ত লয় যে যিয়েই নহওঁক কিয় তেওঁ নিজাকৈ ছবি নিৰ্মাণ কৰিব-'মালেগাওঁ কা শ্বোলে'। সকলো ঠাইৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছত তেওঁ অডিচন ল’বলৈ আৰম্ভ কৰে। তেওঁ শ্বোলেৰ প্ৰকৃত চৰিত্ৰৰ নাম সলনি কৰে। যেনে- মালেগাঁৱৰ শ্বোলেত বসন্তী বাছমতী আৰু গব্বৰ সিং ৰবৰ হৈ পৰে। এতিয়া সমস্যাটো হ’ল বাছমতী চৰিত্ৰটোৰ বাবে ছোৱালী এজনী ক’ৰ পৰা পাব। মালেগাঁৱৰ কোনো ছোৱালীয়ে চিনেমাত কাম নকৰে। তেনেতে শ্বেইখে বিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি থাকোঁতে মঞ্চত নাচি গান গাই থকা তৃপ্তীক লগ পায়।
বৰ কষ্টেৰে তেওঁ অভিনয় কৰিবলৈ মান্তি হয়। এতিয়া তেওঁলোকে স্থান বিচাৰিবলৈ আৰম্ভ কৰিলে। আৰু অৱশেষত কেনেবাকৈ ছবিখন সম্পূৰ্ণ হৈ উঠে। নাছিৰ শ্বেইখৰ ভাতৃৰ ভিডিঅ’ পাৰ্লাৰত অনুষ্ঠিত হয় গ্ৰেণ্ড প্ৰিমিয়াৰ। আৰু ছবিখন ছুপাৰহিট হৈ পৰে।একেদৰে নাছিৰ শ্বেইখে বলীউডৰ বহু ছবিৰ স্পুফ কৰি বহুত টকা উপাৰ্জন কৰে। মালেগাঁৱৰ পৰা মুম্বাইলৈকে তেওঁ বিখ্যাত হৈ পৰে। ইয়াৰ পৰাই তেওঁৰ জীৱনৰ সংকট আৰম্ভ হয়। তেওঁৰ বন্ধুসকলে অনুভৱ কৰে যে সকলোৱে একেলগে ছবি নিৰ্মাণ কৰে, কিন্তু ধন আৰু খ্যাতি কেৱল নাছিৰ শ্বেইখেহে পাইছে। তেওঁৰ সকলো বন্ধুৱে এজন এজনকৈ তেওঁৰ পৰা বিচ্ছিন্ন হৈ পৰে।
‘ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিখনৰ এক দৃশ্য
এটা কাহিনী সাহিত্যিক কবি ফাৰুক (বিনীত কুমাৰ সিং)ৰ বিষয়ে, যিয়ে মুম্বাইলৈ গৈ এজন ডাঙৰ চিত্ৰনাট্যকাৰ হ’ব বিচাৰে। স্থানীয় বাতৰি কাকতত তেওঁ সাহিত্যৰ ওপৰত সাপ্তাহিক স্তম্ভ লিখে। নাছিৰ শ্বেইখক তেওঁ চিত্ৰনাট্যও দিছে যদিও তাৰ পৰিৱৰ্তে নাছিৰে আন ধৰণৰ ব্যৱসায়িক ছবি নিৰ্মাণ কৰে। শ্বাফিকৰ হৃদয় ভাঙি যায়, যেতিয়া এদিন ঘৰলৈ উভতি আহি তেওঁ গম পায় যে তেওঁৰ সতীয়া মাকে তেওঁৰ স্তম্ভবোৰ প্ৰকাশ পোৱা সকলো বাতৰি কাকত বিক্ৰী কৰি পেলাইছে, যিবোৰক তেওঁ নিজৰ সম্পত্তি বুলি গণ্য কৰি অতি কষ্টেৰে সাঁচি ৰাখিছিল। তাৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায়। তাতো তেওঁ বিফলতাৰ সন্মুখীন হয় আৰু এদিন দেউতাকৰ মৃত্যুৰ পিছত ভাগৰুৱা আৰু ক্লান্ত হৈ পুনৰ মালেগাঁৱলৈ উভতি যায়।
আনহাতে, তৃপ্তীৰ কাহিনীও বেলেগ। নায়িকা হোৱাৰ সপোন দেখি তেওঁ শ্ৰীদেৱীৰ লগত নিজকে তুলনা কৰি থাকে। বাস্তৱত স্বামীয়ে অত্যাচাৰ কৰে আৰু দৈনিক প্ৰহাৰ কৰে। ছবিখনৰ শ্বুটিঙৰ সময়ত তৃপ্তী নাছিৰ শ্বেইখৰ বন্ধু ছফিকৰ প্ৰেমত পৰে। তাৰ পিছত ধৰা পৰে যে ছফিকৰ কেন্সাৰ হৈছে। আনহাতে, মুম্বাইত কিছু সফলতা অৰ্জন কৰা মালেগাঁৱৰ অভিনেতা আছিফ আলবেলাৰ চিত্ৰনাট্যৰ আধাৰত নাছিৰ শ্বেইখে ছবি নিৰ্মাণ কৰাত সমস্যাৰ সন্মুখীন হয় আৰু ছবিখন বেয়াকৈ ফ্লপ হয়। নাছিৰ শ্বেইখৰ সকলো টকা অপচয় হয় আৰু এতিয়া তেওঁ নিজৰ ভুলটো উপলব্ধি কৰিছে।
‘ছুপাৰ বয়ছ অৱ মালেগাওঁ’ ছবিখনৰ পোষ্টাৰ
মালেগাঁৱত ২০০৪ চনৰ কথা। বহুত সলনি হৈছে। ছফিকৰ কৰ্কট ৰোগৰ চিকিৎসাৰ অজুহাতত পুনৰ লগ হয় বন্ধু-বান্ধৱী। সাহিত্যিক ফাৰুকৰ আৰ্থিক অৱস্থা অতি বেয়া। এটা মৰ্মস্পৰ্শী দৃশ্যত তেওঁ নাছিৰ শ্বেইখৰ পৰা সুৰাৰ বাবে ৭০ টকা বিচাৰে। নাছিৰে কয় যে তেওঁ সুৰাৰ বাবে ধন দিব নোৱাৰে। তথাপি, দয়া কৰি দিয়ে। এই পৰিস্থিতিৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি সেই লৈ সকলো বন্ধু চিন্তিত হৈ আছিল। এদিন লেখকে ফাৰুক নাছিৰক অতি গুৰুত্বপূৰ্ণ কথা এটা কয়- "নাছিৰ, আপুনি ভাৰতীয় চিনেমাৰ ইতিহাসত এটা পৃষ্ঠা সংযুক্ত কৰিলে।" তেওঁ আৰু কয়,"আমাৰ বহু বন্ধুৱে অভিনেতা হ'ব বিচাৰিছিল যদিও নোৱাৰিলে। মোৰ হাতত চিত্ৰনাট্য আছে। আহক আমি নিজাকৈ এখন ছবি বনাওঁ- "ছুপাৰমেন অৱ মালেগাওঁ।"
এইদৰে নাছিৰ শ্বেইখে নতুন পথ বিচাৰি পায়। এই ছবিখনৰ বাবে তেওঁ প্ৰস্তুতি আৰম্ভ কৰে। খঙাল বন্ধু এজনক খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ পতিয়ন নিয়ালে। তেওঁৰ পত্নীয়ে আইনী কাম-কাজৰ পৰা উপাৰ্জন কৰা সকলো সঞ্চয় তেওঁৰ হাতত গতাই দিয়ে। আদালতৰ পৰা বিবাহ বিচ্ছেদ দি তেওঁ তৃপ্তীকো মুক্ত কৰে। নাছিৰে নাছিকৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা তেওঁৰ কৰ্কট ৰোগত আক্ৰান্ত বন্ধু ছফিকক ছুপাৰমেনৰ চৰিত্ৰত বাছি লয়।
সমস্যাটো হ’ল ডাক্তৰ অবিহনে তেওঁক কেনেকৈ শ্বুটিং স্থানলৈ লৈ যাব পাৰি। প্ৰথমতে ডাক্তৰে তেওঁৰ লগত যাবলৈ অস্বীকাৰ কৰে। নাছিৰে তেওঁক ছুপাৰমেনৰ পিতৃৰ চৰিত্ৰটোৰ প্ৰস্তাৱ দিয়ে। চিনেমাত চৰিত্ৰ পোৱাৰ আশাত ডাক্তৰ মান্তি হয়। এইদৰে, মালেগাঁৱৰ এই যুৱকসকলে এতিয়া স্থানীয় সম্পদ আৰু সা-সঁজুলিৰে চিনেমাৰ শ্বুটিং কৰে আৰু ইতিহাস ৰচনা কৰিছে। ছবিখনৰ শেষত ষ্টিভেন স্পিলবাৰ্গৰ মহান ছবি ‘শ্বিণ্ডলাৰ লিষ্ট’ৰ দৰে এই কাহিনীৰ প্ৰকৃত চৰিত্ৰৰ লগতে নিজৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাসকলৰো পৰিচয় দিয়া হৈছে।