মুক্তিৰ বাবে সাজু ফাৱাদ খানৰ ‘দ্য লিজেণ্ড অৱ মৌলা জাট’; এটা দশকৰ পাছত ভাৰতীয় ছবিগৃহত প্ৰদৰ্শিত হ’ব পাকিস্তানী ছবি

Story by  atv | Posted by  [email protected] • 15 h ago
দ্য লিজেণ্ড অৱ মৌলা জাটৰ পোষ্টাৰ
দ্য লিজেণ্ড অৱ মৌলা জাটৰ পোষ্টাৰ
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

২০২২ চনত মুক্তি পাবলগীয়া পাকিস্তানী তাৰকা ফাৱাদ খান আৰু মাহিৰা খান অভিনীত ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ (The Legend of Maula Jatt) এতিয়া ভাৰতীয় ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। পৰিচালক বিলাল লছাৰী আৰু মাহিৰাই তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এই আপডেট শ্বেয়াৰ কৰিছে।
 
বিলালে লিখিছে, "২ অক্টোবৰ, বুধবাৰে ভাৰতৰ পঞ্জাৱত মুক্তিৰ বাবে সাজু হৈছে দ্য লিজেণ্ড অৱ মৌলা জাট। দুবছৰৰ পিছতো পাকিস্তানত শনি আৰু দেওবাৰে এতিয়াও হাউচফুল হৈ আছে। এতিয়া, আমাৰ ভাৰতৰ পাঞ্জাবী দৰ্শকে এই প্ৰেমৰ যাদু অনুভৱ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে।"
ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি ইনষ্টাগ্ৰাম ষ্ট’ৰীত মহিৰাই নিজৰ সুখ প্ৰকাশ কৰি লিখিছে, "বলক, এতিয়া ভাৰতলৈ যাও।"
উল্লেখ্য যে, ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ ভাৰতীয় ছবিগৃহত মুক্তি পোৱা প্ৰথমখন পাকিস্তানী ছবি হিচাপে পৰিগণিত হ’ব। ই পাকিস্তানী ক্লাছিক ছবি মৌলা জাটৰ পুনৰ্নিৰ্মাণ। ছবিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে নিৰ্দয় গেং নেতা হামজা আলী আব্বাছীয়ে অভিনয় কৰা নুৰী নাট আৰু স্থানীয় নায়ক মৌলা জাট (ফাৱাদ খানে অভিনয় কৰা)ৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
 
ছবিখনৰ মুক্তিয়ে ভাৰতীয় অনুৰাগীসকলক অতিশয় উৎসাহিত কৰি তুলিছে। বহু দিনৰ মূৰত তেওঁলোকে পাকিস্তানী ছবি এখন ডাঙৰ পৰ্দাত উপভোগৰ সুযোগ লাভ কৰিব।
 

 

২০১৬ চনত উৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত কৰ্মৰত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পাকিস্তানী শিল্পীয়ে ভাৰতত কণ্ঠদান কৰা বা কাম কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা আবেদন নাকচ কৰিছিল।

ইয়াৰ পূৰ্বে ফাৱাদ আৰু মহিৰা দুয়োগৰাকীয়ে ভাৰতীয় চিনেমাত কাম কৰিছিল। ফাৱাদে ‘এ দিল হায় মুছকিল’ আৰু ‘খুবছুৰ’ৰ দৰে ছবিৰ অংশ আছিল। একেদৰে, শ্বাহৰুখ খানৰ সৈতে ‘ৰায়েছ’ (Raees) ছবিৰ জৰিয়তে বলীউডত অভিষেক ঘটিছিল অভিনেত্ৰী মাহিৰাৰ।