আৱাজ দ্য ভইচ অসম ব্যুৰ'
অনুৰাধা পালৰ বাবে তবলা কিংবদন্তী উস্তাদ জাকিৰ হুছেইনৰ মৃত্যু এক ডাঙৰ ব্যক্তিগত ক্ষতি। বিশ্বৰ প্ৰথম পেছাদাৰী মহিলা তবলাবাদক হোৱাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰা অনুৰাধা পালে হুছেইনৰ অধীনত প্ৰশিক্ষণ লৈছিল আৰু তেওঁৰ মৃত্যুত এতিয়াও স্তম্ভিত হৈ আছে।
“জাকিৰ মহাশয় মোৰ গুৰু, পিতৃ, ভাই আৰু বন্ধু আছিল। মোৰ যেতিয়া বয়স পাঁচ বছৰ হৈছিল, তেতিয়া মই তেওঁক লগ পাইছিলো। মই মোৰ পৰিয়ালৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত তবলা বজাই থাকোতে জাকিৰ হুছেইনক প্ৰথম লগ পাইছিলো। তবলা বজাই থকা দেখি তেওঁ মোক সুধিছিল যে মই ডাঙৰ হ'লেও তবলা বজাব বিচাৰো নেকি? মই তেতিয়া কৈছিলো যে, হয় মই তবলা বজাব বিচাৰো। সেয়ে তেওঁ মোক কোলাত বহিবলৈ দিলে আৰু তবলাত হাত থৈ ইয়াৰ মূল কথাবোৰ শিকালে। তেনেকৈয়ে আৰম্ভ হৈছিল তবলাবাদক হিচাপে মোৰ যাত্ৰা। মোৰ আনুষ্ঠানিক প্ৰশিক্ষণ আব্বা জী (উস্তাদ আল্লাৰাখা খান; তবলা কিংবদন্তী জাকিৰ হুছেইনৰ পিতৃ) আৰু জাকিৰ ভাই দুয়োৰে সৈতে চলি থাকিল আৰু মই তেওঁলোকৰ গণ্ডা-বন্ধনৰ শিষ্য হৈ পৰিলোঁ।’ ১৫ ডিচেম্বৰত মৃত্যু হোৱা হুছেইনৰ বিষয়ে এইদৰে কয় অনুৰাধা পালে।
অনুৰাধা পালে তবলা পৰিবেশন কৰা এক মূহুৰ্ত
তেওঁ আৰু কয় “তেওঁ মোক যিদৰে শিকাইছিল, সেয়া মোৰ বাবে এক যুগমীয়া স্মৃতি। তেওঁৰ সৈতে সংগীত, তবলা আৰু জীৱনক লৈ হোৱা সকলো কথা-বতৰা সদায় মোৰ লগত থাকিব। ভাৰতীয় শাস্ত্ৰীয় সংগীত ইম্প্ৰভাইজেচন আৰু স্বতঃস্ফূৰ্ততাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আৰু তেওঁ সংগীত আৰু তবলাৰ ক্ষেত্ৰত মোক যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিকাইছিল।
কনচাৰ্টৰ পিছত যেতিয়া মই তেওঁৰ চৰণ স্পৰ্শ কৰিছিলো, তেতিয়া তেওঁ মোক এটা কম্পোজিচন দিছিল আৰু পিছদিনা পুৱালৈকে সেইটো সাজু হ’ব বুলি আশা কৰিছিল। ইয়াৰদ্বাৰা তেওঁ বিচাৰিছিল যে মই গোটেই নিশা অনুশীলন কৰো। মই সকলো কনচাৰ্টৰ ৰেকৰ্ডিং তেওঁলৈ পঠাই দিছিলো। তেওঁ সেইবোৰ শুনিছিল আৰু মোক সেই সন্দৰ্ভত সঠিক মতামত আৰু প্ৰয়োজন অনুসৰি দিহা-পৰামৰ্শ দিছিল।”
অনুৰাধা পালে লগতে কয় যে পুৰুষ প্ৰধান তবলা ক্ষেত্ৰখনত তেওঁক উজ্জ্বল কৰি তোলাত জাকিৰ হুছেইনে ডাঙৰ ভূমিকা পালন কৰিছিল। “তেওঁ জানিছিল যে সংগীতজ্ঞ পৰিয়ালৰ ছোৱালী নহয় যিহেতু পুৰুষ প্ৰধান ক্ষেত্ৰ এখনত ছোৱালী হিচাপে মোৰ বাবে সফলতা অৰ্জন কৰাটো কঠিন হ’ব। সেয়েহে নিজৰ সংগীতৰ জৰিয়তে তেওঁ মোৰ মনটোক হাজাৰটা সম্ভাৱনাৰ প্ৰতি মুকলি কৰি দিলে। ১৯৯১ চনত লিমকা বুক অৱ ৰেকৰ্ডছে মোক বিশ্বৰ প্ৰথমগৰাকী মহিলা পেছাদাৰী তবলাবাদক হিচাপে ঘোষণা কৰাৰ সময়ত তেওঁ বহুত গৌৰৱ অনুভৱ কৰিছিল। মই এগৰাকী মহিলা হোৱাৰ বাবেই মোৰ প্ৰতি তেওঁ গৌৰৱবোধ কৰিছিল, এনে নহয়। কেৱল তেওঁৰ আশা পূৰণ কৰিব পৰাৰ বাবে তেওঁ যথেষ্ট সুখী আছিল।"-অনুৰাধা পালে কয়।
এক অনুষ্ঠানত তবলা পৰিবেশন কৰিছে তবলাবাদক অনুৰাধা পালে
উল্লেখ্য যে, মুম্বাইত জন্মগ্ৰহণ কৰা অনুৰাধা পালৰ দেউতাক দেৱীন্দৰ পাল আছিল ঔষধ উদ্যোগৰ এগৰাকী পেছাদাৰী আৰু মাক ইলা পাল চিত্ৰশিল্পী আৰু সাহিত্যিক। তেওঁ পঞ্জাৱ ঘৰানাৰ তবলাৰ মাষ্টৰ উস্তাদ আল্লা ৰাখা আৰু উস্তাদ জাকিৰ হুছেইনৰ অধীনত তবলাৰ প্ৰশিক্ষণ লৈছিল।
প্ৰশিক্ষক আল্লা ৰাখাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে তেওঁ ২০১৮ চনত ২১৭ তবলাবাদকক একেখন মঞ্চত একগোট কৰি এক অতুলনীয় অনুষ্ঠান পৰিৱেশন কৰিছিল। ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে WOMAD আৰু Przystanek Woodstock উৎসৱত কণ্ঠদান কৰা প্ৰথম আৰু কনিষ্ঠ মহিলা ভাৰতীয় সংগীতজ্ঞ হিচাপে ডব্লিউ চি ডি মন্ত্ৰালয়ৰ ফাৰ্ষ্ট লেডিজ বঁটা (Ministry of WCD First Ladies Award') প্ৰদান কৰে।