চিকিৎসাৰ বাবে Health Insurance কোম্পানীৰ পৰা কিমান ধন claim কৰিছে অভিনেতা ছাইফ আলী খানে

Story by  atv | Posted by  [email protected] • 4 h ago
অভিনেতা ছাইফ আলী খান
অভিনেতা ছাইফ আলী খান
 
মুম্বাই

দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত হৈ বৃহস্পতিবাৰে মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি হোৱা জনপ্ৰিয় অভিনেতা ছাইফ আলী খান ক্ৰমাত সুস্থ হৈ উঠিছে। জৰুৰীকালীন অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকে নিশ্চিত কৰিছে যে ছাইফ এতিয়া বিপদমুক্ত যদিও চিকিৎসকৰ পৰ্যবেক্ষণত আছে। এনে সময়তে অভিনেতাগৰাকীৰ স্বাস্থ্য বীমাৰ ক্লেইমৰ সবিশেষ টুইটাৰত ফাদিল হোৱাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ছাইফ আলী খানৰ ব্যক্তিগত গোপনীয়তা ভংগ হোৱাক লৈ ক্ষোভৰ সৃষ্টি হৈছে।
 
উল্লেখ্য যে, ছাইফ নিভা বুপা স্বাস্থ্য বীমাৰ পলিচিধাৰী (Niva Bupa Health Insurance)। খবৰ অনুসৰি ফাদিল হোৱা নথিখনত ​​দেখা গৈছে যে ছাইফে তেওঁৰ চিকিৎসাৰ বাবে ৩৫.৯৫ লাখ টকা বীমা কোম্পানীৰ পৰা দাবী কৰিছে আৰু ইতিমধ্যে ২৫ লাখ টকা বীমা কোম্পানীয়ে তেওঁৰ নামত অনুমোদন জনাইছে। নথিখনত ​​তেওঁৰ মেম্বাৰ আইডি, ডাইগন'ছিছ, ৰুম কেটেগৰী, আৰু ডিচচাৰ্জৰ সম্ভাব্য তাৰিখ (২১ জানুৱাৰী)কে ধৰি কেইবাটাও স্পৰ্শকাতৰ তথ্যও প্ৰকাশ পাইছে।
 
এক বিবৃতিত নিভা বুপা (Niva Bupa) কোম্পানীয়ে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কয়, "অভিনেতা ছাইফ আলী খানৰ সৈতে সংঘটিত শেহতীয়া দুৰ্ভাগ্যজনক ঘটনাটোক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। আমি তেওঁৰ আশু আৰু নিৰাপদ আৰোগ্য কামনা কৰিছো। খান ডাঙৰীয়া আমাৰ অন্যতম পলিচিধাৰী। তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগে লগে আমালৈ নগদবিহীন প্ৰি-অথৰাইজেচনৰ অনুৰোধ পঠিওৱা হৈছিল, আৰু আমি চিকিৎসা আৰম্ভ কৰিবলৈ প্ৰাৰম্ভিক ধনৰ অনুমোদন জনাইছো। আমি চূড়ান্ত বিলসমূহ চিকিৎসাৰ পিছত লাভ কৰিলে, পলিচী টাৰ্ম আৰু কণ্ডিচনছ অনুসৰি ইয়াক নিষ্পত্তি কৰা হ’ব। এই দুখজনক সময়ত আমি খান ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ সৈতে থিয় দিছো।"
ছাইফ আলী খান বা তেওঁৰ পৰিয়ালে ফাদিল হোৱা স্বাস্থ্য বীমাৰ সবিশেষ ৰাজহুৱাভাৱে এতিয়ালৈকে সম্বোধন কৰা নাই। 
 
ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে শুকুৰবাৰে আশ্বাস দিয়ে যে ছাইফ আলী খানক ছুৰীৰে আঘাত কৰা গোচৰত আৰক্ষীয়ে উল্লেখযোগ্য সূত্ৰ সংগ্ৰহ কৰিছে আৰু অতি সোনকালে দোষীক গ্ৰেপ্তাৰ কৰা হ'ব। নাগপুৰত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহ বিভাগো চোৱাচিতা কৰা ফাডনৱিছে কয় যে, “আৰক্ষীৰ তদন্ত চলি আছে। তেওঁলোকে বহু শুংসূত্ৰ পাইছে আৰু মই অনুভৱ কৰোঁ যে আৰক্ষীয়ে অতি সোনকালে দোষীক কৰায়ত্ত কৰিব।”