আইফা এৱাৰ্ড ২০২৪: ছুপাৰষ্টাৰ শ্বাহৰুখ খানলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান; ৰাণী মুখাৰ্জী শ্ৰেষ্ঠ অভিনেত্ৰী

Story by  atv | Posted by  [email protected] • 24 d ago
আইফা বঁটা প্ৰদান অনুষ্ঠানত  ছুপাৰষ্টাৰ শ্বাহৰুখ খান
আইফা বঁটা প্ৰদান অনুষ্ঠানত ছুপাৰষ্টাৰ শ্বাহৰুখ খান
 
আৱাজ দ্য ভইচ/আবুধাবি

বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে শনিবাৰে আবুধাবিত অনুষ্ঠিত আইফা বঁটা প্ৰদান ( IIFA 2024 Awards) অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰে। ‘জাৱান’ ছবিত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁক এই বঁটা আগবঢ়োৱা হয়। 

বঁটা গ্ৰহণ কৰাৰ সময়ত শ্বাহৰুখে ছবি নিৰ্মাতা মণিৰত্নমৰ ভৰি স্পৰ্শ কৰে আৰু প্ৰখ্যাত সংগীত পৰিচালক এ আৰ ৰহমানক আলিংগন কৰে। কিং খান নামেৰে জনপ্ৰিয় জনপ্ৰিয় অভিনেতাগৰাকীয়ে ২০২৩ চনৰ জানুৱাৰী মাহত সিদ্ধাৰ্থ আনন্দৰ ‘পাথান’ ছবিৰে দীৰ্ঘদিনৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহিছিল। ছবিখনত শ্বাহৰুখে একচন অৱতাৰ ধাৰণ কৰি সকলোকে আচৰিত কৰি তুলিছিল।
 
ছবিখনে বক্স অফিচত বহু অভিলেখ ভংগ কৰে আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত নাম পঞ্জীয়ন কৰাত সফল হয়। ‘জিৰ’ আৰু ‘জব হেৰী মেট চেজল’ৰ দৰে ফ্লপ ছবিৰ পিছত চাৰি বছৰৰ বিৰতিৰ পিছত শ্বাহৰুখৰ এইখনেই আছিল প্ৰথমখন হিট ছবি।
 
উল্লেখ্য যে, ‘পাথান’ৰ পিছত ছেপ্টেম্বৰ মাহত ‘জাৱান’ ছবিৰে ছবিগৃহলৈ ঘূৰি আহিছিল শ্বাহৰুখ খান। এই ছবিখনত শ্বাহৰুখক আকৌ এবাৰ একচন অৱতাৰত দেখা গ’ল। এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয়।
‘জাৱান’-এ বক্স অফিচৰ সফলতাক পুনৰ সংজ্ঞায়িত কৰিছে। মনোৰঞ্জনমূলক কাহিনী আৰু শ্বাহৰুখৰ দুৰ্দান্ত অভিনয়ে দৰ্শকক মোহিত কৰিছে আৰু অনেক অভিলেখ স্থাপন কৰে। ৭ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনত শ্বাহৰুখে প্ৰথমবাৰৰ বাবে পৰিচালক এটলীৰ সৈতে কাম কৰিছিল। ছবিখনত অভিনয় কৰিছে নয়নতৰা, প্ৰিয়মণি, সন্যা মালহোত্ৰা, ৰিদ্ধি ডোগ্ৰা, লহৰ খান, গিৰিজা অক আৰু সঞ্জীতা ভট্টাচাৰ্যই।
 
আই আই এফ এৰ কথা কওঁতে আয়োজক শ্বাহৰুখ খানে তেওঁৰ সহ-আয়োজক বিকি কৌশল আৰু কৰণ জোহৰক লগত লৈ তেওঁৰ ছুপাৰহিট গীত ‘ঝুমে জো পাঠান’ত নৃত্য কৰি উপস্থিত দৰ্শকক মনোৰঞ্জন দিয়ে। আবুধাবিত অনুষ্ঠিত হোৱা আই আই এফ এ এৱাৰ্ডছ ২০২৪ৰ মঞ্চত এই ত্ৰিমূৰ্তিৰ উপস্থিতিয়ে দৰ্শকক আপ্লুত কৰে। 
 
উল্লেখ্য যে, দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ তামিল, তেলেগু, মালয়ালম আৰু কানাড়া আদিৰ বাবে উৎসৰ্গিত অনুষ্ঠান আইআইএফএ উৎসৱৰ জৰিয়তে ২৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া এই মহোৎসৱ আৰম্ভ হয়।
 
২৯ ছেপ্টেম্বৰৰ নিশা আইআইএফএ ২০২৪ৰ সামৰণি অনুষ্ঠানত হানি সিং, শিল্পা ৰাও আৰু শংকৰ-এহছান-লয়ৰ দৰে শিল্পীয়ে দৰ্শকৰ বাবে লাইভ অনুষ্ঠান পৰিৱেশন কৰিব।
অনুষ্ঠানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে এনিমেল-এ। ছবিখনত অভিনয় কৰিছিল ৰণবীৰ কাপুৰে। এনিমেলৰ হৈ হৈ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা আৰু প্ৰযোজক ভূষণ কুমাৰে এই বঁটা গ্ৰহণ কৰে। 
 
অভিনয় শাখাত শ্বাহৰুখ খানে জাৱান ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ বিপৰীতে ৰাণী মুখাৰ্জীয়ে মিচেছ চেটাৰ্জী বনাম নৰৱে (Mrs Chatterjee vs Norway) ছবিখনত এগৰাকী দৃঢ়প্ৰতিজ্ঞ মাতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।
 
আই পি এছ বিষয়া মনোজ শৰ্মাৰ (বিক্ৰান্ত মেছিয়ে অভিনয় কৰা) প্ৰেৰণাদায়ক যাত্ৰাৰ আধাৰত নিৰ্মিত বায়’পিক 12th Fail-ৰ বাবে বিধু বিনোদ চোপ্ৰাই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে।


শেহতীয়া খবৰ