আৱাজ দ্য ভইচ অসম ব্যুৰ'
বছৰ বছৰ ধৰি ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰীড়া উদ্যোগ ক্ষেত্ৰখনে কেইবাটাও সীমান্ত অতিক্ৰম কৰা প্ৰেম কাহিনীৰ সাক্ষী হৈ আহিছে। কেতিয়াবা যদি ভাৰতীয় তাৰকাসকলে পাকিস্তানত নিজৰ প্ৰেম বিচাৰি পাইছে, কেতিয়াবা আকৌ পাকিস্তানৰ তাৰকাসকলে ভাৰতৰ মাটিত প্ৰেম বিচাৰি পাইছে।
এই সম্পৰ্কবোৰৰ কিছুমানে সময়ৰ পৰীক্ষাত থিয় দিছে যদিও আন কিছুমান সম্পৰ্কৰ কৰুণ পৰিসমাপ্তি ঘটিছে। ভাৰতীয় আৰু পাকিস্তানী চেলিব্ৰিটিৰ মাজত হোৱা এনে কিছুমান চৰ্চিত ৰোমাঞ্চৰ ওপৰত আজি আমি চকু ফুৰাওঁ আঁহক।
১/ ছলমান খান আৰু ছমী আলী
৯০ৰ দশকত পাকিস্তানী অভিনেত্ৰী ছমী আলীৰ সৈতে ছলমান খানৰ সম্পৰ্ক চৌদিশে চৰ্চাৰ বিষয় আছিল। খবৰ অনুসৰি, ছমী ছলমানৰ ঘৰত বাস কৰিছিল আৰু ১৯৯৯ চনত সম্পৰ্ক ছেদ হোৱাৰ পূৰ্বে তেওঁলোকে আঠ বছৰতকৈও অধিক সময় ডেটিং কৰিছিল। অভিযোগ অনুসৰি ছলমানৰ মদ্যপান সম্পৰ্কীয় সমস্যা আৰু আৱেগিক আচৰণৰ বাবেই তেওঁলোকৰ বিচ্ছেদ ঘটিছিল।
২/ জীনাত আমান আৰু ইমৰাণ খান
৭০ৰ দশকত বলীউডৰ মোহময়ী অভিনেত্ৰী ডিভা জীনাত আমান আৰু পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অৱশ্যে তেওঁলোকৰ প্ৰেম কাহিনী সুখেৰে অন্ত নপৰিল আৰু অৱশেষত তেওঁলোকে নিজৰ নিজৰ বাটেৰে জীৱনটো আগুৱাই লৈ যায়।
জীনাত আমান আৰু ইমৰাণ খান
৩/ ছানিয়া মিৰ্জা আৰু শ্বোৱাইব মালিক
ভৌগোলিক বাধা অতিক্ৰম কৰি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱাইব মালিকে ২০১০ চনৰ ১২ এপ্ৰিলত বহু বিতৰ্কৰ মাজতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৮ চনত তেওঁলোকে পুত্ৰ ইঝান মিৰ্জা মালিকক পৃথিৱীলৈ আদৰণি জনাইছিল যদিও ২০২৪ চনত ছানিয়া-শ্বোৱাইবৰ সম্পৰ্কৰ অন্ত পৰে।
৪/ ইমতিয়াজ আলী আৰু ইমন আলী
প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ইমতিয়াজ আলীয়ে পত্নীৰ সৈতে বিচ্ছেদ ঘটাই পাকিস্তানী মডেল তথা অভিনেত্ৰী ইমন আলীৰ মাজত প্ৰেম বিচাৰি পাইছিল। দম্পতীহালৰ প্ৰেম ইমানেই গভীৰ আছিল যে তেওঁলোকে একেলগে দিল্লীৰ নিজামুদ্দিন দৰগাহলৈও গৈছিল। কিন্তু দুবছৰ প্ৰেমৰ সম্পৰ্কৰ পিছত তেওঁলোকৰ বিচ্ছেদ ঘটে।
ইমন আলীৰ সৈতে ইমতিয়াজ আলী
৫) অমৃতা ৰাও আৰু ফাৰহান ছাইদ
'বিবাহ' আৰু 'মেইন হুন না'ৰ দৰে ছবিৰ বাবে পৰিচিত বলীউডৰ অভিনেত্ৰী অমৃতা ৰাও ২০০৮ চনত জাল বেণ্ড (Jal band)ৰ মুখ্য কণ্ঠশিল্পী ফাৰহান ছাইদৰ প্ৰেমত পৰিছিল। মিউজিক ভিডিঅ’ৰ শ্বুটিং কৰি থকাৰ সময়তে দুয়ো প্ৰথমবাৰৰ বাবে লগ পাইছিল আৰু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক গাঢ় হৈ উঠে। কিন্তু কিছু বছৰ পিছত তেওঁলোকৰো সম্পৰ্কৰ অন্ত পৰে।
৬) ৰেখা আৰু ইমৰাণ খান
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানে বলীউডৰ কিংবদন্তি অভিনেত্ৰী ৰেখাৰ সৈতেও এক সম্পৰ্কত আছিল বুলি বাতৰি প্ৰকাশ পাইছিল। ১৯৮৫ চনত এখন বাতৰি কাকতৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে ইমৰানে ৰেখাক বিয়া কৰাবলৈ সাজু হৈছে। দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল, আনকি ৰেখাৰ মাকেও তেওঁলোকৰ সম্পৰ্কত অনুমতি দিছিল। কিন্তু তেওঁলোকে কেতিয়াও প্ৰেমক বাস্তৱ ৰূপ দিয়াৰ পদক্ষেপ লোৱা দেখা নগ'ল।
আদনান ছামি আৰু জেবা বখতিয়াৰ
৭) আদনান ছামি আৰু জেবা বখতিয়াৰ
১৯৯৩ চনত পাকিস্তানী অভিনেত্ৰী জেবা বাখটিয়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় গায়ক তথা সংগীতজ্ঞ আদনান ছামি। পাকিস্তানী ছবি 'সৰগম'ত একেলগে অভিনয় কৰা দম্পতিহালে ১৯৯৪ চনত পুত্ৰ আজানক সংসাৰলৈ আদৰণি জনায়। কিন্তু ১৯৯৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে আৰু পুত্ৰৰ আইনী অধিকাৰক লৈ আদালতৰ মজিয়াত যুঁজ হয়।
এই প্ৰেমৰ কাহিনীবোৰৰ কিছুমানৰ সুখেৰে অন্ত পৰাৰ বিপৰীতে আন কিছুমান কাহিনী সময়ৰ লগে লগে ম্লান হৈ পৰে। তথাপিও এইবোৰ মনোৰঞ্জনৰ জগতৰ কিছুমান আটাইতকৈ ৰোমাঞ্চকৰ প্ৰেম কাহিনী হৈয়েই আছে।