কেৰালা অষ্টম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দ্বিতীয় শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ 'আইৰন গার্লছ'ৰ

Story by  atv | Posted by  Munni Begum • 15 h ago
 'আইৰন গার্লছ'ৰ পোষ্টাৰ
'আইৰন গার্লছ'ৰ পোষ্টাৰ
 
গুৱাহাটী 
 
কেৰালাত যোৱা ১০ জানুৱাৰীৰ পৰা ৪০ খন দেশৰ অংশগ্রহণেৰে অনুষ্ঠিত অষ্টম আন্তঃৰাষ্ট্ৰীয় ফ'কল'ৰ চলচ্চিত্র মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত 'আইৰন গাৰ্লছ' নামৰ চলচ্চিত্ৰখনে। এই চলচ্চিত্র মহোৎসৱত 'আইৰন গার্লছ'-এ লাভ কৰিছে দ্বিতীয় শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ। 
 
ভাৰতীয় পোনোৰামাৰ প্রতিযোগিতা শিতানত ৰাজেন দাস পৰিচালিত 'আইৰন গার্লছ'লৈ দ্বিতীয় শ্রেষ্ঠ ছবিৰ খিতাপ ঘোষণা কৰিছে জুৰী মণ্ডলীয়ে। বৃহস্পতিবাৰে নিশা কেৰালাৰ থিচুৰস্থিত প্রখ্যাত ৰামকৃষ্ণ থিয়েটাৰত অনুষ্ঠিত বঁটা প্রদান আৰু সামৰণী অনুষ্ঠানত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র 'আইৰন গাৰ্লছ'ক দ্বিতীয় শ্রেষ্ঠ ছবি হিচাপে ঘোষণা কৰা হয়।
 
ইয়াৰ পৰিপ্ৰেক্ষিতত 'আইৰন গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হয় বিজয়ী ট্ৰ'ফী, প্রমাণপত্র আৰু ২৫,০০০ টকা। সামৰণী অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাত ভিডিঅ' কনফাৰেন্সৰ যোগেদি বঁটা গ্রহণ কৰিছে দাসে। 
 
ভাৰতীয় পেনোৰামা শাখাত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে দক্ষিণৰ প্ৰসিদ্ধ পৰিচালক মধুসূদন পৰিচালিত মালয়ালম চলচ্চিত্র 'থিপান্নাকম'-এ। উল্লেখ্য যে, এই চলচ্চিত্র মহোৎসৱত ৪০ খন দেশৰ লোক- সংস্কৃতি বিষয়ক চলচ্চিত্র প্রদর্শন কৰা হয়।