ভাৰতীয় চিনেমাৰ 'মোষ্ট প্ৰ'লিফিক ফিল্ম ষ্টাৰ' হিচাপে গিনিজ অভিলেখ গঢ়িলে মেগাষ্টাৰ চিৰঞ্জীৱীয়ে

Story by  atv | Posted by  Munni Begum • 1 Months ago
আমিৰ খান আৰু গিনিজ ৰেকৰ্ডছ দলৰ এজন সদস্যই মেগাষ্টাৰ চিৰঞ্জীৱীক 'মোষ্ট প্ৰ'লিফিক ফিল্ম ষ্টাৰ' সন্মান প্ৰদান কৰাৰ এক মূহুৰ্ত
আমিৰ খান আৰু গিনিজ ৰেকৰ্ডছ দলৰ এজন সদস্যই মেগাষ্টাৰ চিৰঞ্জীৱীক 'মোষ্ট প্ৰ'লিফিক ফিল্ম ষ্টাৰ' সন্মান প্ৰদান কৰাৰ এক মূহুৰ্ত
 
চেন্নাই
 
অনুৰাগীয়ে মৰমেৰে মেগাষ্টাৰ বুলি কোৱা তেলেগু ছুপাৰষ্টাৰ চিৰঞ্জীৱিক দ্য গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে সন্মান জনায়। তেওঁলোকে তেওঁক ভাৰতীয় চিনেমাৰ 'মোষ্ট প্ৰ'লিফিক ফিল্ম ষ্টাৰ' সন্মান প্ৰদান কৰে। আমিৰ খান আৰু গিনিজ ৰেকৰ্ডছ দলৰ এজন সদস্যই ২২ ছেপ্টেম্বৰত চিৰঞ্জীৱীক এই সন্মান প্ৰদান কৰে। ১৯৭৮ চনৰ এই দিনটোতে চিৰঞ্জীৱীয়ে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। 
 
ৱালটেয়াৰ বীৰিয়া অভিনেতাগৰাকীয়ে ৪৬ বছৰত ৫৩৭টাতকৈও অধিক গীত আৰু ২৪ হাজাৰ নৃত্যৰ ভংগীমাৰে নৃত্য প্ৰদৰ্শনৰ অভিলেখ গঢ়িছিল। ভাৰতৰ ভিতৰত আৰু বাহিৰত আন কোনো অভিনেতাই এই খ্যাতি অৰ্জন কৰিব পৰা নাই। খবৰ অনুসৰি গিনিজৰ দলটোত মাত্ৰ ১৪৩খন ছবিহে অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে চিৰঞ্জীৱীয়ে ১৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছে। 
 
তেওঁৰ বোৱাৰী আৰু ৰাম চৰণৰ পত্নী উপাসনা কামিনেনী কনিডেলাই অনুষ্ঠানৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁক অভিনন্দন জনায়। চিৰঞ্জীৱীৰ নৃত্য সন্দৰ্ভত বলিউডৰ অভিনেতা আমিৰ খানে কয়, "তেওঁৰ যিকোনো গীত চালে তেওঁৰ হৃদয় সম্পূৰ্ণ তাত থাকে। তেওঁ প্ৰতিটো খোজ উপভোগ কৰে, আৰু যাৰ বাবেই আমি তেওঁৰ পৰা চকু আঁতৰাব নোৱাৰো। তেওঁৰ আনন্দ আৰু আমি সকলোৱে তেওঁক চাই থাকোঁতে অনুভৱ কৰোঁ।"  
তেওঁ লগতে কয়, "আপোনাৰ যাত্ৰা বহু খ্যাতিৰে ভৰি পৰিছে, আৰু মই নিশ্চিত যে ভৱিষ্যতলৈ আৰু আহিব। আমি সদায় আপোনাৰ পৰা মনোৰঞ্জন আৰু অনুপ্ৰাণিত হ'বলৈ ইয়াত আছো।" 
 
চিৰঞ্জীৱীক অভিনন্দন জনোৱা প্ৰথম কেইজনমান চেলিব্ৰিটিৰ ভিতৰত এছ এছ ৰাজামৌলি অন্যতম। তেওঁৰ এক্সত এক পোষ্টত লিখিছে, "মাত্ৰ পঢ়িলোঁ যে চিৰঞ্জীৱীয়ে নিজৰ কেৰিয়াৰত ২৪,০০০টা নৃত্যৰ ভংগীমা প্ৰদৰ্শন কৰিছিল। কি এক অবিশ্বাস্য! ভাৰতীয় চিনেমাৰ আটাইতকৈ উৎপাদনশীল তাৰকা হোৱাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰাৰ বাবে চিৰঞ্জীৱী গুৰুক অভিনন্দন।" 
 
তেওঁৰ কন্যা সুস্মিতা কনিডেলা আৰু বৰুণ তেজ, সাই ধৰম তেজ, পাঞ্জা বৈষ্ণৱ তেজকে ধৰি পৰিয়ালৰ সদস্যসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। পৰিয়ালৰ লগতে চিৰঞ্জীৱৰ অনুৰাগীসকলে তেওঁক এই বিশেষ সন্মানৰ বাবে অভিনন্দন জনায়। 
মেগাষ্টাৰ চিৰঞ্জীৱীক পৰৱৰ্তী সময়ত তেলেগু ছবি বিশ্বমভাৰত দেখা যাব। মল্লিদী বশিষ্ঠৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০২৫ চনৰ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব।


শেহতীয়া খবৰ