নতুন দিল্লী
অস্কাৰ বিজয়ী সংগীত সম্ৰাট এ আৰ ৰহমানে লণ্ডৰৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়ত নিজকে অসুস্থ অনুভৱ কৰাৰ পিছতে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
তেওঁৰ মুখপাত্ৰই জনোৱা মতে, ৰহমানে অসুস্থ অনুভৱ কৰি যোৱা নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল, য’ত চিকিৎসকে নিশ্চিত কৰিছে যে, তেওঁৰ ডিহাইড্ৰেচনৰ বাবেই এই অৱস্থা হৈছে। যিটো ৰমজানৰ বাবে ৰোজা ৰখাৰ ফলত আৰু বেছি বেয়া হৈ পৰিছে।
মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, তেওঁ শনিবাৰে লণ্ডনৰ পৰা উভতি আহিছিল আৰু অসুস্থ অনুভৱ কৰিছিল, সেয়েহে যোৱা নিশা তেওঁ চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল। অৱশ্যে চিকিৎসকৰ মতে ডিহাইড্ৰেচনৰ বাবেই হৈছে, কিয়নো তেওঁও ৰমজানৰ বাবে ৰোজা পালন কৰি আছে।
সংগীত সম্ৰাটগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই আশ্বাস দিছে যে, বৰ্তমান তেওঁৰ অৱস্থা উন্নত আৰু সুস্থ হৈ উঠিছে। উল্লেখ্য যে, এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৱে যোৱা বছৰ তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। ২৯ বছৰ ধৰি বিবাহিত এই দম্পতীহালৰ তিনিটা সন্তান আছে - পুত্ৰ এ আৰ আমিন, আৰু দুগৰাকী কন্যা খাটিজা ৰহমান আৰু ৰহীমা ৰহমান।