গুৱাহাটী
বিশ্ব নাট্য দিৱস উপলক্ষে, সমাহাৰ নাট্য গোষ্ঠীয়ে ২৭ মার্চত গুৱাহাটীত পৰিবেশন কৰিব নাট 'ন্যায়'। বিশিষ্ট নাট্য ব্যক্তিত্ব ড° সীতানাথ লহকৰৰ দ্বাৰা ৰচিত-পৰিচালিত নাটখনি মঞ্চস্থ হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রী শ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত সন্ধিয়া ৬:৪৫ বজাত।
বিশিষ্ট পণ্ডিত, লিখক তথা গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° অবনি কুমাৰ ভাগৱতী অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেখেতে নাটখন উদ্বোধন কৰি দিনটোৰ তাৎপৰ্যৰ ওপৰত ভাষণ প্ৰদান কৰিব।
নাট্য সন্ধ্যাটি সম্পর্কে সমাহাৰৰ সভাপতি ললিত শর্মাই কয়, "বিশ্ব নাট্য দিৱস দিনটো যিকোনো নাট্য সাধকৰ বাবে অতি তাৎপর্যপূর্ণ। ১৯৬১ চনত পেৰিছত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল, য'ত সমাজ সচেতন আৰু প্ৰতিবাদী নাট্য কর্মীসকলে একত্ৰিত হৈ নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিছিল। আমাৰ ৰাজ্য আৰু দেশৰ সৈতে আজিও এই দিনটো অতি প্রাসংগিক। সেইবাবেই সমাহাৰ নাট্য গোষ্ঠীয়ে শেহতীয়া নাটকখন উপস্থাপন কৰি এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।"
ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত 'ন্যায়'ৰ বিষয়বস্তু দেশৰ অন্যতম জলন্ত সমস্যা গণপ্ৰহাৰ-হত্যা আৰু ধর্ষণ। এক ধর্ষিতাৰ সংগ্ৰাম আৰু সমাজৰ পৰা পোৱা তিৰস্কাৰকেই দাঙি ধৰিছে নাটখনিয়ে। ন্যায় প্ৰাপ্তিৰ যাত্রা কঠিন আৰু কণ্টকময় - ইয়েই নাটকখনৰ মূল ভাষ্য।
সমাহাৰ নাট্য গোষ্ঠী অসমৰ প্ৰখ্যাত অপেছাদাৰী নাট্যদল। অসমৰ উপৰিও দেশৰ আন ৰাজ্য যেনে ত্ৰিপুৰা, পশ্চিমবঙ্গ, গোৱা আৰু দিল্লীতো দলটিয়ে নিজৰ প্ৰদৰ্শনৰ দ্বাৰা অসংখ্য গুনমুগ্ধৰ সৃষ্টি কৰিছে। যোৱা ৪১ বছৰীয়া সুদীর্ঘ যাত্ৰাত, সমাহাৰে মঞ্চ তথা বাটৰ নাট, ৰেডিঅ', টিভি ইত্যাদি বিভিন্ন মাধ্যমৰ জৰিয়তে ৫০০ৰো অধিক প্রদর্শনীৰে কেইবালাখো লোকৰ ওচৰ চাপিবলৈ সক্ষম হৈছে।