অস্কাৰৰ বাবে মনোনীত কিৰণ ৰাওৰ 'লাপতা লেডিজ'

Story by  atv | Posted by  Munni Begum • 1 Months ago
 'লাপতা লেডিজ'ৰ পোষ্টাৰ
'লাপতা লেডিজ'ৰ পোষ্টাৰ
 
মুম্বাই 
 
অহা বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ৯৭ সংখ্যক অস্কাৰৰ বাবে বিদেশী ছবিৰ শিতানত ভাৰতীয় ছবি 'লাপতা লেডিজ' আনুষ্ঠানিক প্ৰৱেশৰ বাবে ভাৰতৰ পৰা মনোনীত হৈছে। এই কথা সদৰী কৰিছে ফিল্ম ফেডাৰেচন অব্ ইণ্ডিয়াৰ বাছনি সমিতিৰ অধ্যক্ষ জাহ্নু বৰুৱাই। 
 
বলিউডৰ পৰিচালক কিৰণ ৰাৱে পৰিচালনা কৰা এই 'লাপতা লেডিজে' চলিত বৰ্ষৰ ১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল আৰু ছবিখনে এইপর্যন্ত ২৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৩ জনীয়া জুৰী সদস্যসহ নির্বাচনী কমিটীয়ে এই 'লাপতা লেডিজ' ছবিখনক অস্কাৰৰ বাবে মনোনীত কৰিছে। 
 
উল্লেখযোগ্য যে, অস্কাৰৰ এই শিতানৰ বাবে এইবেলি ২৯ খন ভাৰতীয় ছবিয়ে মনোনয়ন দাখিল কৰিছিল। কিন্তু জুৰী বিচাৰকে 'লাপতা লেডিজ' ছবিখনকহে মনোনীত কৰে। অস্কাৰ নমিনেচনৰ দৌৰত 'হনুমান', 'কল্কি ২৮৯৮ এ ডি', 'এনিমেল', 'চণ্ড চেম্পিয়ন', 'ছেম বাহাদুৰ', 'স্বতন্ত্ৰ বীৰ ছাভাৰকাৰ', 'গুডলাক', 'মৈদান', 'জ'ৰাম', 'কৌটুকলী', 'জামা', 'আর্টিকল ৩৭০', 'অট্টম' আদিসহ ২৯ খন ছবিয়ে নমিনেচন দাখিল কৰিছিল। 
 
উল্লেখযোগ্য যে, ইতিপূর্বে ভাৰতৰ পৰা অস্কাৰৰ বিদেশী ছবিৰ শিতানত তিনিখন ভাৰতীয় ছবি 'মাদাৰ ইণ্ডিয়া', 'চালাম ব'ম্বে' আৰু 'লগান' মনোনীত হৈছিল যদিও কোনো এখন ছবিয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এইবেলিও বিদেশী ছবিৰ শিতানত কেইবাখনো দেশৰ ছবিয়ে মনোনয়ন দাখিল কৰিছে। অহা বৰ্ষৰ ১৭ জানুৱাৰীত অস্কাৰৰ বাবে মনোনীত ছবিৰ নাম ঘোষণা কৰা হ'ব। আনহাতে ২ মার্চত অনুষ্ঠিত হ'ব অস্কাৰ বঁটা প্রদান কার্যসূচী। 


শেহতীয়া খবৰ