আজি বিবাহপাশত আৱদ্ধ হ’ব পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্দা

Story by  atv | Posted by  [email protected] • 1 Years ago
আজি বিবাহপাশত আৱদ্ধ হ’ব পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্দা
আজি বিবাহপাশত আৱদ্ধ হ’ব পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্দা
 
গুৱাহাটী 
 
বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্দাই আজি আবদ্ধ হ'ব বিবাহপাশত। দম্পতীহালৰ বিবাহ ৰাজস্থানৰ উদয়পুৰৰ তাজ হোটেলত ৰাজকীয় শৈলীত অনুষ্ঠিত হ’ব। এই বিয়াখনত চলচ্চিত্ৰ উদ্যোগ আৰু ৰাজনীতিৰ বহুতো জনপ্ৰিয় ব্যক্তি উপস্থিত থাকিব, সেয়ে বিবাহস্থলীত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছে।
 
 
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বিবাহৰ অনুষ্ঠান দিল্লীৰ পৰাই আৰম্ভ হয়। দম্পতীহালে বিবাহৰ বাবে উদয়পুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে দিল্লীত ‘আৰ্দাছ’ (পঞ্জাবী ৰীতি) কৰাৰ লগতে চুফী নিশাৰ আয়োজন কৰিছিল। চুফী নিশাৰ অনুষ্ঠানত কেইবাগৰাকী প্ৰখ্যাত চেলিব্ৰেটী আৰু ৰাজনৈতিক নেতা উপস্থিত আছিল। প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰা আৰু ভাতৃয়েও এই অনুষ্ঠানটোত অংশ লয়। আনহাতে, প্ৰিয়ংকাই বৰ্তমানলৈকে ভগ্নীৰ বিয়াত উপস্থিত থাকিব পৰা নাই।
 
পৰিণীতি আৰু ৰাঘৱৰ বিয়াৰ সকলো মুখ্য অনুষ্ঠান উদয়পুৰৰ তাজ হোটেলত অনুষ্ঠিত কৰা হৈছে। শনিবাৰ অৰ্থাৎ ২৩ ছেপ্তেম্বৰত হালধি-মেহেন্দি অনুষ্ঠান সম্পন্ন হৈছে আৰু এটা সংগীত নিশাও অনুষ্ঠিত কৰা হৈছিল। দম্পতীহালৰ বিয়াৰ বাবে, গোটেই তাজ হোটেলখন বগা থীমত সজোৱা হৈছে। কোৱা হৈছে যে প্ৰিয়ংকাও বিয়াত উপস্থিত থাকিবলৈ সন্ধিয়াৰ ভিতৰত উদয়পুৰত উপস্থিত হ’ব। অৱশ্যে, এই সন্দৰ্ভত এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই।
 
পৰিণীতিৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানবোৰ ২৩ ছেপ্টেম্বৰত চুড়া (পঞ্জাৱী ৰীতি মতে নকইনাক খাৰু পিন্ধোৱা পৰ্ব) অনুষ্ঠানৰ সৈতে আৰম্ভ হৈছিল। উক্ত দিনা পুৱা ১০ বজাত চুড়া অনুষ্ঠান অনুষ্ঠিত হয়, যাৰ পিছত সন্ধিয়া ৭ বজাত সংগীতৰ আয়োজন কৰা হৈছিল। দম্পতীহালৰ সংগীত অনুষ্ঠানত ৯০ৰ দশকৰ সংগীতেৰে সজ্জিত আছিল। তেওঁলোকৰ সংগীতত নৱৰাজ হংসেও প্ৰদৰ্শন কৰিছিল।
 
পৰিণীতি আৰু ৰাঘৱে ২৪ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। বিবাহৰ বাবে ৰাঘৱৰ চেহৰাবন্দী আজি দুপৰীয়া ১ বজাত হোটেল তাজৰ হ্ৰদ প্ৰাসাদত অনুষ্ঠিত হ’ব। দুপৰীয়া ২ বজাত, ৰাঘৱে এখন নাৱত বৰযাত্ৰা কৰি হোটেল তাজ লেক পেলেচৰ পৰা লীলা পেলেচলৈ ৰাওনা হ’ব। বিয়লি ৩ বাজি ৩০ মিনিটত জয়মালা কাৰ্যসূচী হ’ব। ইয়াৰ পিছত বিবাহৰ আন ৰীতি-নীতি সম্পন্ন কৰা হ’ব। পৰিণীতিৰ বিদায়ৰ বাবে সময় সন্ধিয়া ৬ বাজি ৩০ মিনিটত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছত, সন্ধিয়া ৮ বাজি ৩০ মিনিটত হোটেল লীলা পেলেচত এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।
 
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান ইতিমধ্যে উদয়পুৰত উপস্থিত হৈছে। ইয়াৰ উপৰিও, পৰিণীতি আৰু ৰাঘৱৰ ঘনিষ্ঠ বন্ধুসকলেও বিয়াত উপস্থিত থাকিবলৈ উদয়পুৰত উপস্থিত হৈছে। জানিব পৰা মতে, কৰণ জোহৰ, অক্ষয় কুমাৰ, মনীষ মালহোত্ৰা, অশোক গেহলট, ভূপেশ বাঘেলেও বিয়াখনত উপস্থিত থাকিবলৈ উদয়পুৰত উপস্থিত হ’ব পাৰে।