ৰণবীৰ আল্লাহবাদিয়াৰ অশ্লীল কৌতুকক লৈ উত্তল সংসদ

Story by  atv | Posted by  Munni Begum • 10 d ago
ৰোষ্ট শ্ব' ইণ্ডিয়াছ গট লেটেণ্টৰ এক দৃশ্য
ৰোষ্ট শ্ব' ইণ্ডিয়াছ গট লেটেণ্টৰ এক দৃশ্য
 
নতুন দিল্লী
 
ইউটিউবাৰ আৰু পডকাষ্টাৰ ৰণবীৰ আল্লাহবাদিয়াই ৰোষ্ট শ্ব' ইণ্ডিয়াছ গট লেটেণ্টত কৰা মন্তব্যক লৈ চৌদিশে ব্যাপক প্ৰক্ৰিয়া সৃষ্টি হৈছে। ৩১ বছৰীয়া ইউটিউবাৰ ৰণবীৰে নিজৰ অশ্লীল মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে, যদিও তেওঁৰ মন্তব্যক কেন্দ্ৰ কৰি হোৱা বিবাদে এক বৃহৎ সংকটত পৰিণত হৈছে।
 
কেইবাজনো সাংসদৰ অভিযোগৰ পিছতে তথ্য প্ৰযুক্তিৰ সংসদীয় পেনেলে আল্লাহবাদিয়াক মাতিব নে নমাতে সেই বিষয়ে আলোচনা কৰি আছে। পডকাষ্টাৰজনক জাননী জাৰি কৰা হ’ব পাৰে, য’ত তেওঁ পেনেলৰ সন্মুখত হাজিৰ হৈ বিবাদৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিবলাগীয়া হব পাৰে। 
 
শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই বিষয়টো উত্থাপন কৰিব বুলি মন্তব্য কৰিছে। এক্সত তেওঁ এক পোষ্টত কয়, "কৌতুক সমলৰ নামত যদি যিকোনো আপত্তিজনক ভাষাই সীমা অতিক্ৰম কৰে, সেয়া গ্ৰহণযোগ্য নহয়। আপুনি এখন প্লেটফৰ্ম পাইছে যাৰ অৰ্থ এইটো নহয় যে, আপুনি যিকোনো কথা কব। তেওঁ লাখ লাখ চাবস্ক্ৰাইবাৰ থকা এজন ব্যক্তি যিগৰাকীৰ সৈতে প্ৰতিজন ৰাজনৈতিক ব্যক্তিয়ে প'ডকাষ্টত বহিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এটা পুৰস্কাৰো দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ সদস্য হিচাপে মই এই বিষয়টো উত্থাপন কৰিম।"  
 
মুম্বাই আৰু গুৱাহাটীত ৰণবীৰ আল্লাহবাদিয়া, কৌতুকশিল্পী সময় ৰাইনা, ইনফ্লুৱেন্সাৰ অপূৰ্ব মাখিজা আৰু ইণ্ডিয়াজ গট লেটেণ্ট খণ্ডৰ সৈতে জড়িত আনসকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগ দাখিল কৰা হৈছে। য’ত আল্লাহবাদিয়াই এই অশ্লীল মন্তব্য কৰিছিল। 
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অশ্লীলতাৰ প্ৰচাৰ আৰু যৌন সম্পৰ্কীয় আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত আল্লাহবাদিয়া, ইউটিউবাৰ আশীষ চাঞ্চলানী, কৌতুকশিল্পী যশপ্ৰীত সিং, অপূৰ্ব মাখিজা, সময় ৰাইনা আদিৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। 
 
মুম্বাইত ইনষ্টাগ্ৰামত ৪৫ লাখ ফ’ল’ৱাৰ আৰু ১.০৫ কোটি ইউটিউব চাবস্ক্ৰাইবাৰ থকা আল্লাহবাদিয়াৰ বিৰুদ্ধে একাধিক অভিযোগ দাখিল কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি থকা বুলি জানিবলৈ দিছে। আল্লাহবাদিয়া আৰু ৰাইনাক তদন্তত যোগদান কৰিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত আজি মুম্বাই আৰক্ষীৰ এটা দলে আল্লাহবাদিয়াৰ ঘৰত উপস্থিত হয়। 
 
আল্লাবাদিয়াৰ মন্তব্যক লৈ চলি থকা বিবাদৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই বিষয়ে অৱগত কৰা বুলি কয়। তেওঁ কয়, "সকলোৰে বাক স্বাধীনতা আছে কিন্তু এই স্বাধীনতা শেষ হয় যেতিয়া আমি আনৰ স্বাধীনতা বেদখল কৰো। সকলোৰে সীমা থাকে, কোনোবাই যদি সেইবোৰ অতিক্ৰম কৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।" 
 
বিয়েৰবাইচেপছ গাই নামেৰেও পৰিচিত আল্লাহবাদিয়াই শেহতীয়াকৈ ৰাইনাই আয়োজন কৰা ইণ্ডিয়াছ গট লেটেণ্টৰ এটা খণ্ডত অভিনয় কৰিছিল। এতিয়া ভাইৰেল হোৱা এই অনুষ্ঠানটোৰ এটা চুটি ক্লিপত দেখা গৈছে যে, আল্লাহবাদিয়াই এজন প্ৰতিযোগীক সুধিছে, "আপুনি গোটেই জীৱন প্ৰতিদিনে আপোনাৰ পিতৃ-মাতৃয়ে যৌন সম্পৰ্ক স্থাপন কৰাটো চাই ভাল পাবনে বা এবাৰ যোগদান কৰি চিৰদিনৰ বাবে বন্ধ কৰাটো।" 
 
এই মন্তব্যৰ পিছতে ব্যাপক বিবাদৰ সৃষ্টি হোৱাৰ পিছত আল্লাহবাদিয়াই ক্ষমা বিচাৰি কয় যে, "কৌতুক তেওঁৰ ক্ষেত্ৰ নহয় আৰু তেওঁৰ এই ক্ষেত্ৰত ভুল হৈছে। ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে, মোৰ মন্তব্য কেৱল অনুপযুক্ত নাছিল, আনকি ধেমেলীয়াও নাছিল। কৌতুক তেওঁৰ ক্ষেত্ৰ নহয়, মই কেৱল ক্ষমা বিচাৰিহে ইয়াত আহিছো।"  
 
পডকাষ্টাৰজনে কয় যে, তেওঁ নিজৰ প্লেটফৰ্মটো এনেদৰে ব্যৱহাৰ কৰিব বিচৰা নাছিল। যিয়েই নহওক কিয়, "মই যিকোনো প্ৰসংগ বা ন্যায্যতা বা যুক্তি দিবলৈ যোৱা নাই। মই মাত্ৰ ক্ষমা বিচাৰিহে ইয়াত আহিছো। ব্যক্তিগতভাৱে মোৰ বিবেচনাত ভুল হৈছিল। মোৰ ফালৰ পৰা ই কোনো আমোদজনক নাছিল।" 
 
এই ঘটনাই কমেডী শ্ব’ত অশ্লীল কন্টেন্টৰ বিৰুদ্ধে সমালোচনাৰ সৃষ্টি কৰিছে। আল্লাহবাদিয়াৰ অনুষ্ঠানত উপস্থিত হ’বলগীয়া গায়ক বি প্ৰাকে এই পৰিকল্পনা বাতিল কৰি ষ্টেণ্ড আপ কমেডিয়ানসকলক তেওঁলোকে সৃষ্টি কৰা কন্টেন্টৰ প্ৰতি সাৱধান হ’বলৈ আহ্বান জনাইছে।