ডাঃ ফায়াজ আহমদ ফাইজি
শেহতীয়াকৈ ভাৰত চৰকাৰে মহম্মদ ৰফিৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সংগীত জগতলৈ তেওঁৰ অতুলনীয় অৱদানক সন্মান জনাই ১০০ টকাৰ স্মৃতি মুদ্ৰা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণা সংগীত আৰু চলচ্চিত্ৰ জগতৰ লগতে খিলঞ্জীয়া পাছমাণ্ডা সমাজৰ বাবেও এক গৌৰৱ আৰু আৱেগৰ মুহূৰ্ত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সংগীতজ্ঞ মহম্মদ ৰফিক ভাৰতীয় সংগীতৰ যাদুকৰ আখ্যা দি তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এগৰাকী গ্ৰীক ছোৱালী আৰু তেওঁৰ পৰিয়ালে ৰফিজীৰ "মধুবন মেইন ৰাধিকা নাচে ৰে" গীত গোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰি সমগ্ৰ ভাৰতবাসীক ভাব-বিভোৰ কৰি তুলিছিল।
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ৰফি জীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি "সুনো ছুনো এ দুনিয়া ৱালে বাপু কি অমৰ কাহানি" গীত গাই তেওঁক সন্মান জনোৱাটোও স্মৰণীয়। এবাৰ পণ্ডিত নেহৰু উপস্থিত থকা অনুষ্ঠানত ৰফী জীয়ে "চাহুংগা ম্যে তুঝে সাঞ্জ সৱেৰে" গাইছিল আৰু নেহৰু জীৰ চকুৰে পানী ওলাই আহিছিল।
উল্লেখ্য যে, নাপিতৰ দোকানৰ পৰা সপোনৰ চহৰ মুম্বাইলৈ পদ্মশ্ৰী ৰফিৰ অনন্য যাত্ৰা এক প্ৰেৰণাদায়ক কাহিনী। ১৯২৪ চনৰ ২৪ ডিচেম্বৰত পঞ্জাৱৰ অমৃতসৰ জিলাৰ কোটলা চুলতান সিং গাঁৱত মহম্মদ ৰফিৰ জন্ম হৈছিল। ঘৰৰ সকলোৱে মৰমেৰে তেওঁক "ফিকো" বুলি মাতিছিল। শৈশৱত প্ৰতিদিনে শুনি থকা এজন ফকিৰৰ পৰা অনুপ্ৰাণিত হৈ ৰফিৰ সাংগীতিক জীৱন আৰম্ভ হৈছিল। ৭ বা ৯ বছৰ বয়সত ৰফিৰ পৰিয়ালটো লাহোৰত থাকিবলৈ আহিছিল।
বলীউদৰ অজস্ৰ কালজয়ী গীতত কণ্ঠদান কৰা মহম্মদ ৰফি
ইয়াত ৰফি জীক দেউতাকে ডাঙৰ ভায়েকৰ লগত নাপিতৰ দোকান এখনত কামত লগাই দিয়ে। দোকানত চুলি কাটি থাকোঁতে গান গাইছিল যদিও ভাগ্যই তেওঁৰ বাবে আন কিবা এটা ৰাখিছিল। এদিন পণ্ডিত জীৱনলালে ৰফিৰ কণ্ঠ শুনি পাঞ্জাবী সংগীতৰ প্ৰশিক্ষণ দিলে, যাৰ ফলত তেওঁৰ গায়কী দক্ষতা বৃদ্ধি পালে।
লাহোৰত ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মহম্মদ ৰফিয়ে ৰাজহুৱা স্থানত কণ্ঠদান কৰিছিল। এই উপলক্ষে গায়ক কে এল ছাইগালো উপস্থিত আছিল, যিয়ে ৰফিৰ কণ্ঠ শুনি ভৱিষ্যদ্বাণী কৰিছিল যে এই ল’ৰাটো এদিন এজন মহান গায়ক হ’ব। গায়কী যাত্ৰাত ৰফীয়ে প্ৰতিটো ধাৰাত নিজৰ অতুলনীয় শিল্পকলা আৰু নিপুণতা প্ৰদৰ্শন কৰিছিল, সেয়া ৰোমান্টিক গীতেই হওক, ভজনেই হওক, কাৱালীয়ে হওক, কমিক গীতেই হওক, গজলেই হওক, ধ্ৰুপদী ৰচনাই হওক, দেশপ্ৰেমমূলক গীতেই হওক অথবা মদ্যপান কৰা নায়কৰ গীতেই হওক।
হিন্দীকে ধৰি প্ৰায় ১৩টা ভাৰতীয় ভাষা আৰু ইংৰাজীকে ধৰি সাতটা বিদেশী ভাষাত তেওঁ গান গাইছিল। ৰফিৰ "মন তড়পত হৰি দৰ্শন কো আজ" গীতটোক কালজয়ী বুলি গণ্য কৰা হয়। এই গীতটোৰ ৰচয়িতা শ্বাকীল বদায়ুনী আৰু সংগীত পৰিচালক নৌছাদো পছমাণ্ডা সম্প্ৰদায়ৰ ব্যক্তি আছিল।
দানশীল কৰ্ম আৰু দয়ালু ব্যক্তিত্বৰ বাবেও ৰফি বিখ্যাত আছিল। তেওঁ সদায় আনক সহায় কৰিছিল, যেনেকৈ তেওঁ মানি অৰ্ডাৰৰ জৰিয়তে নিজৰ ওচৰ-চুবুৰীয়াৰ বিধৱা ভদ্ৰমহিলালৈ টকা পঠিয়াইছিল। অৱশ্যে জীৱনত তেওঁ বহু উত্থান-পতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। এবাৰ পাকিস্তানৰ এজন বিখ্যাত গায়কে ৰফিক অপমান কৰিছিল যদিও ৰফিয়ে আওকাণ কৰি আৰু কেতিয়াও পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত লৈছিল।
একেদৰে, ইন্দোৰৰ পুৰণি পালচিয়া মছজিদ নিৰ্মাণৰ বাবে দিয়া ৫ হাজাৰ টকাৰ অনুদান মছজিদ প্ৰশাসনে ঘূৰাই দিছিল। তেওঁলোকে কৈছিল যে ৰফিৰ উপাৰ্জনৰ পথ "অশুদ্ধ"। এই বিষয়ে ৰফিয়ে কৈছিল, "যদি মোৰ উপাৰ্জন শুদ্ধ নহয়, তেন্তে কাৰ উপাৰ্জন বৈধ আৰু কাৰ অবৈধ কেৱল আল্লাহে জানে।"
উল্লেখ্য যে, ১৯৮০ চনৰ ৩১ জুলাইত প্ৰখ্যাত কণ্ঠশিল্পী মহম্মদ ৰফিৰ মৃত্যু হয়। তেওঁৰ মৃত্যু ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীসকলৰ বাবে এক অপূৰণীয় ক্ষতি আছিল। তেওঁৰ শেষ দৰ্শন আৰু অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ বাবে এক বিশাল জনসমাগম গোট খাইছিল। তেওঁৰ মৃত্যুত ভাৰত চৰকাৰে দুদিনীয়া ৰাজহুৱা শোক ঘোষণা কৰিছিল। ৰফিৰ স্মৃতি চিৰদিনৰ বাবে জীয়াই ৰাখিবলৈ ১০০ টকাৰ স্মৃতি মুদ্ৰা মুকলি কৰাটো তেওঁৰ ১০০ সংখ্যক জন্ম জয়ন্তীত এক সঁচা শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে।
(লেখক পেছাত এগৰাকী চিকিৎসক আৰু পাছমাণ্ডা বিষয়ৰ বিশেষজ্ঞ)