আৱাজ দ্য ভইচ / নতুন দিল্লী
বিখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানে শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত সংগীত আৰু অন্যান্য সৃষ্টিশীল ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰে। তেওঁ কয় যে প্ৰযুক্তিৰ এই উন্নত যুগত এআই (AI) ব্যৱহাৰ কৰি গীত আৰু সুৰ সঠিকভাৱে খাপ খুৱাবলৈ চেষ্টা কৰা হৈছে যদিও ইয়াৰ যথেষ্ট সীমাবদ্ধতাও আছে।
এই প্ৰসংগত ৰহমানে এআইক "ফ্ৰেংকেনষ্টাইন" বুলি অভিহিত কৰে, যিটো আৰম্ভণিৰ বাবে উপযোগী হ'ব পাৰে, কিন্তু শিল্পীজনৰ প্ৰকৃত সৃষ্টিশীলতা আৰু অভিজ্ঞতাৰ ঠাই কেতিয়াও ল'ব নোৱাৰে। এ আৰ ৰহমানে কয় যে সংগীত প্ৰডাকচনত বিশেষকৈ গীতৰ সম্পাদনা আৰু মাষ্টাৰিঙত এ আই ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে গীতৰ মানদণ্ড উন্নত কৰিব পৰা যায়।
কিন্তু সুৰ আৰু সংগীত সৃষ্টি কৰাটো এক জটিল প্ৰক্ৰিয়া, ইয়াৰ বাবে কেৱল কাৰিকৰী দক্ষতাই নহয়, গভীৰ সৃষ্টিশীলতা আৰু দৰ্শনৰ প্ৰয়োজন। তেওঁ দৃঢ়তাৰে কয়, "গীত সৃষ্টিৰ কৰাটো কেৱল কাৰিকৰী জ্ঞানেৰে সম্ভৱ নহয়; ইয়াৰ বাবে মনত এটা নিৰ্দিষ্ট দৰ্শন আৰু দৃষ্টিভংগীৰ প্ৰয়োজন।"
প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমান
ৰহমানৰ মতে এআই কেৱল এটা আহিলা। আনহাতে সৃষ্টিশীলতা হৈছে সংগীতৰ প্ৰাণ আৰু আত্মা। ৰহমানে এআইৰ উপযোগিতাৰ প্ৰশংসা কৰে যদিও ইয়াৰ সীমিত ব্যৱহাৰৰ কথাও কয়। তেওঁ ইয়াক "ফ্ৰেংকেনষ্টাইন" বুলি উল্লেখ কৰে। ই এনেকুৱা এটা সঁজুলি যিটো প্ৰয়োজনৰ সময়ত সহায়ক হয়, কিন্তু ইয়াৰ নিৰ্বিচাৰ ব্যৱহাৰ ক্ষতিকাৰক হ’ব পাৰে।
তেওঁ স্বীকাৰ কৰে যে তেওঁ নিজেই AI ব্যৱহাৰ কৰি পোষ্টাৰ আৰু ডিজাইন তৈয়াৰ কৰে যদিও ফলাফল সদায় উন্নত মানৰ নহয়। তেওঁ কয় যে কেতিয়াবা এআইৰ সহায়ত বনোৱা পোষ্টাৰ বা ডিজাইনবোৰ অতি বেয়া হয়, যিটো শুধৰণি কৰিবলৈ তেওঁ ফটোশ্বপ আৰু অন্যান্য আহিলাৰ সহায় লয়।
"এআইয়ে কৰা সকলো কাম সুন্দৰ হোৱাটো প্ৰয়োজনীয় নহয়। ইয়াক সৃষ্টিশীলতাৰ শেষ বিকল্প হিচাপে দেখাটোও ভুল।"-ৰহমানে কয়। প্ৰখ্যাত সংগীত শিল্পীজনে বিশ্বাস কৰে যে আগন্তুক সময়ত শিল্পীসকলক তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে মঞ্চত দেখা যাব।
তেওঁ কয়, ‘আমি প্ৰযুক্তিৰ যুগত বাস কৰিও শিল্পীৰ মৌলিকতা সদায় গুৰুত্বপূৰ্ণ হৈ থাকিব। ই আমাক আমাৰ ভুল বুজিবলৈ আৰু ভাল হোৱাৰ সুযোগ দিয়ে।" ৰহমানে এআইৰ বিকাশক এনে এক সুযোগ হিচাপে গণ্য কৰে, যিয়ে শিল্পীসকলক অধিক অন্তৰ্দৃষ্টিশীল হোৱাত সহায় কৰে, কিন্তু সংগীতৰ আত্মাক পূৰণ কৰাটো ইয়াৰদ্বাৰা সম্ভৱ নহয়।
সাক্ষাৎকাৰৰ সময়ত ৰহমানক তেওঁৰ প্ৰিয় পৰিচালকৰ বিষয়ে সোধা হৈছিল। এক মুহূৰ্তও নষ্ট নকৰাকৈয়ে তেওঁ মণি ৰত্নমৰ নাম লয়। উল্লেখ্য যে, মণিৰত্নমৰ সৈতে ৰহমানৰ এক গভীৰ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। মণিৰত্নমৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়ে ৰহমানে কয় যে তেওঁৰ কাম কৰাৰ ধৰণ আন পৰিচালকৰ তুলনাত একেবাৰে পৃথক। মণিৰত্নমে প্ৰথমে নিজৰ শিল্পীসকলক সম্পূৰ্ণ স্বাধীনতা দিয়ে। ইয়াৰ পিছত তেওঁ ইয়াৰ ওপৰত গভীৰভাৱে চিন্তা কৰে আৰু শেষত নিজৰ চূড়ান্ত মতামত প্ৰকাশ কৰে।
এ আইৰ জৰিয়তে সংগীত সৃষ্টি কৰি থকাৰ এক মুহূৰ্ত
ৰহমানে কয় যে মণিৰত্নমৰ সৈতে কাম কৰাটো তেওঁৰ বাবে সদায় এক প্ৰত্যাহ্বান আৰু শিক্ষণ অভিজ্ঞতা হৈ আহিছে। এ আৰ ৰহমানৰ এই সাক্ষাৎকাৰত তেওঁৰ চিন্তাধাৰা আৰু তেওঁৰ সৃষ্টিশীল প্ৰক্ৰিয়াৰ বিষয়ে অধিক গভীৰভাৱে ব্যাখ্যা কৰা হৈছিল। এআইৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছতো ৰহমানে বিশ্বাস কৰে যে সংগীতৰ এটা আত্মা থাকে, যিটো কেৱল মানুহৰ হৃদয় আৰু মনটোৱেহে বুজিব পাৰে।
তেওঁৰ মতে এআইয়ে যদিও কাৰিকৰী নিখুঁততা আনিব পাৰে, তথাপিও ইয়াক সদায় সুষম আৰু বুদ্ধিসম্পন্নভাৱে ব্যৱহাৰ কৰা উচিত। এআইক সৃষ্টিশীলতাৰ বিকল্প হিচাপে নহয়, সহায়ক আহিলা হিচাপেহে চাব লাগে।
ৰহমানৰ কথাৰ পৰা স্পষ্ট যে তেওঁ প্ৰযুক্তি আৰু শিল্প দুয়োটাকে ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়ি যোৱাত বিশ্বাস কৰে, আৰু তেওঁ বিশ্বাস কৰে যে এজন শিল্পীয়ে নিজৰ অভিজ্ঞতা আৰু আৱেগৰ পৰা কি সৃষ্টি কৰে, তাৰ ওপৰতে সংগীত আৰু সৃষ্টিশীলতাৰ প্ৰকৃত সৌন্দৰ্য্য নিহিত হৈ আছে।