কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল ৰণবীৰ-দীপিকা

Story by  atv | Posted by  Munni Begum • 10 d ago
দীপিকা পাডুকন আৰু ৰণবীৰ সিং
দীপিকা পাডুকন আৰু ৰণবীৰ সিং
 
মুম্বাই 
 
অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিঙে দেওবাৰে অৰ্থাৎ ৮ ছেপ্টেম্বৰত এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। এক সুত্ৰই এই কথা নিশ্চিত কৰিছে। 
 
যোৱা ৭ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৫ বজাত দীপিকাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিনেতাগৰাকীক মাতৃ উজ্জলা পাডুকনৰ সৈতে মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাললৈ লৈ যোৱা হৈছিল। শনিবাৰে চিকিৎসালয়লৈ যোৱাৰ সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে অভিনেতাগৰাকীৰ কেইবাখনো ফটো আৰু ভিডিঅ’। 
 
 
প্ৰথম সন্তানৰ জন্মৰ মাত্ৰ এদিন পূৰ্বে দীপিকা আৰু ৰণবীৰক মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ ভ্ৰমণ কৰিছিল। পৰিয়ালৰ নতুন সদস্যজনৰ সুস্বাস্থ্যৰ বাবে বাপ্পাৰ পৰা আশীৰ্বাদ বিচৰাৰ সময়ত দম্পতীহালে পৰিয়ালৰ দুয়োপক্ষৰ সদস্যসকলক সাক্ষাৎ কৰিছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দম্পতীহালে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।
 
২০১৮ চনৰ ডিচেম্বৰ মাহত ইটালীৰ কোমো হ্ৰদত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ বিয়াত এই দম্পতীহালে বিবাহপাশত আৱদ্ধ হৈছিল। ৰণবীৰ আৰু দীপিকা দুয়োৰে সাংস্কৃতিক ঐতিহ্যক সন্মান জনোৱাৰ বাবে এইটো আছিল দ্বৈত অনুষ্ঠান আছিল। প্ৰথমে দক্ষিণ ভাৰতীয় পৰম্পৰা অনুসৰি বিয়া পাতিছিল, তাৰ পিছত অনুষ্ঠিত হৈছিল আনন্দ কাৰাজৰ অনুষ্ঠান।