অজিত ৰায়
ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাটো সকলোৰে সপোন। এই মন্তব্য কৰিছে বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে। ছুপাৰহিট ছবি 'এনিমেল'ৰ মেগা সফলতাৰ বাবে চৌদিশে প্ৰশংসিত ৰণবীৰে ছৌদি আৰৱৰ জেদ্দাত চলি থকা চতুৰ্থ লোহিত সাগৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Red Sea International Film Festival)ত দৰ্শকৰ সৈতে মত বিনিময় কৰি ৰণবীৰ সিঙে এইদৰে কয়।
তেওঁ কয় যে নিতেশ তিৱাৰীৰ আগন্তুক ছবি ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে এক সপোন পূৰণৰ দৰেই। "এজন অভিনেতা হিচাপে ইয়াতকৈ ডাঙৰ সুখ মই পাব নোৱাৰো। মই জানো যে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাটো সহজ কাম নহয়।”-সুদৰ্শন অভিনেতাগৰাকীয়ে কয়।
তেওঁ কয়, "ইয়াৰ লগত বহুত ৰিস্ক জড়িত হৈ আছে। চিনেমাত মোৰ ভাবমূৰ্তি কিছু বেলেগ। কিন্তু ৰিস্ক লৈ মই ভাল পাও। সদায় নিৰাপদ হৈ থাকিলে এক প্ৰকাৰৰ বিৰক্তিৰ সৃষ্টি হয়। সন্দীপ ভাংগা ৰেড্ডীৰ এনিমেলত ৰিস্ক লৈছো।" বিতৰ্কিত কিন্তু বিপুলভাৱে সফল ছবি এনিমেল সন্দৰ্ভত তেওঁৰ মতামত সোধা হৈছিল। দৰ্শকে ৰণবীৰক সুধিছিল যে যিহেতু তেওঁ এতিয়া এগৰাকী পিতৃ, গতিকে এনে চিনেমাৰ দ্বাৰা সমাজখন কেনেকৈ প্ৰভাৱিত হৈছে বুলি ভাবে। উল্লেখ্য যে, এনিমেলক আটাইতকৈ নাৰীবিদ্বেষী আৰু হিংসাত্মক ছবি হিচাপে ৰেটিং দিয়া হৈছিল।
পৰিচালক সন্দীপ ভাংগা ৰেড্ডীয়ে দিয়া ছবিখনৰ চিত্ৰনাট্য পঢ়ি তেঁৱো ভয় খাইছিল বুলি ৰনবীয়ে কয়। “এজন অভিনেতা হিচাপে এই চিত্ৰনাট্য আছিল প্ৰত্যাহ্বানজনক। সেই সময়লৈকে মোৰ ভাবমূৰ্তি আছিল এজন ৰোমান্টিক নায়কৰ। কিন্তু মই ৰিস্কটো মানি ল’লোঁ। এনিমেল ছবিখনত মই নিজকে দেখি আচৰিত হৈছিলোঁ। মই মাত্ৰ এটা কথা ক’ব বিচাৰিছো যে এই ছবিখনক হিংসাত্মক বা আন কোনো দৃষ্টিকোণৰ পৰা চোৱাৰ পৰিৱৰ্তে ইয়াক পিতৃ-পুত্ৰৰ আৱেগিক কাহিনী হিচাপে চাব লাগে।”
অনুষ্ঠানত দৰ্শকৰ সৈতে মত-বিনিময় কৰিছে ৰণবীৰ সিঙে
ৰণবীৰ কাপুৰে তেওঁৰ আগন্তুক ছবিৰ বিষয়েও কয়। সঞ্জয় লীলা ভাঞ্চালীৰ অভিলাষী ছবি ‘লাভ এণ্ড ৱাৰ’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ভাঞ্চালীক “জিনিয়াছ ডাইৰেক্টৰ” বুলি অভিহিত কৰি তেওঁ কয়, “মই তেওঁৰ সৈতে সহকাৰী পৰিচালক হিচাপে মোৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো।”
ৰণবীৰ কাপুৰে কয় যে তেওঁ ‘এনিমেল পাৰ্ট ২’ও কৰি আছে, যিটো এনিমেল পাৰ্ক নামেৰে নিৰ্মাণ কৰা হৈছে। আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাষ্ট্ৰ’ৰ দ্বিতীয় খণ্ডতো তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সৰুতেই দৰ্শকে তেওঁৰ কৃতিত্বৰ কথা উল্লেখ কৰাৰ সময়ত ৰণবীৰ কাপুৰে কয় যে তেওঁৰ ককাক ৰাজ কাপুৰ মাত্ৰ ২৪ বছৰ বয়সতে অভিনেতাৰ লগতে পৰিচালক আৰু প্ৰযোজক হিচাপে পৰিগণিত হৈছিল।
তেওঁ স্বীকাৰ কৰে যে ৪২ বছৰ বয়সতো তেওঁ ককাকৰ ঘনিষ্ঠ নহয়। বৰ্তমান তেওঁ চাৰি-পাঁচখন বিগ বাজেটৰ ছবি সম্পূৰ্ণ কৰাত ব্যস্ত। পিতৃ ঋষি কাপুৰক স্মৰণ কৰি তেওঁ কয় যে তেওঁ সদায় কামত ব্যস্ত থাকে, কিন্তু এবাৰ চাৰি মাহ তেওঁৰ লগত থকাৰ সুযোগ পাইছিলোঁ। আমি আগতে একেটা কোঠাতে শুইছিলো। তেওঁ অলপ খঙাল স্বভাৱৰ আছিল। মই তেওঁক সকলো কামত সহায় কৰিছিলো। সেই সময়ছোৱাত মই ইমানখিনি শিকিলোঁ যে নিউয়ৰ্কৰ লি ষ্ট্ৰাছবাৰ্গ স্কুলত পঢ়াৰ সময়তো মই শিকিব পৰা নাছিলো।”
অনুৰাগীৰ সৈতে ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰে কয় যে শৈশৱত তেওঁ সেনাবাহিনীত যোগদান কৰিব বা কাৰাটে প্ৰশিক্ষক হ’ব বুলি ভাবিছিল যদিও ভাগ্যই তেওঁক অভিনেতা কৰি তুলিছিল। “কেতিয়াবা ভাগ্যই আপোনাক বাছি লয়। নিউয়ৰ্কৰ লি ষ্ট্ৰাছবাৰ্গ স্কুলত নামভৰ্তি ল’বলগীয়া হৈছিল যদিও ইয়াৰ অভিনয় পদ্ধতি মোৰ একেবাৰেই ভাল নালাগে। অৱশ্যে ইয়াৰ এটা সুবিধা আছিল যে মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক লগ পাইছিলো আৰু বিভিন্ন সংস্কৃতি চিনি পোৱাৰ সুযোগ পাইছিলো। তাত এখন চুটি ছবিৰ বাবে ৫০০ ডলাৰ উপাৰ্জন কৰিছিলোঁ। ঘূৰি অহাৰ পিছত সঞ্জয় লীলা ভাঞ্চালীক ‘ব্লেক’ ছবিখনত সহায় কৰিছিলোঁ। মোৰ প্ৰকৃত শিক্ষা এই সময়ছোৱাতে হৈছিল।”
ৰণবীৰ কাপুৰে কয় যে তেওঁ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ এক ধনী পৰিয়ালৰ পৰা আহিছে, তথাপিও তেওঁ চিনেমাত ভাল প্ৰদৰ্শন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। ‘জীৱনৰ শেহতীয়া ৩০ বছৰ মই প্ৰতিদিনে কিতাপ পঢ়িছিলো আৰু সমগ্ৰ বিশ্বৰ ছবি চাইছিলো। বিশ্ব চিনেমাত মোৰ আটাইতকৈ প্ৰিয় ছবি হৈছে ইটালীৰ ৰবাৰ্ট বেনিগনিৰ ‘লাইফ ইজ বিউটিফুল’।”
ৰণবীৰে কয় যে তেওঁ চৰিত্ৰসমূহ নিজেই বাছি লয়; তেওঁৰ পিতৃ ঋষি কাপুৰে কেতিয়াও তেওঁৰ ওপৰত একো জাপি দিয়া নাছিল। তেওঁৰ কিছুমান ছবিয়ে জনপ্ৰিয়তা অৰ্জন নকৰিলেও দৰ্শকে তেওঁক বহুত মৰম দিছিল আৰু তেওঁৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখিছিল। "বিফলতাই মোক বহুত শিকাইছিল। দৰ্শকৰ মৰমেই আটাইতকৈ ডাঙৰ পুৰস্কাৰ। যিয়েই নহওক, ভাল ছবি এখন নিৰ্মাণৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই।”-ৰণবীৰে কয়।
চতুৰ্থ ৰেড ছি আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত অভিনেত্ৰী অলিভিয়া ৱাইল্ডৰ সৈতে ৰণবীৰ কাপুৰ
অভিনেতাগৰাকীয়ে লগতে কয় যে তেওঁ কেতিয়াও ৰিস্ক ল’বলৈ কুণ্ঠাবোধ নকৰে। তেওঁ কয়, “তেওঁৰ ছবি ৰকেট সিঙত এটা সংলাপ আছে-“স্পাইডাৰ মেনেও ৰিস্ক ল’ব লাগে।” ইমতিয়াজ আলীৰ ছবি ‘ৰক ষ্টাৰ’ত তেওঁৰ ভূমিকা সন্দৰ্ভত ৰণবীৰে কয় যে ছবিখনত লাভ কৰা অভিজ্ঞতা আজীৱন মনত থাকিব।
ইয়াৰ গীতসমূহ ইমতিয়াজ আলীৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই লিখিছিল ইৰছাদ কামিলে। "চিনেমা নিৰ্মাণৰ সময়ত সংগীত পৰিচালক এ আৰ ৰহমানৰ সৈতে চেন্নাইত কটোৱা তিনিমাহ মোৰ জীৱনৰ অবিস্মৰণীয় দিন আছিল। দৰগাহত শ্বুট কৰা গীত এটাত অভিনয় কৰিলোঁ। তাত কটোৱা তিনিদিন আধ্যাত্মিক, যাদুকৰী অভিজ্ঞতা আছিল।”-তেওঁ কয়।
অনুৰাগ বসুৰ ছবি ‘বৰফী’ৰ বিষয়ে সোধাত ৰণবীৰে কয় যে এই চিনেমাখনৰ চিত্ৰনাট্য অতি গুৰু-গম্ভীৰ। বহুবাৰ ইয়াৰ চিত্ৰনাট্য সলনি কৰা হৈছিল। তেওঁ স্বীকাৰ কৰে যে এই চৰিত্ৰত চাৰ্লি চেপলিন আৰু ৰাজ কাপুৰৰ ছাঁ আছে। “দুবছৰৰ পাছত যেতিয়া ছবিখন চালোঁ, তেতিয়া মই স্তম্ভিত হৈ পৰিলোঁ।”-ৰণবীৰে কয়।
তেওঁ কয় যে যেতিয়া তেওঁক ‘সঞ্জু’ ছবিত সঞ্জয় দত্তৰ চৰিত্ৰত অভিনয় কৰিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁৰ বাবে সেয়া আছিল এক ডাঙৰ সুযোগ। ইয়াৰ পৰিচালক ৰাজকুমাৰ হিৰানী বলীউডৰ আটাইতকৈ ডাঙৰ পৰিচালক। দ্বিতীয়তে সঞ্জয় দত্ত মোৰ প্ৰিয় অভিনেতা।