অস্কাৰ সমিতিৰ সদস্য হিচাপে মনোনীত ৰীমা দাস

Story by  atv | Posted by  Munni Begum • 2 Months ago
 ৰীমা দাস
ৰীমা দাস
 
গুৱাহাটী 
 
যশস্বী চলচ্চিত্র নির্মাতা ৰীমা দাসক অস্কাৰ সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। অস্কাৰ প্ৰদান কৰা সন্মানীয় সংস্থা 'একাডেমী অব্ মোচন পিক্সাৰ আৰ্টছ এণ্ড ছায়েন্স'ত যোগদান কৰিবলৈ দাসক আমন্ত্রণ জনোৱা হৈছে। একাডেমীয়ে আজি ঘোষণা কৰা মতে, অস্কাৰ বঁটা প্ৰদান কৰা সংস্থাৰ সদস্য হ'বলৈ বিশ্বজুৰি ৪৮৭ শিল্পী আৰু কলা-কুশলীক আমন্ত্রণ জনোৱা হৈছে। 
 
ৰীমা দাসৰ উপৰি ভাৰতৰ অভিনয় শিল্পী, পৰিচালক, প্রযোজক, নৃত্য পৰিচালক, কষ্টিউম ডিজাইনাৰ, তথ্যচিত্র নির্মাতাসহ আন দহগৰাকী আমন্ত্ৰিত হৈছে। 
 
এই প্রসংগত নিজৰ অনুভূতি ব্যক্ত কৰি ৰীমা দাসে কয়, "একাডেমীৰ এজন সদস্য হিচাপে আমন্ত্রিত হোৱাটো অতি সন্মানৰ বিষয় বুলি অনুভৱ কৰোঁ। এই সুযোগ লাভ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চলচ্চিত্ৰৰ জৰিয়তে এনে সম্মান লাভ কৰাটো পৰম সৌভাগ্য বুলি অনুভৱ কৰোঁ। এই ছেগতে মোৰ সহযোগীসকলকো অভিনন্দন জ্ঞাপন কৰিছোঁ।"
 
উল্লেখ্য, ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ', 'বুলবুল কেন ছিং' আদিৰ দৰে চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। 'ভিলেজ ৰকষ্টাৰ্ছ'-এ শ্রেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্র শাখাত ভাৰতীয় ছবি হিচাপে অস্কাৰ বঁটাৰ মনোনয়নৰ বাবে 'অফিচিয়েল এন্ট্রী' লাভ কৰিছিল। 
 
উল্লেখযোগ্য যে ইয়াৰ পূর্বে অসমৰ পৰা ছাউণ্ড ডিজাইনাৰ অমৃত প্রিতম (২০১৭) আৰু দেৱজিৎ চাংমাই (২০১৮) একাডেমীত যোগদানৰ বাবে আমন্ত্ৰিত হৈছিল।