সাইফ আলী খান ছুৰীৰে আঘাত কৰা কাণ্ডৰ ৫ দিন পিছত লীলাৱতী হাস্পতালৰ পৰা ঘৰলৈ উভতি আহে

Story by  atv | Posted by   Imtiaz Ahmed • 13 d ago
সাইফ আলী খান লীলাৱতী হাস্পতালৰ পৰা ঘৰলৈ উভতি আহে
সাইফ আলী খান লীলাৱতী হাস্পতালৰ পৰা ঘৰলৈ উভতি আহে
মুম্বাই

যোৱা সপ্তাহত ছুৰীৰে আঘাত কৰা আৰু লীলাৱতী হাস্পতালত অস্ত্ৰোপচাৰ কৰা অভিনেতা সাইফ আলী খানক মঙলবাৰে বিয়লি ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসালয়ৰ পৰা বান্দ্ৰাস্থিত ঘৰলৈ যোৱাৰ সময়ত অভিনেতাগৰাকীয়ে অভিনেত্ৰী পত্নী কৰীনা কাপুৰে সংগ দিয়ে।

জৰুৰী অস্ত্ৰোপচাৰ কৰি পাঁচ দিন চিকিৎসালয়ত কটায় অভিনেতাগৰাকীয়ে। চিকিৎসকে কয় যে অভিনেতাজন বিপদৰ পৰা বাহিৰ হৈ সুস্থ হৈ উঠিছে।

বৃহস্পতিবাৰে পুৱতি নিশা এজন অনুপ্ৰৱেশকাৰীয়ে একাধিকবাৰ ছুৰীৰে আঘাত কৰে ৫৪ বছৰীয়া সাইফ আলী খানক। অভিনেতাগৰাকীৰ বান্দ্ৰাৰ ঘৰটোত সংঘটিত হয় এই আক্ৰমণ, যিটোত তেওঁ পত্নী কৰীনা কাপুৰ আৰু তেওঁলোকৰ দুটা ল’ৰা-ছোৱালীৰ সৈতে থাকে। বৃহস্পতিবাৰে পুৱতি নিশা ৩ বজাত লীলাৱতী হাস্পতালত উপস্থিত হোৱা অভিনেতাগৰাকীয়ে তেতিয়াৰ পৰাই তাত ভৰ্তি হৈ আছিল। পাঁচ ঘণ্টীয়া অস্ত্ৰোপচাৰ কৰি পিছত তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হয়। অভিনেতাজনৰ শৰীৰৰ পৰা কটাৰীৰ এটুকুৰা উলিওৱা হৈছিল।
এই আক্ৰমণত সাইফে দুটা গভীৰ আঘাত সহ ৬টা আঘাত পাইছিল। লীলাৱতী  হাস্পতালৰ চিকিৎসকে জনোৱা মতে, বৃহস্পতিবাৰে চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁৰ মেৰুদণ্ডৰ তৰল পদাৰ্থ প্ৰবাহিত হৈ আছিল। অৱশ্যে, তেওঁ সৌভাগ্যৱান আছিল যে তেওঁ যিকোনো গুৰুতৰ আঘাতৰ পৰা বাচি গৈছিল। তেওঁ সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

দেওবাৰে শ্বৰিফুল ইছলাম শ্বেহজাদ মহম্মদ ৰোহিল্লা আমিন ফকিৰ ওৰফে বিজয় দাস নামৰ ৩০ বছৰীয়া অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দেওবাৰে ফকিৰক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয়। এজন বিষয়াই জনোৱা মতে, অভিযুক্তৰ সৈতে খানৰ বাসগৃহত অপৰাধৰ স্থানৰ দৃশ্য পুনৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে জনোৱা মতে, চুৰিৰ উদ্দেশ্যেৰে তেওঁ আৱাসিক ভৱনটোত প্ৰৱেশ কৰিছিল। অভিযুক্তজনে কয় যে তেওঁ সাইফ কোন সেই বিষয়ে অজ্ঞাত আছিল আৰু কেৱল ঘৰটো কোনো ধনী ব্যক্তিৰ বুলি ভবাৰ বাবে লক্ষ্য কৰি লৈছিল।