মুম্বাই
অভিনেতা সাইফ আলী খানৰ ছুৰীৰে আঘাত কৰা গোচৰৰ অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম অপৰাধস্থলীৰ পৰা চিচিটিভি ফুটেজত দেখা একেজন ব্যক্তি বুলি মুখ চিনাক্তকৰণ প্ৰযুক্তিয়ে নিশ্চিত কৰিছে বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰে। যোৱা ১৯ জানুৱাৰীত চুবুৰীয়া চহৰ থানেত গ্ৰেপ্তাৰ কৰা হৈছিল বাংলাদেশী নাগৰিক ইছলামক।
অভিযোগ অনুসৰি, ইছলামে ১৬ জানুৱাৰীৰ পুৱাৰ ভাগত বান্দ্ৰাৰ হাই ৰাইজৰ ১২ নং মহলাৰ সাইফৰ বাসগৃহত প্ৰৱেশ কৰি ঘৰটো লুটপাত কৰিছিল। ৫৪ বছৰীয়া খানৰ সৈতে মুখামুখি হোৱাৰ সময়ত অনুপ্ৰৱেশকাৰীজনে পলায়নৰ পূৰ্বে অভিনেতাজনক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰা বুলি অভিযোগ উঠিছে।
ইয়াৰ পিছত সাইফ আলী খানক ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে জৰুৰীকালীন অস্ত্ৰোপচাৰ কৰে। পাঁচ দিন চিকিৎসালয়ত থকাৰ পিছত তেওঁক ৰিলিজ দিয়া হয় আৰু বেড ৰেষ্টত থাকিবলৈ পৰামৰ্শ দিয়া হয়।
ইছলামৰ পিতৃ মহম্মদ ৰুহুল আমিনে বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (বিএনপি)ৰ সৈতে পুত্ৰৰ ৰাজনৈতিক সম্পৰ্ক নিশ্চিত কৰি ৰাজনৈতিক নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ নিজ দেশৰ পৰা পলায়ন কৰা বুলি দাবী কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত আমিনে জোৰ দি কয় যে, মুম্বাইত গ্ৰেপ্তাৰ হোৱা লোকজন তেওঁৰ পুত্ৰ নহয়, যদিও আৰক্ষীয়ে ইছলামৰ জাতীয়তা নিশ্চিত কৰা বাংলাদেশ চৰকাৰী নথি-পত্ৰ উদ্ধাৰ কৰিছে।
আমিনে কয় যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনৰ অধীনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা “ভুৱা গোচৰ” বুলি কোৱাৰ বাবেই তেওঁৰ পুত্ৰ বাংলাদেশৰ পৰা পলায়ন কৰে। তেওঁ দাবী কৰিছিল যে, ইছলামে নিজকে অসুৰক্ষিত অনুভৱ কৰিছিল আৰু ভাৰতত আশ্ৰয় বিচাৰিছিল, কেৱল কাম বিচাৰি পোৱাৰ উদ্দেশ্যেৰে।
আৰক্ষীয়ে ইছলামক বিচাৰি উলিয়াবলৈ সহায় কৰা চিচিটিভি ফুটেজৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি পিতৃ আমিনে বাৰে বাৰে নিজৰ পুত্ৰৰ এই অপৰাধৰ সৈতে জড়িত নহয় বুলি দাবী কৰি আহিছে।
ইছলামৰ সাধাৰণ চেহেৰা আক্ৰমণকাৰীৰ চেহেৰাৰ সৈতে মিল নাই বুলি যুক্তি দি তেওঁ দাবী কৰে যে চিচিটিভিৰ ছবিবোৰ মোৰ পুত্ৰৰ নহয়।তেওঁৰ মুখখন গধুৰ, আৰু চুলি চুটি। ফুটেজত থকা মানুহজনৰ চকুলৈকে দীঘল চুলি আছে। সেইটো মোৰ ল'ৰা নহয়।
বৃহস্পতিবাৰে মুম্বাইৰ এখন আদালতে ইছলামৰ জিম্মা বৃদ্ধিৰ বাবে আৰক্ষীৰ অনুৰোধ নাকচ কৰে। বান্দ্ৰা দণ্ডাধীশৰ আদালতে ৰায় দিয়ে যে, অধিক আৰক্ষীৰ জিম্মাত ন্যায্যতা প্ৰদান কৰিবলৈ কোনো নতুন ভিত্তি দাখিল কৰা হোৱা নাই আৰু ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
অৱশ্যে ভাৰতীয় ন্যায় সংহিতাৰ বিধানৰ উদ্ধৃতি দি আদালতে লক্ষ্য কৰে যে, যদি নতুন ঘটনাৰ সৃষ্টি হয়, তেন্তে অনুমোদিত সময়সীমাৰ ভিতৰত আৰক্ষীয়ে পুনৰ জিম্মাত ল’বলৈ অনুৰোধ কৰিব পাৰে। ভাৰতৰ সংশোধিত অপৰাধমূলক আইন অনুসৰি অপৰাধৰ ভয়াৱহতাৰ ওপৰত নিৰ্ভৰ কৰি আৰক্ষীয়ে ৪০ বা ৬০ দিনৰ ভিতৰত অবিৰতভাৱে বা আংশিকভাৱে ১৫ দিনলৈকে জিম্মাত ল’ব পাৰে।
আদালতে বৰ্ধিত জিম্মা অস্বীকাৰ কৰাৰ পিছতো মুম্বাই আৰক্ষীয়ে কয় যে, তেওঁলোকৰ হাতত ইছলামৰ বিৰুদ্ধে “যথেষ্ট আৰু শক্তিশালী প্ৰমাণ” আছে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজত মুখ চিনাক্তকৰণ পৰীক্ষা চলাইছে, য’ত নিশ্চিত হৈছে যে, সাইফ আলী খানৰ অট্টালিকাত প্ৰৱেশ আৰু প্ৰস্থান কৰাত দেখা ব্যক্তিজন ইছলাম আছিল।
যোৱা সপ্তাহত অভাৱনীয় ৰূপত ফিংগাৰপ্ৰিণ্ট বিশ্লেষণে ইছলামৰ ছাপৰ সৈতে মিষ্টাৰ খানৰ বাসগৃহত পোৱা ছাপৰ মিল নাছিল। মুম্বাই আৰক্ষীয়ে অপৰাধস্থলীৰ পৰা ১৯ ছেট আঙুলিৰ ছাপ চি আই ডিলৈ প্ৰেৰণ কৰিছিল। সূত্ৰ অনুসৰি চি আই ডিৰ ফিংগাৰপ্ৰিণ্ট ব্যুৰোত ইছলামৰ সৈতে নেতিবাচক মিল থকাৰ বাতৰি প্ৰকাশ পাইছে।
ইয়াৰ পিছতো আৰক্ষীয়ে অন্যান্য ফৰেনছিক পৰীক্ষাৰ কাম আগবঢ়াই লৈ যায়। অভিযুক্তই পিন্ধা কাপোৰ, আক্ৰমণত ব্যৱহৃত দা, "গামচা" (টাৱেল), বেগ আদি সকলোবোৰ ফৰেনছিক ৰাসায়নিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছিল।
ইছলামে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি অনুমান কৰা হৈছে। সীমান্ত পাৰ হোৱাৰ পিছত মহম্মদ শ্বৰীফুল ইছলাম শ্বেহজাদৰ নাম সলনি কৰি বিজয় দাস বুলি অভিযোগ উঠিছে। মুম্বাইলৈ যোৱাৰ আগতে তেওঁ কলকতাত সময় কটায়।
বৰ্তমান আৰক্ষীয়ে তেওঁক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰা আৰু তেওঁৰ থকাৰ সুবিধা প্ৰদান কৰা ব্যক্তিৰ সন্ধানত অব্যাহত ৰাখিছে। ইছলামে আৰক্ষীক দিয়া নিজা বক্তব্য অনুসৰি তেওঁক ধনৰ বিনিময়ত ভুৱা ভাৰতীয় নাগৰিকত্বৰ নথি-পত্ৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।