ছলমান খানে জীৱন ৰক্ষা কৰিবলৈ বিষ্ণোই গেঙক দিব লাগিব ₹৫ কোটি

Story by  atv | Posted by  Munni Begum • 3 h ago
ছলমান খান
ছলমান খান
 
মুম্বাই 
 
লৰেন্স বিষ্ণোই গেঙৰ এজন কথিত সদস্যই মুম্বাই ট্ৰেফিক পুলিচলৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰি গেংষ্টাৰৰ সৈতে দীৰ্ঘদিনীয়া কাজিয়া নিষ্পত্তি কৰিবলৈ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকা বিচাৰিছে। বাৰ্তাটোত সকীয়াই দিয়া হৈছে যে, যদি ছলমান খানে ধন পৰিশোধ কৰিব নোৱাৰে তেন্তে শেহতীয়াকৈ গুলীয়াই হত্যা কৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকতকৈও তেওঁৰ অৱস্থা বেয়া হ’ব। 
 
বাৰ্তাটোত উল্লেখ কৰা হৈছে, "যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে তেন্তে ৫ কোটি টকা দিব লাগিব। এই কথাটো সহজভাৱে ল’ব নালাগে, নহ’লে বাবা ছিদ্দিকতকৈও বেয়া হ’ব ছলমান খানৰ অৱস্থা।" এই সন্দৰ্ভত সম্প্ৰতি মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। 
 
ছলমান খানৰ ঘনিষ্ঠ বন্ধু এন চি পি নেতা ছিদ্দিক (৬৬)ক যোৱা ১২ অক্টোবৰত মুম্বাইৰ উচ্চমানৰ বান্দ্ৰাত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন লোকক। মূল ষড়যন্ত্ৰকাৰী বুলি সন্দেহ কৰা শুভম লংকাৰে ছ’চিয়েল মিডিয়াত লিখিছে যে, ছিদ্দিকৰ হত্যাৰ আঁৰত লৰেন্স বিষ্ণোই গেং আছে।
 
বিগত কেইমাহমানৰ পৰা ছলমান খানে বিষ্ণোই গেঙৰ পৰা বাৰে বাৰে ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৪ এপ্ৰিলত বাণ্ড্ৰাস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত দুজন শ্বুটাৰে পাঁচটা গুলীচালনা কৰাৰ কেইমাহ মান পিছতে বাবা ছিদ্দিকৰ হত্যাকাণ্ড সংঘটিত হৈছে।
 
এই সংঘাতৰ কেন্দ্ৰবিন্দু হৈছে ১৯৯৮ চনত ছলমানে দুটা হৰিণা চিকাৰ আৰু হত্যা কৰা বুলি কৰা অভিযোগটো। যদিও বিষয়টো আদালতত আছে, তথাপিও হৰিণাটোক পবিত্ৰ বুলি গণ্য কৰা সম্প্ৰদায়ৰ লৰেন্স বিষ্ণোই অভিনেতাজনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ শপত গ্ৰহণ কৰিছিল। 
 
কাৰাগাৰত থকাৰ পিছতো বিষ্ণোই নিজৰ বিশাল নেটৱৰ্কৰ জৰিয়তে পাঞ্জাবী গায়ক সিদ্ধু মূছেৱালাকে ধৰি বহু হাইপ্ৰফাইল লোকৰ হত্যাকাণ্ড কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা বুলি অভিযোগ উঠিছে।  
 
এই পৰিস্থিতিৰ মাজতে ছলমান খানক ৱাই+ নিৰাপত্তা প্ৰদান কৰা হৈছে আৰু গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও মুম্বাই আৰক্ষীয়ে ব্যক্তিৰ মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত এআই সক্ষম হাই ৰিজ’লিউচন চিচিটিভি কেমেৰাও স্থাপন কৰিছে।