ক্ৰিকেটাৰ ছামীৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব নেকি ছানিয়া মিৰ্জাই; ইনষ্টাগ্ৰাম পোষ্টক লৈ সৃষ্টি হৈছে কৌতুহল

Story by  atv | Posted by  [email protected] • 2 Months ago
ক্ৰিকেটাৰ মহম্মদ ছামী আৰু ছানিয়া মিৰ্জা (ফাইল ফটো)
ক্ৰিকেটাৰ মহম্মদ ছামী আৰু ছানিয়া মিৰ্জা (ফাইল ফটো)
 
হায়দৰাবাদ
 
টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামী আৰু মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জাই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে বুলি সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে। ছ'চিয়েল মিডিয়াৰ লগতে বিভিন্ন সংবাদ মাধ্যমতো তেওঁলোকক লৈ বিভিন্ন বাতৰি প্ৰকাশ পোৱা দেখা গৈছে।
 
অৱশ্যে, কাৰো হাতত এই মুহূৰ্তত ছামী আৰু ছানিয়াৰ বিবাহ সন্দৰ্ভত সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য নাই। ক্ৰীড়াক্ষেত্ৰৰ চেলিব্ৰিটী দুগৰাকীয়েও এই সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই। 
 
এই সকলোবোৰ চৰ্চাৰ মাজতে ভাৰতৰ সবাতোকৈ সফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰামত এক বিশেষ মেছেজ পোষ্ট কৰিছে। মহম্মদ ছামীৰ সৈতে নতুনকৈ জীৱন আৰম্ভ কৰিবলৈ সাজু হোৱা বুলি বাতৰি প্ৰকাশ পাই থকাৰ সময়তে তেওঁৰ এই পোষ্টে স্বাভাৱিকতে অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। 
 
 
ইনষ্টাগ্ৰাম একাউণ্টত এটা ষ্টৰী শ্বেয়াৰ কৰি ছানিয়াই এইদৰে কৈছে, “"The answer is sabr, it's always sabr."(ইয়াৰ এটাই উত্তৰ হৈছে ধৈৰ্য)। অৰ্থাত্‍ ছানিয়াই সকলোকে ধৈৰ্য সহকাৰে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছে।  অৱশ্যে, এই কৌতুহলী বাৰ্তাৰে ছানিয়াই বিয়াৰ উৰাবাতৰিক সম্বোধন কৰিছে নে মানুহক উৰাবাতৰি প্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে, সেয়া নিশ্চিতভাৱে কেৱল তেওঁহে জানিব।
 
উল্লেখ্য যে, পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত জীৱটোক নতুন ধৰণে আগুৱাই নিয়াৰ লক্ষ্যৰে শেহতীয়াকৈ ছানিয়া মিৰ্জাই পবিত্ৰ হজ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক আন্তৰিক বাৰ্তাৰ জৰিয়তে ছানিয়াই হজৰ আধ্যাত্মিক তীৰ্থযাত্ৰাৰ সময়ত গভীৰ অৰ্থপূৰ্ণ আৰু পৰিৱৰ্তনশীল অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছিল।
 
"এক নতুন আৰু পৰিৱৰ্তনশীল অভিজ্ঞতাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত মই যিকোনো অন্যায় আৰু ভুলৰ বাবে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছো। মোৰ ভালৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। নম্ৰ হৃদয় আৰু শক্তিশালী বিশ্বাসেৰে এজন উন্নত মানুহ হিচাপে প্ৰত্যাৱৰ্তন কৰিম।"-ছানিয়াই কয়। 

ইফালে, এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ সৈতে ছানিয়া মিৰ্জাৰ ফটো। উল্লেখ্য যে ছানিয়া আৰু ছলমানৰ মাজত এক বিশেষ বন্ধন আছে আৰু পাৰিবাৰিক অনুষ্ঠানতো তেওঁলোকক কেইবাবাৰো একেলগে দেখা গৈছে।