৯২ কোটি আয়কৰ আদায়েৰে শীৰ্ষত শ্বাহৰুখ খান

Story by  atv | Posted by  [email protected] • 10 d ago
শ্বাহৰুখ খান
শ্বাহৰুখ খান
 
নতুন দিল্লী
 
ভাৰতৰ চেলিব্রিটিসকলৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ কৰ আদায় দিয়া তাৰকা হিচাপে পৰিগণিত হৈছে ছুপাৰষ্টাৰ শ্বাহৰুখ খান। ২০২৩- ২৪ বিত্তীয় বর্ষত শ্বাহৰুখ খানে আয়কৰ হিচাপে আদায় দিছে ৯২ কোটি টকা। ফ'ৰচুন ইণ্ডিয়াই প্রকাশ কৰি উলিওৱা ভাৰতৰ সৰ্বাধিক কৰদাতা চেলিব্রিটিৰ তালিকাত এই তথ্য প্রকাশ পাইছে।
 
তালিকাৰ দ্বিতীয় স্থানত আছে তামিল ছুপাৰষ্টাৰ থলাপতি বিজয়। তেওঁ ৮০ কোটি টকাৰ আয়কৰ আদায় দিছে। সর্বাধিক পৰিমাণৰ আয়কৰ আদায় দিয়া শীর্ষ ৫ গৰাকী চেলিব্রিটিৰ তালিকাত অন্তর্ভুক্ত হৈছে অমিতাভ বচ্চন আৰু ছলমান খানৰ নাম। আনহাতে ভাৰতৰ ক্ৰীড়া জগতত সৰ্বাধিক পৰিমাণৰ কৰ আদায় দিয়া তাৰকাগৰাকী হৈছে বিৰাট ক'হলি। তেওঁ ৬৬ কোটি টকাৰ আয়কৰ আদায় দিছে।
 
২০২৩ বিত্তীয় বৰ্ষত শ্বাহৰুখ খানৰ সম্পদৰ পৰিমাণ ১,৩০০ কোটি টকা বৃদ্ধি পাইছে। সর্বাধিক কৰা আদায় দিয়া ভাৰতীয় চেলিব্রিটিৰ তালিকাত তৃতীয় স্থানত আছে ছলমান খান। তেওঁ ৭৫ কোটি টকাৰ কৰ আদায় দিছে।
 
শীর্ষ ১৫ গৰাকী সর্বাধিক কৰ আদায় দিয়া চেলিব্রিটিৰ তালিকাখন এনেধৰণৰ- শ্বাহৰুখ খান (৯২ কোটি টকা), থলাপতি বিজয় (৮০ কোটি টকা), ছলমান খান (৭৫ কোটি টকা), অমিতাভ বচ্চন (৭১ কোটি টকা), বিৰাট ক'হলি (৬৬ কোটি টকা), অজয় দেবগন (৪২ কোটি টকা), মহেন্দ্র সিং ধোনী (৩৮ কোটি টকা), ৰণবীৰ কাপুৰ (৩৬ কোটি টকা), শচীন তেণ্ডুলকাৰ (২৮ কোটি টকা), ঋত্বিক ৰৌচন (২৮ কোটি টকা), কপিল শর্মা (২৬ কোটি টকা), সৌৰভ গাংগুলী (২৩ কোটি টকা), কৰীণা কাপুৰ (২০ কোটি টকা), ছাহিদ কাপুব (১৮ কোটি টকা), মোহনলাল (১৮ কোটি টকা)।