নতুন দিল্লী
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক ৯ কোটি টকা ঘূৰাই দিব মহাৰাষ্ট্ৰ চৰকাৰে। তেওঁৰ সাগৰৰ পাৰৰ বাংলো ‘মন্নত’ৰ পট্টা সলনি কৰাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে দিবলগীয়া হোৱা ৯ কোটি টকা উভতাই দিব ৰাজ্যৰ চৰকাৰখনে।
দৰাচলতে ২০১৯ চনত শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানে বান্দ্ৰাৰ সম্পত্তিৰ সম্পূৰ্ণ মালিকীস্বত্ব বিচাৰি মহাৰাষ্ট্ৰ চৰকাৰক কিছু প্ৰিমিয়াম দিছিল। প্ৰিমিয়াম সংগ্ৰহ কৰাৰ সময়ত হিচাপত হোৱা ভুলৰ বাবে অভিনেতাজনৰ পৰা অধিক ধন সংগ্ৰহ কৰা হৈছিল। সেই ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিছিল অভিনেতা খানে। উক্ত ৯ কোটি টকা এতিয়া অনুমোদন দিয়া হৈছে।
তেওঁৰ বাংলোৰ সম্পূৰ্ণ মালিকীস্বত্ব পট্টাত লোৱাৰ বাবে অভিনেতাগৰাকীয়ে মহাৰাষ্ট্ৰ চৰকাৰক প্ৰিমিয়াম হিচাপে বিপুল পৰিমাণৰ ধন দিছিল। অভিনেতাগৰাকীয়ে প্ৰিমিয়ামৰ বাবে ২৫ কোটি টকাৰ ওপৰত ধন দিয়াৰ খবৰ পোৱা গৈছে যদিও এই কথা কৰ্তৃপক্ষই নিশ্চিত কৰা নাছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ২০০৫ চনত ‘আই দ্য ইনাৰ ৱৰ্ল্ড অৱ শ্বাহৰুখ খান’ নামৰ তথ্যচিত্ৰখনত অভিনেতাজনে মুকলিকৈ নিজৰ ব্যক্তিগত জীৱনৰ কথা কৈছিল। তেওঁ তথ্যচিত্ৰখনত ‘মন্নত’ৰ কথাও উল্লেখ কৰি ইয়াক তেওঁৰ আটাইতকৈ বহুমূলীয়া সম্পদ বুলি অভিহিত কৰিছিল।