ট্রেজেডি কুইন' মীনা কুমাৰীৰ অনুপম কবিতা

Story by  atv | Posted by  Munni Begum • 2 Months ago
ট্রেজেডি কুইন' মীনা কুমাৰী
ট্রেজেডি কুইন' মীনা কুমাৰী
 
  ডঃ সত্যজিৎ ভূঞা
 
'ট্রেজেডি কুইন' বুলি বিখ্যাত হোৱা মীনা কুমাৰী আছিল হিন্দী চলচ্চিত্র জগতৰ নামী চৰিত্ৰাভিনেত্রী। প্রায় ত্রিশৰো অধিক বছৰ তেওঁ হিন্দী চিনেমা জগতখনত দপদপাই আছিল। নব্বৈখনৰো অধিক চিনেমাত তেওঁ সৰু-বৰ অলেখ চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত সোমাই আছে তেওঁ শিশুৰূপে কৰা অভিনয়ৰ তথ্যও। বৰ গুণী, প্রতিভাময়ী অভিনেত্রী আছিল মীনা কুমাৰী। সংলাপৰ দ্বাৰা প্ৰভাৱিত হৈ কাহিনী অনুধাৱন কৰি শ্বুটিঙৰ সময়ত প্রয়োজন সাপেক্ষে তেওঁ গ্লিচাৰিন নোলোৱাকৈয়ে চকুপানী উলিয়াই কান্দি পেলাব পাৰিছিল। 
 
কেৱল অভিনয়তে যে বিশাৰদ আছিল তেনে নহয়। তেওঁ গীত গাবও পাৰিছিল, নৃত্য বিশাৰদ আছিল, সহঃ-নায়ক-নায়িকাসকলৰ দোষ-গুণ-প্রতিভা বিচাৰ কৰি তেওঁলোকৰ উত্তৰোত্তৰ বিকাশত সহায় কৰিব পাৰিছিল। নিজৰ কামটোত তেওঁৰ উৎসর্গীকৃত মনোভাব দেখি বাকীসকলো অনুপ্রাণিত হৈছিল। নির্দেশক, গীতিকাৰ, সংগীত পৰিচালক সকলোৱেই তেওঁৰ প্ৰতিভাৰ প্ৰশংসাত পঞ্চমুখ আছিল। কষ্টিউম ডিজাইনাৰ ৰূপেও তেওঁ বিশেষ সুনাম কৰিব পাৰিছিল। 
 
মীনা কুমাৰীয়ে অভিনয় কৰা দুখন বোলছবিৰ কিছু দৃশ্য
 
বৰ দুখ আৰু কষ্টৰে তেওঁৰ জীৱন পাৰ হৈছিল। যদিও তেওঁ আছিল সেই সময়ৰ সৰ্বাধিক অর্থ অর্জন কৰা অভিনেত্রী। অতি সৰুৰে পৰাই তেওঁ ঘৰখনৰ বাবে অর্থ উপার্জন কৰিবলগীয়া হৈছিল। জীৱনৰ কঠিন ৰূপ প্ৰত্যক্ষ কৰি তেওঁ হৈ পৰিছিল কম বয়সীয়া প্রেকটিকেল লেডী। বিখ্যাত সাংবাদিক বিনোদ মেহতাই লিখা মীনা কুমাৰীৰ জীৱনীখন যিসকলে পঢ়িছে, তেওঁলোকক মীনা কুমাৰীৰ কথা, অর্থাৎ মীনা কুমাৰীৰ জীৱনৰ কথা ক'বলৈ একো বাকী নাই। দুখ, সংঘাত, প্রেম-বিৰহ, বিচ্ছেদ সকলোৰে ভিন ভিন ৰূপ অতি কম বয়সতে মীনা কুমাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল। 
 
হয়তো এয়া তেওঁৰ জীৱনৰ অন্য এক ট্রেজেডি। পাশ্চাত্যৰ বিখ্যাত চলচ্চিত্র অভিনেত্রী মেৰিলীন মনৰোৰ জীৱনৰ সৈতেও বহুতে মীনা কুমাৰীৰ জীৱনৰ তুলনা কৰে। নানা ধৰণৰ ঘাত-প্রতিঘাত সহ্য কৰি, নানা ধৰণৰ ঠগবাজীৰ সন্মুখীন হৈ, নানা ধৰণৰ শোষণ-আতিশয্যৰ বলি হৈ অতি কম বয়সতে মেৰিলীন মনৰোৰ মৃত্যু হৈছিল। মীনা কুমাৰীৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনাক্রম দেখিবলৈ পোৱা যায়। দেউতাকে পৰৱৰ্তী সন্তান পুত্ৰ হ'ব বুলি আশা কৰি থাকোতেই মীনা কুমাৰীৰ জন্ম হোৱাত তেওঁ বৰ হতাশ হৈ পৰিছিল। আনকি সদ্যোজাত সন্তানটিক অনাথ আশ্রমত দি থৈও আহিছিলগৈ। তাৰ পিচত তেওঁ মন সলনি কৰে। মীনা (আচল নাম মেহজাবীন বানু)ক তেওঁ পুনৰ ঘৰলৈ আনে। আৰম্ভ হয় মীনাৰ সংঘাতজৰ্জৰ জীৱন কাহিনী।
 
মীনা কুমাৰী আৰু কামাল আমৰোহী
 
প্রতিভাময়ী অভিনেত্রী মীনা কুমাৰীৰ প্ৰেম-কাহিনীও আছিল বিচিত্র। বিবাহিত পুৰুষ কামাল, আমৰোহীৰ সৈতে তেওঁ ঘৰৰ অজ্ঞাতে বিয়াত বহিছিল। আমৰোহীৰ নিৰ্দেশনাত তেওঁ বিখ্যাত চিনেমাও কৰিছিল। কিন্তু তেওঁৰ প্ৰেম আৰু বিবাহোত্তৰ জীৱনে তেওঁক দিছিল দুখ আৰু দুখ। বেদনার্ত হৃদয়েৰে তেওঁ লিখিছিল বিভিন্ন কবিতা আৰু শায়েৰী। তেওঁৰ কণ্ঠও যিহেতু সুন্দৰ, সুকীয়া আছিল, সেয়ে তেওঁ সিবোৰক আবৃত্তি কৰি নিজে দুখমুক্ত হ'ব পাৰিছিল আৰু আনকো আনন্দ দিব পাৰিছিল। 
 
'একো একোটা মুহূর্ত যেন বৰ্ষাৰ জলবিন্দু  
হাতৰ মুঠিত যাক ধৰিব নোৱাৰি 
সেই জলবিন্দু যেতিয়া
বুকুৰ ওপৰত আহি পৰে 
তেতিয়া হাতেৰে ধৰিবলৈ গ'লে 
ধৰাৰ পূৰ্বে গুড়ি গুড়ি হৈ ছিটিকি যায়।'

'তুষাৰ পাতৰ ৰাতিয়েই হওক
বা সুগন্ধি জোনাক ৰাতিয়েই হওক
সকলো মায়াৱী
বেদনাৰে ভৰা
উদাস আন্ধাৰ
পৰিচিত সকলো এনেদৰেই ওলোটা
যে সিবোৰক চিনিবই নোৱাৰি।' 

'এয়া মোৰ কেনে ইচ্ছা
কান্দিবও খোজো হাঁহিবও খোজো
কেনে দুখ কেনে কথা
ঝনঝনকৈ সকলো ভাগে।' 

হৃদয়ৰ দুখ গলি গলি মীনা কুমাৰীৰ কলমৰ আগেৰে সকলো নিগৰি আহে। শোকগাথা তেওঁৰ বাবে মলমৰ দৰে কাব্যিকতা। বাৰে বাৰে ক'ব খোজে ক্ষণিকৰ সুখনো কি? দীর্ঘ সময়ৰ দুখতেই জীৱনৰ আচল অর্থানুসন্ধান। দুখে পৰীক্ষা কৰে হৃদয়ৰ গভীৰতাৰ। সহনশীলতাৰ সীমাৰ পৰীক্ষাও হয়। অসহ্য মুহূৰ্তবোৰ সহ্য কৰিবলৈ কাব্যিকতা কিমান ওচৰৰ আতোলতোল সম্পদ। সময় জানো তেওঁৰ সাংঘাতিক গভীৰ আছিল।
 
'কোনো দিন কোনো মানুহে
বর্তমানক দেখা নাপায়
বর্তমানক গুৰুত্ব নিদিয়ে
আৰু ভৱিষ্যৎ ইমান দূৰত
ইমান দূৰলৈ হাত আগবঢ়াব নোৱাৰি
সেয়ে মই অতীতৰ মাজতে নিজক বিচাৰি ফুৰো।
বিচাৰি পাওঁ।'  

'মোৰ ভাষা আজি অৱৰুদ্ধ
ক'ব খোজা কথা নাহে যে ওলায়
অথচ চকুৰ চাৱনিত কথা কথা
কেৱল কথা
ব্যথা ভৰা নীৰৱ চকুৰ কথা।'

মীনা কুমাৰীৰ চকুৰ চাৱনিৰ কথা সর্বজনবিদিত। ওঁঠৰ বিকল্প চকু। শাব্দিক সংলাপক তেওঁ যেন অনায়াসে পৰিবৰ্তন কৰিব পাৰিছিল। চাৱনিসমৃদ্ধ সংলাপ লৈ। সেই ক্ষেত্রত মীনা কুমাৰীৰ দক্ষতাৰ কথা তেওঁৰ সকলো পৰিচালকে অকপটে স্বীকাৰ কৰি লৈছিল। পৰিচালক কামাল আমৰোহীয়ে মীনাৰ সেই বিৰল প্রতিভাক বিশেষভাৱে ব্যৱহাৰ কৰিছিল 'পাকিজা'ত। মীনা কুমাৰীৰ জীৱন আৰু তেওঁৰ কবিতা স্বৰূপাৰ্থত সমার্থক। 
 
'সুগন্ধ আৰু ৰং
দুয়োৱে মোৰ দিন আৰু ৰাতিবোৰ ভৰাই তুলিছে
হে মোৰ মনৰ মানুহ
তোমাৰ সুগন্ধ
সেয়া কেৱল তোমাক লাভ কৰাৰ বাবেই...'

'মোৰ ৰক্তাক্ত হৃদয় দিছো জীৱনক
কিন্তু কি দিছে মোক জীৱনে?
মোৰ সপোনবোৰ ক্রমে ক্রমে বিহ হৈ পৰিছে
আৰু কল্পনাই মোক যেন
কুটি কুটি খাইছে।' 

প্রেমে আনি দিয়া দীর্ঘ বিৰহ, গভীৰ আঘাতেই জীৱনক অধিক প্ৰভাৱিত কৰে। প্ৰেমৰ আনন্দৰ পৰৱৰ্তী এই অংশইহে জীৱনৰ আচল অৰ্থ বুজি উঠিবলৈ ব্যক্তিক সক্ষম কৰি তোলে।
 
'হে মোৰ মনৰ মানুহ
মোৰ উদাস মনৰ ভাগিদাৰ
মোৰ অপূর্ণ জীৱনৰ বন্ধু
তোমাৰ যে তামাম জখম
আৰু তাৰ বাবে মোৰ বেদনা
তোমাৰ ব্যথাৰ পৰা উচ্চাৰিত যন্ত্রণা
সেয়াও মোৰ অস্ফুট যন্ত্ৰণাৰ সৈতে গাথা।'

দুখে, যন্ত্রণাই নিজক বুজি পোৱাত যে কিমান সহায় কৰে। দুখ-যন্ত্রণা ভোগ কৰি বাহিৰত বিচাৰি ফুৰা, বস্তুবোৰ মানুহে নিজৰ ভিতৰতে বিচাৰি পাবলৈ ধৰে। এই অন্তর্মুখিতা ব্যক্তিৰ বাবে কম ডাঙৰ প্ৰাপ্তি নহয়। দুখৰ সমুদ্ৰত ডুবি মীনা কুমাৰীয়ে ভালপোৱাৰ ইন্দ্ৰধনু দেখে। আৰু কবিতাৰ মাধ্যমেৰে আনকো চোৱাৰ সুযোগ দিয়ে। তাকো তেওঁ কৰে বিভিন্ন মেটাফৰ বা ৰূপক অলংকাৰৰ জৰিয়তে। সময়ত ছন্দৰ সুপ্ৰয়োগৰ জৰিয়তে। প্ৰেমক জলবিন্দুৰ ৰূপতো অৱলোকন কৰে বা তুলনা কৰে ৰঙা গোলাপৰ লগতো।
 
গুলজাৰে প্ৰকাশ কৰা মীনা কুমাৰীৰ কবিতাৰ পকেট বুক সংস্কৰণৰ বেটুপাত আৰু নুৰুল হাছানে মীনা কুমাৰীৰ কিছু কবিতা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থৰ বেটুপাত 
 
তেওঁৰ মৃত্যুৰ কিছুদিনৰ পিচতে গুলজাৰ চাহাবে তেওঁৰ কবিতাৰ এটা পকেট বুক সংস্কৰণ প্ৰকাশ কৰোৱাইছিল। পাঠকে সেইটো পঢ়ি যেন মীনা কুমাৰীৰ সৈতে কথা পতা যেন অনুভৱ কৰিছিল। মীনা কুমাৰীৰ সেইবোৰ কবিতাৰ বিষয়ো আছিল প্ৰসাৰিত। ভাষাও আছিল হৃদয় টানি ধৰাই নহয়, হৃদয় দ্রৱীভূত কৰিব পৰা বিধৰ। নুৰুল হাছান বুলি যিজনে মীনা কুমাৰীৰ কিছু কবিতা উৰ্দ্ধৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল, তেওঁ কৈছিল- মীনা কুমাৰীৰ কবিতাত যেন ৱৰ্ডছৱৰ্থ, গালিব, ফিৰাক আদিয়ে একেলগে ভুমুকি মাৰিছিল। আৰু মীনা কুমাৰীয়ে নিজে যেন নিজৰ ব্যস্ততাৰ মাজৰ পৰা ওলাই আহি মাজে মাজে কবিতাবোৰত নিজকে সম্পূর্ণকে সমর্পিত কৰিছিল। তেওঁৰ নিতান্ত 'ব্যক্তিগত মই' কবিতাৰ মাজত 'সার্বজনীন মই' হৈ পৰিছিল- অনায়াসে। তাকো সুখপাঠ্য ৰূপত। 
 
নুৰুল হাছানৰ এই অনুবাদবোৰ কবি জয়ন্ত মহাপাত্রই চন্দ্রভাগা আলোচনীত প্ৰকাশ কৰিছিল। 'অতীত আৰু বৰ্তমান'ক মীনা কুমাৰীয়ে কবিতাৰ ৰূপত কেনেদৰে অৱলোকন কৰিছে চাওক। এয়া নুৰুল হাছানৰ অনুবাদত- 

'Each happiness
is a devastated grief
Each grief
A devastated happiness
and each darkness is a reaped light
and each light a reaped darkness
Likewise each present
is an annihilated past
and each past
An annihilated present.'
 
তেওঁৰ আদৰ্শপুৰুষ সময়ে গৰকা, কঠিন কাছুটিৰ কিতাপৰ মাজত সোমাই থাকে। বাহিৰৰ পৃথিৱীলৈ ওলাই নাহি চুক বেঁকা হোৱা পৃষ্ঠাবোৰৰ পৰা ভুমুকিয়াই ৰয়। মীনা কুমাৰীয়ে কবিতাৰ মাজত মৃত্যুৰ পিচৰ নীৰৱতাৰ অর্থানুসন্ধান কৰে। সেই নীৰৱতা, যি নীৰৱতাক তেওঁ জীৱনৰ শলিতা জ্বলাই অর্জন কৰে। আনকি মীনা কুমাৰীয়ে গজলৰ সংজ্ঞাও দিছে তেওঁৰ কবিতাত। দুখৰ উদযাপনক গজলে সদায়েই মহীয়ান কৰে। দুখকো ভোগ্য কৰি তোলে। কাণেৰে শুনি, হৃদয়েৰে ৰসাস্বাদ কৰা বস্তু গজল। চকুপানী নিগৰাই উদ্বেলিত হৃদয় শান্ত কৰাৰ উপায়। তেওঁ কৈছে- 

'টুকুৰা-টুকুৰকৈ দিন পাৰ হয়। ৰাতিও
তোমাৰ কাছুটিৰ প্ৰসাৰত তোমাৰ আলোক প্রাপ্তি
বর্ষা বিন্দু মৌ অথবা বিহ
কি যে বৰষা
মোৰ দুচকুত হাঁহি
হৃদয়ত চেপা কান্দোন
হৃদয়লৈ কাণ পাতো
শুনো অট্টহাস্য
যেন কোনোবাই কয়- তুমি হাৰি গ'লা
হাৰি গ'লেও বিশ্বাসঘাতকৰ দ্বাৰা প্ৰতাৰিত হ'লেও
মই নত নহওঁ
হৃদয় সংগী হ'লে 
খং স্বত্ব হ'লে
বিভিন্ন ধৰণে ক'ব পাৰি
কথাবোৰ জ্বলি থকা চকুৰে।' 
 
মীনা কুমাৰীৰ এলবাম 'I write, I recite'-এ তেওঁৰ বিৰল প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি আছে। অভিনেত্রী মীনা কুমাৰীক অধিক উজলাই তোলে কবি মীনা কুমাৰীয়ে। তেওঁৰ এপিটাফেও দিয়ে তেওঁৰ অনন্য চিনাকি। 'এখন ভগা হিয়াৰে তেওঁ জীৱন পাত কৰিলে। এটা শেষ নোহোৱা গীতেৰে। এখন আজি ভাগি যোৱা বীণাৰ দৰে। কিন্তু তেওঁৰ কোনো অনুশোচনা নাই।'
 
(লেখক অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ বৈদ্যুতিক বিভাগৰ অধ্যাপক।)