‘গণশিল্পী’ সূৰ্য দাসৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 20 h ago
সূৰ্য দাস
সূৰ্য দাস
 
গুৱাহাটী 
 
অসমীয়া সংগীত জগতৰ বিশিষ্ট সংগীত শিল্পী, ‘গণশিল্পী’ সূৰ্য দাসৰ মৃত্যু হয়। ধৰমতুলৰ বাসগৃহত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ‘গণশিল্পী' গৰাকীয়ে। গণ শিল্পীগৰাকীৰ মৃত্যুৱে সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পেলাইছে।
 
খবৰ অনুসৰি, বাথৰূমত পিছল খাই পৰি অচেতন হোৱাৰ পাছত মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সূৰ্য দাস। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা, একমাত্ৰ পুত্ৰসহ বহু আত্মীয়ক এৰি যায়। 
 
'মানুহ দেখিছো আজি'ৰ দৰে বহু চিৰসেউজ গীতৰ স্ৰষ্ট্ৰা আছিল 'গণশিল্পী' নামেৰে জনাজাত সূৰ্য দাস। ২০১৯ চনত 'কৰম সিং ট্ৰাষ্ট'ৰ পৰা সূৰ্য দাসে লাভ কৰিছিল 'কৰম সিং জনমভূমি বঁটা'।
 
কামপুৰৰ তেঁতেলীসৰাৰ নিশাৰী নৈ পাৰত জন্ম গ্ৰহণ গণশিল্পী সূৰ্য দাস অসমৰ সংগীত জগতৰ ভোটা তৰাস্বৰূপ আছিল। এইগৰাকী শিল্পীক এইবেলি নিশাৰী বঁটা ২০২৪ প্ৰদান কৰা হৈছিল। কামপুৰৰ তেঁতেলীসৰা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে এই বঁটা আগবঢ়াইছে।