ভিলেজ ৰকষ্টাৰ ২: BIFF ত আঁজুৰিলে শ্ৰেষ্ঠ ছবিৰ খিতাপ

Story by  atv | Posted by  [email protected] • 6 d ago
ভিলেজ ৰকষ্টাৰ ২: BIFF ত আঁজুৰিলে শ্ৰেষ্ঠ ছবিৰ খিতাপ
ভিলেজ ৰকষ্টাৰ ২: BIFF ত আঁজুৰিলে শ্ৰেষ্ঠ ছবিৰ খিতাপ
 
নতুন দিল্লী
 
স্বকীয় শৈলীৰে অসমবাসীলৈ ব্যতিক্ৰমী ছবি উপহাৰ দিয়া ৰীমা দাসে আন এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ ছবি'ৰ শিতানত বিশেষ বঁটা আঁজুৰিলে ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ ২' এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে 'কিম জিচিঅ'ক বঁটা'।
 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতা লাভ কৰি ছবি নিৰ্মাতা ৰীমা দাসে কয়,"এছিয়ান চিনেমাৰ উৎকৰ্ষ সাধনৰ বাবে জীৱন উচৰ্গা কৰা এগৰাকী ব্যক্তিৰ সন্মানত দিয়া 'কিম জিচিঅ'ক বঁটা' লাভ কৰাটো মোৰ বাবে খুবেই সৌভাগ্যৰ কথা । এখন স্বতন্ত্ৰ ছবিৰ চিকুৱেল নিৰ্মাণ কৰাটো বহুত ৰিস্কি আৰু কঠিন সিদ্ধান্ত আছিল ।"
 
তেওঁ লগতে কয়,"আমাৰ সুন্দৰ পৃথিৱীখন চোৱাৰ বাবে মই জুৰীৰ ওচৰত কৃতজ্ঞ । লগতে বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে এই সন্মান দিয়াৰ বাবে তেওঁলোকলৈ ধন্যবাদ । মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ যিসকলে মোক উৎসাহিত কৰিলে, মোক আগুৱাই যাবলৈ প্ৰেৰণা দিলে আৰু কাহিনীৰ ওপৰত মোৰ বিশ্বাস আছিল । মোৰ পৰিয়াল সদস্যসকলে যোৱা চাৰিটা বছৰে যি সহ্য কৰিলে তাৰ বাবে তেওঁলোকৰ লগতে মোৰ সহ প্ৰযোজক ফ্ৰান বৰগীয়াক অশেষ ধন্যবাদ ।"
 
'ভিলেজ ৰকষ্টাৰ'ৰ চিকুৱেল ছবি 'ভিলেজ ৰকষ্টাৰ ২' এ এই বঁটা আঁজুৰিবলৈ সক্ষম হোৱাত আনন্দিত ছবিখনৰ কলা-কুশলীসকল । প্ৰশংসনীয় কথাটো হ’ল যে জিছঅ’ক প্ৰতিযোগিতা শিতানত আঠখন ছবিৰ ভিতৰত নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ফিছাৰ হিচাপে চিহ্নিত হৈছিল 'ভিলেজ ৰকষ্টাৰ্ছ ২' । ইতিমধ্যে ছবিখন 'মামী মুম্বাই ফ্লিম ফেষ্টিভেল-২০২৪' ত দক্ষিণ এছিয়া প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা হৈছিল।
 
উল্লেখ্য যে, ছবিখনত অভিনয় কৰিছে ভনীতা দাস, বাসন্তী দাস, জুনমণি বড়ো, বলোৰাম দাস, মানবেন্দ্ৰ দাসে । ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সম্পাদনা তথা প্ৰযোজনা ৰীমা দাসৰ, সহ-প্ৰযোজক ফ্ৰান বৰগীয়া, জয়া দাস, সংগীত পৰিচালক পল্লৱ তালুকদাৰ, সাজ-সজ্জা পল্লৱী তালুকদাৰ, মল্লিকা দাস।