শ্বাহৰুখ খানৰ সৈতে বিয়া হোৱাৰ পিছতো কিয় ধৰ্ম সলনি নকৰিলে গৌৰী খানে

Story by  atv | Posted by  [email protected] • 8 d ago
শ্বাহৰুখ খানৰ পত্নী গৌৰী খান
শ্বাহৰুখ খানৰ পত্নী গৌৰী খান
মুম্বাই

গৌৰী খান আৰু শ্বাহৰুখ খানৰ বিবাহৰ প্ৰায় ৩৩ বছৰ হ’ল আৰু তেওঁলোকে নিজৰ ব্যক্তিগত ধৰ্মীয় বিশ্বাস অক্ষুণ্ণ ৰাখি হিন্দু আৰু ইছলামিক দুয়োটা উৎসৱ একেলগে পালন কৰি আহিছে। তেওঁলোকৰ আন্তঃধৰ্মীয় বিবাহ প্ৰায়ে চৰ্চাৰ বিষয় হৈ আহিছে, বিশেষকৈ গৌৰীয়ে ধৰ্মান্তৰিত নোহোৱাকৈ লৈ বহুতে বহু প্ৰশ্ন কৰে। গৌৰীৰ জন্মদিন উপলক্ষে আমি তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে কিছু কথা পুনৰ আলোচনা কৰিব বিচাৰিছো।
 
১৯৯১ চনৰ অক্টোবৰ মাহত এই দম্পতীহালে বিবাহপাশত আবদ্ধ হয় যদিও তেওঁলোকৰ বিবাহৰ যাত্ৰা প্ৰত্যাহ্বানেৰে ভৰা আছিল। প্ৰথম অৱস্থাত গৌৰীৰ পিতৃ-মাতৃয়ে আন্তঃধৰ্মীয় বিয়াক লৈ দ্বিধাবোধ কৰিছিল। সেই কথা স্মৰণ কৰি গৌৰীয়ে কয় যে, “আমি তেওঁৰ নাম সলনি কৰি অভিনৱ বুলি ঘৰত কৈছিলো, যাতে মা-দেউতাই তেওঁক হিন্দু ল’ৰা বুলি ভাৱে, কিন্তু সেয়া সঁচাকৈয়ে মূৰ্খামি আৰু শিশুসুলভ আছিল।”
 
কফি উইথ কৰণৰ প্ৰথম ছিজনত গৌৰীয়ে ধৰ্মান্তৰিত নোহোৱাৰ সিদ্ধান্তৰ বিষয়ে এইদৰে কৈছিল, “আমাৰ সম্পৰ্কত এক ভাৰসাম্য আছে। মই শ্বাহৰুখৰ ধৰ্মক সন্মান কৰো, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই ধৰ্মান্তৰিত হ’ম। মই বিশ্বাস কৰো যে সকলোৱে নিজৰ নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰণ কৰা উচিত, আৰু পাৰস্পৰিক সন্মান থাকিব লাগে। শ্বাহৰুখেও মোৰ ধৰ্মক কেতিয়াও অসন্মান নকৰে।” 
 
অৱশ্যে গৌৰীয়ে উল্লেখ কৰে যে তেওঁৰ মাকে এতিয়াও পৰিস্থিতিৰ সৈতে যুঁজি আছে, তেওঁলোকৰ পুত্ৰ আৰিয়ানে “মই এজন মুছলমান” বুলি কয়, তেতিয়া গৌৰী খানৰ মাতৃ বিমোৰত পৰা দেখা যায়।
 
লেডিজ ফাৰ্ষ্টত হোৱা কথা-বতৰাৰ সময়ত গৌৰীয়ে শ্বেয়াৰ কৰিছিল, “দীপাৱলীৰ সময়ত মই পূজা আয়োজনত আগ-ভাগ লওঁ, আৰু গোটেই পৰিয়ালটোৱে মোক সহযোগিতা আগবঢ়ায়। ঈদত শ্বাহৰুখে নেতৃত্ব দিয়ে, আৰু আমি তেওঁক অনুসৰণ কৰোঁ। ই এক সুন্দৰ ব্যৱস্থা, আৰু ল’ৰা-ছোৱালীয়ে দুয়োটা পৰম্পৰাকে আকোৱালি লৈছে৷ আচলতে তেওঁলোকে শ্বাহৰুখে কোৱা কথাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ এক প্ৰৱণতা আছে। দীপাৱলী আৰু ঈদ উভয়ে তেওঁলোকৰ বাবে এক আনন্দকৰ মুহূৰ্ত।”
 
পত্নী গৌৰী খানৰ সৈতে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান
 
২০১৩ চনত আউটলুক টাৰ্নিং পইণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহৰুখে প্ৰকাশ কৰিছিল যে তেওঁলোকে ঘৰত দুয়োটা ধৰ্ম পালন কৰাৰ বাবে তেওঁলোকৰ সন্তানৰ মাজত কিদৰে বিভ্ৰান্তিৰ সৃষ্টি হয়। “কেতিয়াবা তেওঁলোকে মোক সুধিছে যে তেওঁলোক কি ধৰ্মৰ, আৰু এজন ভাল হিন্দী চিনেমাৰ নায়কৰ দৰে মইও দাৰ্শনিকভাৱে উত্তৰ দিও, ‘তুমি প্ৰথমে ভাৰতীয়, আৰু তোমাৰ ধৰ্ম মানৱতা,’ বা মই হয়তো পুৰণি হিন্দী চলচ্চিত্ৰৰ গীত এটা গাই ‘তু হিন্দু বনেগা না মুছলমান বনেগা – ইনছান কি আউলাদ হায় ইনছান বনেগা।”
 
শ্বাহৰুখ খানৰ পত্নী হোৱাৰ উপৰিও গৌৰী এগৰাকী নিপুণ পেছাদাৰী, এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, ফেশ্বন ডিজাইনাৰ, আৰু চেলিব্ৰিটি ইণ্টেৰিয়ৰ ডিজাইনাৰ। ২০১৮ চনত ফৰ্চুন মেগাজিনে তেওঁক “৫০ শক্তিশালী মহিলা”ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল আৰু ২০০৮ চনত ভোগ ইণ্ডিয়াৰ কভাৰত তেওঁ শোভা বঢ়াইছিল। ইয়াত তেওঁক “বলীউডৰ ফাৰ্ষ্ট লেডী” বুলি উল্লেখ কৰা হৈছিল।
 
বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো গৌৰীয়ে ১৯৯১ চনৰে পৰা নিজৰ ব্যক্তিত্ব এগৰাকী সহজ-সৰল মহিলা হিচাপে বজাই ৰাখিছে। শ্বাহৰুখ আৰু গৌৰীৰ সংসাৰত আছে আৰ্য্য, সুহানা আৰু আব্ৰাম খানৰ নামৰ তিনিটা সন্তান।