বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে কেতিয়া আৰু কিয় পত্নীক 'আয়েছা' বুলি পৰিচয় কৰি দিছিল

Story by  atv | Posted by  [email protected] • 10 h ago
এক অনুষ্ঠানত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান
এক অনুষ্ঠানত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খান
 
মুম্বাই

বলীউডৰ জনপ্ৰিয় দম্পতী শ্বাহৰুখ খান আৰু গৌৰী খানক তেওঁলোকৰ দৃঢ় সম্পৰ্ক আৰু ধৰ্মৰ প্ৰতি পাৰস্পৰিক সন্মানৰ বাবে সদায় প্ৰশংসা কৰা হয়। কিং খানে নিজৰ পত্নী গৌৰীক বিবাহৰ ৩৩ বছৰৰ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰোৱা বুলি বিগত কিছুদিন ধৰি একাংশই ছ'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰাত দম্পতীহাল বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। 

মক্কাত এই দম্পতীহালৰ এআই-জেনেৰেটেড (AI generated)এখন বিশেষ ছবি ভাইৰেল হোৱাৰ পিছত এই উৰাবাতৰি আৰম্ভ হৈছিল। অৱশ্যে সেইবোৰ ভুৱা ছবি আৰু এই সকলোবোৰ উৰাবাতৰিৰ কোনো সত্যতা নাই।

ইয়াৰ মাজতে শ্বাহৰুখ খানৰ অতীতৰ এটা পুৰণি ঘটনাই ইণ্টাৰনেটত বেছ চৰ্চা লাভ কৰিছে। ফাৰিদা জালালৰ টক শ্ব’ৰ এটা জনপ্ৰিয় খণ্ডত শ্বাহৰুখ খানে তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ এটা আকৰ্ষণীয় মুহূৰ্তৰ বিষয়ে মুকলিকৈ কৈছিল। অভিনেতাগৰাকীয়ে স্মৰণ কৰি কৈছিল যে ৰিচেপচনত উপস্থিত হোৱাৰ সময়ত বিশেষকৈ তেওঁৰ যৌথ পৰিয়ালৰ বহু অতিথিয়ে গৌৰীয়ে তেওঁক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰিব নেকি বুলি ফুচফুচাই কৈছিল।

শ্বাহৰুখে শ্বেয়াৰ কৰিছিল, “মোৰ মনত আছে যেতিয়া তেওঁলোকৰ গোটেই পৰিয়ালটোৰ পুৰণি কলীয়া মানুহবোৰে তাত বহি পাঞ্জাবী ভাষাত ফুচফুচাই কৈছিল, ‘তেওঁ ছোৱালীজনীৰ নাম সলনি কৰিবনে? তাই মুছলমান হ’বনে?’” পৰিৱেশটো কিছু লঘু কৰি আত্মীয়-স্বজনক চঞ্চলভাৱে জোকাবলৈ শ্বাহৰুখে ধেমালিতে গৌৰীক কৈছিল, “বুৰ্খা পিন্ধা আৰু এতিয়াই নমাজ পঢ়া।” ধেমেলীয়া কথাবোৰ আগবঢ়াই নি তেওঁ পুনৰ কৈছিল, “এতিয়াৰ পৰা গৌৰীয়ে সকলো সময়তে বোৰ্খা পিন্ধিব, কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়, আৰু তেওঁৰ নাম হ’ব আয়েছা।”
 
শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী-সন্তানৰ এআই জেনেৰেটেড ফটো
 
শ্বাহৰুখে শীঘ্ৰে স্পষ্ট কৰি দিছিল যে এইটো এটা প্ৰাণচঞ্চল ধেমালি আৰু ধৰ্মক লৈ গম্ভীৰ কথোপকথন নহয়। সামৰণিত তেওঁ কৈছিল, “আত্মীয়-কুটুম্বৰ সৈতে এইদৰে ধেমালি কৰি মই বহুত আনন্দ পাইছিলো। কিন্তু এই সকলোবোৰৰ পৰা শিকিবলগীয়া কথাটো আছিল যে আমি ধৰ্মক সন্মান কৰিব লাগে কিন্তু ই প্ৰেমৰ বাটত আহিব নালাগে। আমাৰ বিয়া খুৱ সুন্দৰকৈ হৈ গৈছিল আৰু এতিয়াও আমাৰ সম্পৰ্ক শক্তিশালীভাৱে চলি আছে।”

ইয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰতো বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে প্ৰকাশ কৰিছিল যে তেওঁৰ পৰিয়ালে ধৰ্মীয় পাৰ্থক্যৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিয়ে। তেওঁ কৈছিল, ‘আমি কেতিয়াও আমাৰ ঘৰত হিন্দু-মুছলমানৰ বিষয়ে আলোচনা কৰা নাই। মোৰ পত্নী হিন্দু, মই মুছলমান, আৰু আমাৰ ল’ৰা-ছোৱালীবোৰ হিন্দুস্তান।”

আনকি তেওঁ শ্বেয়াৰ কৰিছিল যে যেতিয়া তেওঁৰ সন্তানক স্কুলত তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম “ভাৰতীয়” বুলি উল্লেখ কৰিছিল।  উল্লেখ্য যে, শ্বাহৰুখ খানে ৩৩ বছৰ পূৰ্বে ১৯৯১ চনৰ ২৫ অক্টোবৰত গৌৰী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।