নতুন দিল্লী
২০২১ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক তালিবানৰ সৈতে তুলনা কৰাৰ বাবে বলীউডৰ গীতিকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ অভিযোগ প্ৰত্যাহাৰ কৰা হৈছে।
অভিযোগকাৰী মুম্বাইৰ অধিবক্তা সন্তোষ ডুবেয়ে নিজকে ৰাষ্ট্ৰ স্বয়ংসেৱকৰ সদস্য বুলি দাবী কৰি ৮ নৱেম্বৰত মুলুণ্ড দণ্ডাধীশ আদালতক জনাইছিল যে “মধ্যস্থতাত পক্ষসমূহৰ মাজত বিষয়টো নিষ্পত্তি কৰা হৈছে”।
ডুবেৰ অনুৰোধৰ পিছতে আদালতে গোচৰটো নিষ্পত্তি কৰি আখতাৰক ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ নং ধাৰাৰ অধীনত অভিযোগৰ পৰা মুক্তি দিয়ে যিয়ে সৰ্বাধিক দুবছৰৰ শাস্তিৰ সৈতে মানহানিৰ মোকাবিলা কৰে।
২০২১ চনত টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত আখতাৰে আৰ এছ এছক তালিবানৰ সৈতে তুলনা কৰাৰ পৰাই এই বিতৰ্ক আৰম্ভ হৈছিল।
প্ৰথমতে ডুবেই আখতাৰক আইনী জাননী জাৰি কৰি বিনাচৰ্তৰ লিখিত ক্ষমা বিচাৰিছিল আৰু বক্তব্য প্ৰত্যাহাৰ নকৰিলে ১০০ কোটি টকা ক্ষতিপূৰণ বিচৰাৰ ভাবুকি দিছিল।
আখতাৰে এই কথা মানি নল’লে আৰু ডুবেই ২০২২ চনত অপৰাধমূলক মানহানিৰ অভিযোগ দাখিল কৰে। গোচৰৰ সন্দৰ্ভত দণ্ডাধীশ আদালতে চমন জাৰি কৰিছিল আৰু পৰৱৰ্তী সময়ত আখতাৰে মুম্বাই সত্ৰ আদালতত ইয়াক প্ৰত্যাহ্বান জনাইছিল।
কেইবাবাৰো গোচৰটো স্থগিত ৰখাৰ পিছত যোৱা সপ্তাহত আদালতত হাজিৰ হৈ ডুবেই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল আৰু মধ্যস্থতাৰ জৰিয়তে সমস্যাটো সমাধান কৰা বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে আদালতে গোচৰটো নিষ্পত্তি কৰে।