ছলমান খান আৰু জীশান ছিদ্দিকীক মৃত্যুৰ ভাবুকি দিয়া ২০ বছৰীয়া যুৱক গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 23 d ago
ছলমান খান আৰু জীশান ছিদ্দিকী
ছলমান খান আৰু জীশান ছিদ্দিকী
 
মুম্বাই 
 
এনচিপিৰ নেতা বাবা ছিদ্দিকৰ পুত্ৰ জীশান ছিদ্দিকী আৰু বলীউডৰ অভিনেতা ছলমান খানক বিষ্ণোই দলৰ সদস্যসকলে মুম্বাইত গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ কেইসপ্তাহমান পিছত আজি নয়ডাত ২০ বছৰীয়া সন্দেহযুক্ত ফোন কলাৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। 
 
ফোনকলটো শুক্ৰবাৰ অৰ্থাৎ ২৫ অক্টোবৰৰ সন্ধিয়া কৰা হৈছিল। আৰক্ষীয়ে বান্দ্ৰা পূব সমষ্টিৰ অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিৰ বিধায়ক জিশান ছিদ্দিকীৰ কাৰ্যালয়ৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰিছিল। 
   
এই ভাবুকিৰ উপৰিও ফোন কৰা মহম্মদ টয়াব ওৰফে গুৰফানে জিশান ছিদ্দিকী আৰু ছলমান খানৰ পৰা মুক্তিপণৰ দাবীও কৰিছিল। নয়দাৰ ছেক্টৰ ৩৯ এলেকাত মঙলবাৰে পুৱা ২০ বছৰীয়া টয়াবক গ্ৰেপ্তাৰ কৰি ট্ৰেনজিট ৰিমাণ্ডত মুম্বাই আৰক্ষীয়ে মহানগৰীলৈ লৈ আহিছে।  
 
ইয়াৰপূৰ্বে ২৫ অক্টোবৰত জিশান ছিদ্দিকীয়ে মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত ক্ৰছ ভোটদানৰ অভিযোগত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰায় তিনি মাহ পিছত অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।
 
২০১৯ চনত কংগ্ৰেছৰ টিকটত জয়ী হোৱা আসন বান্দ্ৰা পূৱ সমষ্টিৰ পৰা ২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি তেওঁ দলত যোগদান কৰাত আৱেগিক হৈ পৰা বুলি উল্লেখ কৰিছিল।
 
পূৰ্বৰ অবিভক্ত বান্দ্ৰা আসনৰ পৰা দুটা কাৰ্যকালৰ বাবে কংগ্ৰেছৰ বিধায়ক আছিল বাবা ছিদ্দিকী। তেওঁ চলিত বৰ্ষৰ আৰম্ভণিতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি এন চি পিত যোগদান কৰিছিল। বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫জন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 
 
ছলমান খানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই তেওঁক লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰি বিষ্ণই গেঙৰ এজন সদস্যই প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীক হত্যা কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে।