ভাৰতৰ বজাৰত মুকলি কেননৰ নতুন কেমেৰা

Story by  atv | Posted by  Munni Begum • 1 Months ago
 কেননৰ নতুন কেমেৰা ই অ' এছ আৰ-১
কেননৰ নতুন কেমেৰা ই অ' এছ আৰ-১
 
নতুন দিল্লী
 
আগশাৰীৰ কেমেৰা নির্মাণকাৰী প্রতিষ্ঠান কেননে ভাৰতৰ বজাৰত মুকলি কৰিছে দুটাকৈ নতুন কেমেৰা। এই কেমেৰা দুটা হৈছে ই অ' এছ আৰ-১ আৰু ই অ' এছ আৰ ৫ মার্ক ২। 
 
ই অ' এছ আৰ ৫ মার্ক ২ ত আছে ৪৫ মেগাপিক্সেলৰ চি এম অ' এছ চেন্সৰ। আনহাতে কেনন ই অ' এছ আৰ ১ ত আছে শক্তিশালী ২৪.২ মেগাপিক্সেলৰ ফুল-ফেম চি এম অ' এছ চেন্সৰ। 
 
দুয়োটা কেমেৰাতে গ্রাহকে লাভ কৰিব ডিজিক এক্সেলেৰেটৰ আৰু ডিজিক এক্সক্স ইমেজ প্রচেছৰ। কেনন ই অ' এছ আৰ ১ কেমেৰাটো অহা নৱেম্বৰৰ শেষৰ পিনে ভাৰতীয় গ্রাহকে ক্ৰয় কৰিব পাৰিব। 
 
ইয়াৰ মূল্য হ'ব ৬,৩০,৯৯৫ টকা। কেনন ই অ'এছ আৰ ৫ মার্ক ২ কেমেৰাটোৰ মূল্য হ'ব ৪,০৫,৯৯৫ টকা।