নতুন দিল্লী
চলিত বৰ্ষত বজাৰত মুকলি হ’ব এপলৰ নতুন বাজেট ফ্লেইণ্ডলী স্মাৰ্টফোন৷ এই ফোনটোৰ নাম iPhone SE 4 হ’ব বুলি আশা কৰা হৈছে। ২০২২ চনত এপলে নিজৰ SE লাইনআপৰ শেষৰটো আইফোন মুকলি কৰিছিল, যাৰ নাম আছিল iPhone SE 3। এতিয়া আইফোন SE 4 অহা সপ্তাহত এপলে মুকলি কৰিব।
উল্লেখ্য যে, পূৰ্বৰ বিভিন্ন প্ৰতিবেদন আৰু এই আইফোন লাইনআপ মুকলি কৰাৰ টাইমলাইন চাই এনে লাগিছিল যে, কোম্পানীটোৱে ২০২৫ চনৰ মাৰ্চ বা এপ্ৰিল মাহত ইয়াক মুকলি কৰিব পাৰে। কিন্তু এতিয়া ব্লুমবাৰ্গৰ এক নতুন প্ৰতিবেদন অনুসৰি এপলে অহা সপ্তাহত নিজেই এই সস্তীয়া আইফোনটো মুকলি কৰিব ৷
অৱশ্যে ইয়াৰ বিক্ৰী পৰৱৰ্তী সময়ত আৰম্ভ হ’ব। এপলে এই ফোনটো মুকলি কৰিবলৈ লঞ্চ ইভেণ্টৰ আয়োজন নকৰিবও পাৰে বুলি চৰ্চা চলি আছে৷ সাধাৰণতে নিজৰ আইফোন মডেল মুকলি কৰিবলৈ এপলে ইভেণ্টৰ আয়োজন কৰে, কিন্তু এইবাৰ কোম্পানীয়ে ইভেণ্ট অবিহনেই এই ফোনটো লঞ্চ কৰিব বুলি জানিব পৰা গৈছে।
আইফোনৰ এই লাইনআপত এতিয়ালৈকে মুকলি কৰা ফোনসমূহৰ ডিজাইন পুৰণি আৰ্হিৰ দৰেই আছিল যদিও এইবাৰ এপলে নতুন ডিজাইনৰ সৈতে আইফোন এছ ই 4 লঞ্চ কৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইফোন SE4 ৰ ডিজাইন আইফোন 14 ৰ দৰে হ’ব আৰু এই ফোনটোত এপলৰ AI চালিত ছফটৱেৰ থাকিব। ভাৰত আৰু চীনৰ দৰে এপলৰ বৃহৎ বজাৰত সস্তীয়া ফোনসমূহৰ নিত্য বৃদ্ধি পোৱা চাহিদা দেখি এপলে কম মূল্যত প্ৰিমিয়াম ফিচাৰ দি এই আইফোনটোৰ জৰিয়তে গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা চলাব।
২০২২ চনত মুকলি কৰা iPhone SE 3 ৰ ডিজাইন আছিল পুৰণি। ইয়াত মাত্ৰ এটা হোম বুটাম আছিল আৰু ফেচ আইডিৰ বৈশিষ্ট্যও নাছিল। এতিয়া এই লাইনআপৰ নতুন সংস্কৰণটো নতুন ডিজাইন, নতুন ৰূপ, নতুন স্পেচিফিকেশন আৰু নতুন বৈশিষ্ট্যৰ সৈতে আহিব। ফোনটোৰ ডিজাইন আইফোন 14 ৰ দৰেই হ’ব বুলি আশা কৰা হৈছে। এই ফোনটোত ডাঙৰ স্ক্ৰীণৰ লগতে ফেচ আইডি ফিচাৰ থাকিব। ইয়াৰ উপৰিও এই ফোনটো এপলৰ শেহতীয়া A18 চিপত চলিব, যিয়ে এপলৰ AI বৈশিষ্ট্যসমূহ সমৰ্থন কৰিব।
ইয়াৰ উপৰিও ইউৰোপীয় ইউনিয়নৰ নিয়ম মানি চলিবলৈ এপলে হাৰ্ডৱেৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনও কৰিব। উদাহৰণস্বৰূপে, আইফোন SE4 ত ব্যৱহাৰকাৰীয়ে চাৰ্জিঙৰ বাবে ইউএছবি-চি পৰ্ট পাব, যিটো এতিয়ালৈকে আইফোন SE ত উপলব্ধ নাছিল, কিন্তু এতিয়া ইউৰোপীয় সংঘত পুৰণি পৰ্টটো নিষিদ্ধ কৰা হৈছে। অৱশ্যে এপলে এতিয়াও এই স্পেচিফিকেশন আৰু ফিচাৰ নিশ্চিত কৰা নাই। ভাৰতত আইফোন SE 4ৰ দাম প্ৰায় 45 হাজাৰ টকা হ’ব পাৰে বুলি আশা কৰা হৈছে।
এইবাৰ এপলে নিজৰ আইফোন SE ফোনত বহুতো নতুন ফিচাৰ, লেটেষ্ট চিপছেট, নতুন ডিজাইন আৰু এ আই ফিচাৰ প্ৰদান কৰিবলৈ ওলাইছে। ইয়াৰ বাবেই এই লাইনআপৰ পুৰণি সংস্কৰণতকৈ এপলে এই ফোনটোৰ দাম অলপ বেছি কৰিব পাৰে বুলি আশা কৰা হৈছে। তথাপিও এই ফোনটোৰ দাম গুগল আৰু ছেমছাঙৰ মিডৰেঞ্জ স্মাৰ্টফোনৰ আশে-পাশে থাকিব বুলি সকলোৱে আশা কৰিছে।