স্মার্টফোন চুৰ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে গুগলৰ বিশেষ ছিকিউৰিটি সেৱা

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
স্মার্টফোন চুৰ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে গুগলে গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ ছিকিউৰিটি সেৱা। ইয়াৰ ফলত এন্ড্রয়ড ফোন ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ফোন চুৰ হোৱাৰ পৰা সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে। 
 
গুগলে তিনিটা পর্যায় ক্রমে থেফট ডিটেক্চন লক, অফলাইন ডিভাইচ লক আৰু ৰিম'ট লক নামেৰে এই ব্যৱস্থা আৰম্ভ কৰিছে। বর্তমান পৰীক্ষণৰ পৰ্যায়ত থকা এই সেৱা অচিৰেই এন্ড্রয়ড ব্যৱহাৰকাৰীসকলৰ বাবে আগবঢ়োৱা হ'ব। 
 
ইয়াৰ ভিতৰত থেফ্ট ডিটেকচন লক ব্যৱস্থাৰ অধীনত স্মার্টফোন এটাত সন্দেহজনক গতি-বিধি ধৰা পৰিলে কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা ফোনটো লক কৰিব পৰা যাব। 
 
বিশেষকৈ ব্যৱহাৰকাৰীৰ হাতৰ পৰা কোনোবাই ফোনটো আঁজুৰি নিলে এই ব্যৱস্থা সক্রিয় হৈ উঠিব। এনে সময়ত ফোনটোৰ স্ক্ৰীন স্বয়ংক্রিয়ভাৱে লক হৈ যাব, যাৰ ফলত চোৰে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য লাভ কৰিব নোৱাৰিব। 
 
আনহাতে স্মার্টফোন এটা, নির্ধাৰিত সময়তকৈ অধিক সময়ৰ বাবে ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ থাকিলে অফলাইন ডিভাইচ লক ব্যৱস্থা সক্রিয় হ'ব। ইয়াৰ ফলত চুৰ হোৱাৰ পিচত ফোনটোৰ ডাটা অফ কৰিলেও চোৰে ইয়াৰ তথ্য- পাতি হৰলুকী কৰিব নোৱাৰিব। একেদৰে ৰিম'ট লক ব্যৱস্থাৰ জৰিয়তে চুৰ হোৱাৰ পিচত ফোন নম্বৰৰ মাধ্যমতে ফোনটো ব্যৱহাৰকাৰীয়ে লক কৰিব পাৰিব।