4G, 5G ৰ পাছত 6G ৰ বাবে সাজু ভাৰত

Story by  atv | Posted by  [email protected] • 3 d ago
4G, 5G ৰ পাছত 6G ৰ বাবে সাজু ভাৰত
4G, 5G ৰ পাছত 6G ৰ বাবে সাজু ভাৰত
 
নতুন দিল্লী
 
দেশত এতিয়া সহজলভ্য ৪ জি সেৱা। ৫ জি সেৱা আৰম্ভ হৈছে যদিও ঠায়ে ঠায়েহে এই সেৱা উপলব্ধ। দেশজুৰি এতিয়াও ৫ জি সেৱা সহজলভ্য হৈ উঠা নাই। ইয়াৰ মাজতে এতিয়া আকৌ ভাৰতত ৬ জি সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলিছে।
 
ইণ্টাৰনেটৰ হাই স্পীডৰ এই সময়ত মানুহক সকলো সময়তে লাগে দ্ৰুত ইণ্টাৰনেট সেৱা। সেয়ে ইণ্টাৰনেট সেৱা সম্প্ৰসাৰণ আৰু ইয়াক অধিক দ্ৰুত গতিৰ কৰাৰ বাবে টেলিকম কোম্পানীসমূহে কাম কৰি আহিছে।
 
দেশৰ গৰিষ্ঠ সংখ্যক লোকেই এতিয়াও ৪ জি সেৱাই গ্ৰহণ কৰি আছে যদিও ৫ জি সেৱা প্ৰধান চহৰসমূহলৈ সম্প্ৰসাৰণ হৈছে। ৪ জি সেৱাতকৈ বহু দ্ৰুত গতিৰে ইণ্টাৰনেটৰ সুবিধা লাভ কৰিব পাৰি এই সেৱাত।
 
নতুনকৈ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলোৱা ৬ জি সেৱাৰ ইণ্টাৰনেটৰ স্পীড হ’ব তাতোকৈ অধিক। দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড টেলিকমিউনিকেছন ষ্টেণ্ডাইজেছন এছেম্বলীতেই এই বিষয়ে হ'ব আলোচনা। অহা ১৫ ৰ পৰা ২৪ অক্টোবৰলৈ দিল্লীত অনুষ্ঠিত হ’ব লগীয়া এই ৱৰ্ল্ড টেলিকমিউনিকেছন ষ্টেণ্ডাইজেছন এছেম্বলী চমুকৈ WTSA ৰ অধিবেশনত মুঠ ১৯০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
 
এই অধিবেশনত অংশগ্ৰহণকাৰীসকলে ৬ জি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আদিৰ দৰে টেকনলজীৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। এই সন্মিলন প্ৰথমবাৰৰ বাবে ভাৰত তথা এছিয়াত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে।
 
উল্লেখ্য যে, বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ভাৰতে গ্লোবেল পেটেণ্ট ফাইলিঙত শীৰ্ষ ৬ খন দেশৰ মাজত নিজৰ স্থান নিশ্চিত কৰিছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত টেকনলজীৰ ক্ষেত্ৰত যে ভাৰত ক্ৰমান্বয়ে আগবাঢ়ি গৈছে সেই কথাকেই প্ৰমাণ কৰিছে।
 
WTSA ইণ্টাৰনেচনেল টেলিকমিউনিকেছন ইউনিটৰ দ্বাৰা অনুষ্ঠিত কৰি অহা হৈছে। এই সংস্থা ৰাষ্ট্ৰ সংঘৰ অধীনস্থ এক সংস্থা। এই সংস্থাই তথ্য, যোগাযোগৰ বিকাশ আৰু ব্যৱহাৰৰ বাবে কাম কৰি আহিছে। WTSAত ৬ জিৰ সম্প্ৰসাৰণক লৈ আলোচনা কৰা হ’ব। তাৰ পাছতেই হয়তো পৰীক্ষামূলকভাৱে দেশত আৰম্ভ হ'ব ৬ জি সেৱা। যদি সেয়াই হয় তেন্তে ভাৰতত পুনৰ ইণ্টাৰনেটৰ জগতখনলৈ আহিব বৈপ্লৱিক পৰিবৰ্তন।