৫ বছৰত পৰিসৰ দুগুণ হ'ব ভাৰতৰ লেপটপ বজাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
৫ বছৰত পৰিসৰ দুগুণ হ'ব ভাৰতৰ লেপটপ বজাৰৰ
৫ বছৰত পৰিসৰ দুগুণ হ'ব ভাৰতৰ লেপটপ বজাৰৰ
 
নতুন দিল্লী
 
অহা ৫ বছৰৰ ভিতৰত ভাৰতৰ লেপটপ বজাৰখনৰ পৰিসৰ দুগুণলৈ বৃদ্ধি পাব বুলি মন্তব্য কৰিছে এইচ পি ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ইপ্সিতা দাসগুপ্তাই। এপ'ল প্রতিষ্ঠানটোৰ পৰা অলপতে এইচ পি ইণ্ডিয়াত যোগদান কৰা দাশগুপ্তাই কয় যে ভাৰতৰ বজাৰত লেপটপৰ চাহিদা পুনৰ দ্রুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
 
এইচ পি ইণ্ডিয়া প্রতিষ্ঠানটোৱে ইন ইণ্ডিয়া' অভিযানৰ অধীনত 'মেক ভাৰতত লেপটপ নির্মাণত গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ক'ভিডৰ সময়ছোৱাত ভাৰতৰ বজাৰত লেপটপৰ বিক্ৰী প্ৰায় স্থবিৰ হৈ পৰিছিল।
 
কিন্তু ক'ভিডৰ পৰৱৰ্তী পৰ্যায়ত এই বজাৰখনে নতুন গতি লাভ কৰিছে আৰু তেতিয়াৰে পৰা প্রায় ৫০ শতাংশ বিকাশ দেখা গৈছে। লেপটপৰ বজাৰখনৰ বিকাশৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা পি এল আই আঁচনিয়েও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।