নতুন দিল্লী
২০২৫ চনত দেশৰ স্মার্টফোনৰ বজাৰ ₹৪.২৮ লাখ কোটি অর্থাৎ $৫০ বিলিয়নলৈ বৃদ্ধি পাব। কাউণ্টাৰ পইন্ট টেকন'লজি মার্কেট ৰিছাৰ্চ নামৰ গৱেষণা প্রতিষ্ঠানটোৱে এই অনুমান কৰিছে।
উচ্চ মূল্যৰ এপ'ল আৰু ছেমছাং স্মার্টফোনৰ চাহিদা বৃদ্ধিৰ ফলতে স্মার্টফোনৰ বজাৰ দ্রুত বৃদ্ধি ঘটিছে। ২০২১ চনত ভাৰতৰ স্মার্টফোনৰ বজাৰৰ আকৃতি আছিল $৩৭.৯ বিলিয়ন, অর্থাৎ $৩.২৫ ট্রিলিয়ন।
গৱেষণা প্রতিষ্ঠানটোৰ তথ্যমতে, ২০২৫ চনত ভাৰতৰ স্মার্টফোনৰ বজাৰে অভিলেখ গঢ়িব। এই বজাৰ হ'ব ₹৪.২৮ লাখ কোটিৰ। এপ'ল আৰু ছেমছাং স্মার্টফোনৰ প্রিমিয়াম আৰু আল্ট্রা-প্রিমিয়াম খণ্ডৰ ফোনৰ চাহিদা বৃদ্ধিৰ ফলতে এই অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে।
২০২৪ চনৰ বিত্তীয় বর্ষত এপ'ল ইণ্ডিয়াই স্মার্টফোন বিক্ৰী কৰি লাভ কৰে ₹৬৭,১২১.৬ কোটি। আনহাতে দক্ষিণ কোৰিয়াৰ কোম্পানী ছেমছাঙে স্মার্টফোন বিক্ৰী কৰি উপার্জন কৰে ₹৭১.১৫৭.৬ কোটি।
আনহাতে ভিভো, অপ্প', ৱানপ্লাছ আদি চীনা ব্ৰেণ্ডৰ স্মার্টফোনেও ₹৩০,০০০-₹৪৫,০০০ৰ ভিতৰত স্মার্টফোন গ্রাহকলৈ আগবঢ়াইছে। ৱানপ্লাছ কোম্পানীয়ে ভাৰতীয় বজাৰ দখলৰ বাবে ₹৬ হেজাৰ কোটি বিনিয়োগৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।
ভাৰতীয় বজাৰত এপ'লৰ প্ৰ' মডেলৰ বিক্ৰীৰ মূলতে আইফোনৰ বিভিন্ন মডেলৰ মূল্য হ্রাস পায়।