আইফোনৰ ১৬ ছিৰিজ মুকলি

Story by  atv | Posted by  [email protected] • 7 d ago
আইফোনৰ ১৬ ছিৰিজ মুকলি
আইফোনৰ ১৬ ছিৰিজ মুকলি
 
নতুন দিল্লী
 
বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বজাৰৰ বাবেও এপলে মুকলি কৰিছে বহুপ্রত্যাশিত আইফোন ১৬ ছিৰিজৰ স্মার্টফোন। অচিৰেই এই স্মার্টফোনসমূহৰ পি- এ অৰ্ডাৰ আৰম্ভ হ'ব আৰু ফ্লিপকার্ট, এমাজন, এপল ষ্টৰৰ লগতে অন্য প্লেটফৰ্মৰ জৰিয়তেও গ্রাহকে এই স্মার্টফোনকেইটা ক্রয় কৰিব পাৰিব।
 
ভাৰতৰ বজাৰত আইফোন ১৬ৰ প্ৰাৰম্ভিক মূল্য হ'ব ৭৯,৯০০ টকা, আইফোন ১৬ প্লাছৰ মূল্য হ'ব ৮৯,৯০০ টকা, আইফোন ১৬ প্ৰ'ৰ প্ৰাৰম্ভিক মূল্য হ'ব ১,৯০,৯০০ টকা আৰু আইফোন ১৬ প্র' মেক্সৰ প্ৰাৰম্ভিক মূল্য হ'ব ১,৪৪,৯০০ টকা, এক সূত্রই জনোৱামতে অহা ১৩ ছেপ্টেম্বৰৰ পৰা এই স্মার্টফোনসমূহৰ প্রি-অৰ্ডাৰ আৰম্ভ হ'ব আৰু ২০ ছেপ্টেম্বৰৰ পৰা বিক্ৰী আৰম্ভ হ'ব।
 
এইবাৰ আইফোন ১৬ আৰু ১৬ প্লাছ মডেলসমূহত ব্যৱহাৰ কৰা হৈছে এপলৰ শেহতীয়া ১৮ চিপছেট। আনহাতে ১৬ প্র' আৰু ১৬ প্র' মেক্স মডেলসমূহত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক ১৮ প্র' চিপেছট। আইফোন ১৫ ছিৰিজৰ তুলনাত আইফোন ১৬ ছিৰিজৰ স্মার্টসমূহত বিভিন্ন ধৰণৰ নতুন বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছে।