নতুন দিল্লী
ৰিলায়েন্স জিঅ’ৰ ৪জি কিপেড স্মাৰ্টফোন ‘জিঅ’ফোন প্ৰাইমা’ এতিয়া দেশত ২৫৯৯ টকাত ক্ৰয় কৰিব পাৰিব। ব্যৱহাৰকাৰীয়ে এই ফোনটো মূল খুচুৰা বিপণী আৰু ৰিলায়েন্স ডিজিটেল জিঅ’মাৰ্ট এণ্ড এমাজনৰ দৰে অনলাইন প্লেটফৰ্মত ক্ৰয় কৰিব পাৰিব।
জিঅ’ফোন প্ৰাইমা কাই-অ’এছ প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে, যিটো এটা মুক্ত উৎস প্ৰকল্পভিত্তিক মোবাইল অপাৰেটিং চিষ্টেম। যিয়ে ইউটিউব, ফেচবুক, হোৱাটছএপ, আৰু গুগল ভইচ এচিষ্টেণ্টৰ সুবিধা প্ৰদান কৰে।
ভিডিঅ’ কলিং আৰু ফটোগ্ৰাফীৰ বাবে ডিজিটেল কেমেৰাও আছে আৰু জিঅ’টিভিৰ জৰিয়তে এণ্টাৰটেইনমেণ্ট, জিঅ’চিনেমা, জিঅ’ছাৱন আৰু জিঅ’পেৰ জৰিয়তে ইউপিআই পেমেণ্টৰ দৰে জিঅ’ ডিজিটেল সেৱাৰে অন্তৰ্ভুক্ত কৰা হৈছে, এই সকলোবোৰ প্ৰিমিয়াম স্পেচ ডিজাইনত পেক কৰা হৈছে।
ফোনটোত ২.৪ ইঞ্চি ডিছপ্লে স্ক্ৰীণ, ১৮০০mAh বেটাৰী আৰু ২৩ টা ভাষাৰ সমৰ্থন আছে। ইফালে ৰিলায়েন্স জিঅ’ই সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলত দ্ৰুতবেগী, সুলভ মূল্যৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে ভাৰতৰ প্ৰথমটো উপগ্ৰহ ভিত্তিক গিগা-ফাইবাৰ সেৱা সফলতাৰে প্ৰদৰ্শন কৰিছে। জিঅ’ স্পেচ ফাইবাৰ নামৰ ইয়াক ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৩’ৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত প্ৰদৰ্শন কৰা হৈছিল।
জিঅ’ই লাক্সেমবাৰ্গ ভিত্তিক উপগ্ৰহ টেলিকমিউনিকেচন নেটৱৰ্ক প্ৰদানকাৰী এছ ই এছৰ সৈতে অংশীদাৰিত্ব কৰি বিশ্বৰ শেহতীয়া মধ্যম পৃথিৱী কক্ষপথ (এম ই অ’) উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰিছে।