নতুন দিল্লী
কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি গুগলে বৃহস্পতিবাৰে গুগল ট্ৰেন্সলেটত কেণ্টনীজ, এনকো আৰু টামাজাইটকে ধৰি মুঠ ১১০টা নতুন ভাষা সংযোজন কৰাৰ কথা ঘোষণা কৰিছে।
এই নতুন ভাষাসমূহে ৬১৪ মিলিয়নতকৈ অধিক ভাষীক প্ৰতিনিধিত্ব কৰিব আৰু যিয়ে বিশ্বৰ প্ৰায় ৮ শতাংশ জনসংখ্যাৰ বাবে অনুবাদৰ সুবিধা মুকলি হব।
গুগলে এক বিবৃতিত প্ৰকাশ কৰিছে যে, "বিশ্বৰ কিছুমান প্ৰধান ভাষা আছে আৰু এই ভাষাবোৰৰ ১০ কোটিতকৈ অধিক ভাষী আছে। আন কিছুমান ভাষা খিলঞ্জীয়া লোকৰ সৰু সৰু সম্প্ৰদায়ে ব্যৱহাৰ কৰে আৰু দুই এজনৰটো প্ৰায় কোনো স্থানীয় ভাষীয়ে নাই। তৎস্বত্বেও এই ভাষাবোৰ সক্ৰিয়ভাৱে পুনৰুজ্জীৱিতকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।"
নতুন ভাষাসমূহৰ প্ৰায় এক চতুৰ্থাংশই আফ্ৰিকাৰ হয়, যিয়ে আজিলৈকে আফ্ৰিকান ভাষাসমূহৰ সৰ্বাধিক সম্প্ৰসাৰণক প্ৰতিনিধিত্ব কৰি আহিছে। এই ভাষাসমূহৰ ভিতৰত ফন, কিকংগো, লুও, গা, স্বাতি, ভেণ্ডা আৰু উলফ আদি ভাষা অন্তৰ্ভুক্ত আছে।
২০২২ চনত গুগলে শূন্য-শ্বট মেচিন অনুবাদ ব্যৱহাৰ কৰি ২৪টা নতুন ভাষা সংযোজন কৰিছিল। যিবোৰ ভাষা মেচিন লাৰ্নিং মডেলে কেতিয়াও উদাহৰণ নেদেখাকৈয়ে আন ভাষালৈ অনুবাদ কৰি আহিছে।
গুগলে জনোৱা মতে, "আমি ১০০০ ভাষা সংযোজন কৰাৰ পদক্ষেপ ঘোষণা কৰিছো, যিয়ে বিশ্বৰ ১০০০টা সৰ্বাধিক কথিত ভাষাক সমৰ্থন কৰিব।"
নতুন ভাষাসমূহৰ ভিতৰত পাঞ্জাবী (Shahmukhi) হৈছে পাৰ্চো-আৰবী লিপিত লিখা পাঞ্জাবী ভাষাৰ বৈচিত্ৰ্য (Shahmukhi) আৰু পাকিস্তানৰ আটাইতকৈ বেছি প্ৰচলিত কথিত ভাষা।