ভাৰতৰ বজাৰত মুকলি নতুন স্মার্টফোন আইকু জি ৯ এছ আৰু জি ৯ এছ প্র'

Story by  atv | Posted by  Munni Begum • 24 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
আইকু প্রতিষ্ঠানটোৱে ভাৰতৰ বজাৰত মুকলি কৰিছে দুটা নতুন স্মার্টফোন আইকু জি ৯ এছ আৰু জি ৯ এছ প্র'। দুয়োটা স্মার্টফোনতেই আছে এণ্ড্ৰ'য়ড ১৪ অপাৰেটিং ছিষ্টেম আৰু এম'লেড ডিছপ্লে। 
 
আই পি ৬৪ ৰেটিংযুক্ত স্মার্টফোন দুটাত আছে ৫০ মেগাপিক্সেল মূল কেমেৰা। আইকু জি৯ এছ স্মার্টফোনটোৰ তিনিটা সংস্কৰণৰ মূল্য এনেধৰণৰ ৮জিবি/১২৮জিবি (১৯,৯৯৯ টকা), ৮জিবি/২৫৬জিবি (২১,৯৯৯ টকা) ১২ জিবি/২৫৬ জিবি (২৩,৯৯৯ টকা)। 
 
আইকু জি৯ এছ প্ৰ'ৰ মূল্য হৈছে- ৮জিবি/১২৮জিবি (২৪,৯৯৯টকা), ৮জিবি/২৫৬জিবি (২৬,৯৯৯ টকা), ১২জিবি/২৫৬জিবি (২৮,৯৯৯ টকা)। অহা ২৯ আগষ্টৰ পৰা আইকুৰ ৱেবছাইট আৰু এমাজনৰ জৰিয়তে গ্রাহকে এই স্মার্টফোন দুটা ক্ৰয় কৰিব পাৰি।