আগষ্টত ইউ পি আইৰ শীৰ্ষত ফোনপে'

Story by  atv | Posted by  [email protected] • 28 d ago
আগষ্টত ইউ পি আইৰ শীৰ্ষত ফোনপে'
আগষ্টত ইউ পি আইৰ শীৰ্ষত ফোনপে'
 
নতুন দিল্লী
 
ৱালমার্ট মালিকানাধীন ফোনপে'য়ে যোৱা আগষ্টত ১০.৩৩ লাখ কোটি টকাৰ ৭.২৩ বিলিয়ন ইউ পি আই লেনদেন কৰে। ইয়াৰ জৰিয়তে লেনদেনৰ সংখ্যাৰ ক্ষেত্ৰত ৪৮.৪% আৰু মূল্যৰ ক্ষেত্রত ৫০.১% বজাৰ অংশীদাৰিত্ব দখলেৰে শীর্ষস্থান অধিকাৰ কৰিছে ফোনপেয়ে।
 
এই তথ্য প্রকাশ কৰিছে নেচনেল পেমেন্টছ কৰ্প'ৰেচন অব্ ইণ্ডিয়াই। দুয়োটা দিশতে ক্রমে ৩৭.৩% আৰু ৩৬% বজাৰ অংশীদাৰিত্বৰে দ্বিতীয় স্থানত আছে গুগল পে'।
 
ইপিনে তালিকাৰ তৃতীয় স্থানত থাকিলেও জুলাইৰ ৭.৮ শতাংশৰ পৰা আগষ্টত লেনদেনৰ সংখ্যাৰ ক্ষেত্ৰত পে টি এমৰ বজাৰ অংশীদাৰিত্ব ৭.২% আৰু লেনদেনৰ মূল্যৰ ক্ষেত্ৰত অংশীদাৰিত্ব ৫.৯ শতাংশৰ পৰা ৫.৫ শতাংশলৈ হ্রাস পায়।