Realmeৰ নতুন স্মাৰ্টফোন Realme P3 Pro 5G মুকলি

Story by  atv | Posted by  Munni Begum • 15 d ago
 ৰিয়েলমি পি৩ প্ৰো ৫জি স্মাৰ্টফোন
ৰিয়েলমি পি৩ প্ৰো ৫জি স্মাৰ্টফোন
 
নতুন দিল্লী 
 
শেহতীয়াকৈ ৰিয়েলমি এ এটা নতুন স্মাৰ্টফোন মুকলি কৰিছে। যাৰ নাম ৰিয়েলমি পি৩ প্ৰো ৫জি (Realme P3 Pro 5G)। এই ফোনটোক কোম্পানীয়ে বহু বিশেষ বৈশিষ্ট্য প্ৰদান কৰিছে, য’ত আছে কোৱাড-কাৰ্ভ এইডজফ্লো (Quad-Curved EdgeFlow) ডিছপ্লে, ১.৫কে ৰিজ’লিউচন, ১২০Hz ৰিফ্ৰেছ ৰেট, প্ৰচেছৰৰ বাবে স্নেপড্ৰেগ'ন ৭ এছ জেন৩ (Snapdragon 7s Gen 3) চিপছেট আৰু ৬০০০mAh বেটাৰী। 
 
কোম্পানীয়ে  মংগলবাৰে প্ৰথমবাৰৰ বাবে এই ফোনটো বিক্ৰীৰ বাবে আগবঢ়ায়।  এই ফোনটোৰ প্ৰথম বিক্ৰী আৰু ইয়াৰ দাম ক্ৰমে ৰিয়েলমি পি৩ প্ৰো ৫জিৰ প্ৰথম বিক্ৰী  আজি দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হয়। এই ফোনটো ৰিয়েলমিৰ অফিচিয়েল ৱেবছাইট, ফ্লিপকাৰ্ট আৰু অফলাইন ষ্ট’ৰৰ পৰাও ক্ৰয় কৰিব পাৰি। 
 
কোম্পানীয়ে এই ফোনটো তিনিটা ভেৰিয়েন্টত মুকলি কৰিছে, যাৰ মূল্য ২৩,৯৯৯ টকাৰ পৰা আৰম্ভ হৈছে আৰু সকলো ভেৰিয়েন্টতে মুকলি অফাৰো দিয়া হৈছে। এই নতুন ৰিয়েল্মি ফোনটোৰ প্ৰথম ভেৰিয়েন্টত ৮জিবি ৰেম আৰু ১২৮জিবি ষ্ট'ৰেজ আছে। যাৰ দাম ২৩,৯৯৯ টকা, কিন্তু ইয়াত২০০০ টকাৰ বেক অফাৰ বা ২০০০ টকাৰ এক্সচেঞ্জ অফাৰ উপলব্ধ আছে। এই অফাৰৰ পিছত এই ফোনটোৰ মূল্য ২১,৯৯৯ টকা হৈছে। ইয়াৰ উপৰিও এই ফোনত ৬ মাহৰ বিনামূলীয়া ইএমআইও উপলব্ধ কৰা হৈছে।
 
এই ফোনটোৰ দ্বিতীয়টো ভেৰিয়েন্টত ৮ জিবি ৰেম আৰু ২৫৬ জিবি ষ্ট'ৰেজ আছে। যাৰ মূল্য ২৪,৯৯৯টকা, কিন্তু ইয়াত ২০০০ টকাৰ বেক অফাৰ বা ২০০০ টকাৰ এক্সচেঞ্জ অফাৰ উপলব্ধ আছে। এই অফাৰৰ পিছত এই ফোনটোৰ মূল্য অ২২,৯৯৯ টকা হৈছে। ইয়াৰ উপৰিও এই ফোনত ৬ মাহৰ বিনামূলীয়া ইএমআইও উপলব্ধ কৰা হৈছে।
 
এই ফোনটোৰ তৃতীয় ভেৰিয়েন্টত ১২জিবি ৰেম আৰু ২৫৬ জিবি ষ্ট'ৰেজ আছে, যাৰ মূল্য ২৬,৯৯৯ টকা, কিন্তু ইয়াত২০০০ টকাৰ বেক অফাৰ বা ২০০০ টকাৰ এক্সচেঞ্জ অফাৰ উপলব্ধ আছে। এই অফাৰৰ পিছত এই ফোনটোৰ মূল্য হ’ব  ২৪,০০০ টকা। ইয়াৰ উপৰিও এই ফোনত ৬ মাহৰ বিনামূলীয়া ইএমআইও উপলব্ধ।
 
এই ফোনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ ডিছপ্লেৰ লগতে প্ৰচেছৰ আছে। ইয়াৰ চিপছেটে লাভ কৰিছে ৮ লাখতকৈ অধিক আনটুটু স্ক’ৰ। ই জিটি বুষ্ট প্ৰযুক্তিৰ সৈতে ৯০এফপিএছত বিজিএমাই সমৰ্থিত, য’ত গেমাৰসকলে এটা মসৃণ গেমপ্লে অভিজ্ঞতা লাভ কৰিব।
 
ইয়াৰ উপৰিও ফোনটোত ৮০ৱাট ফাষ্ট চাৰ্জিং সমৰ্থনৰ লগতে আছে বৃহৎ ৬০০০mAh বেটাৰী। কোম্পানীটোৱে দাবী কৰিছে যে ইয়াৰ দ্বাৰা মাত্ৰ ৫ মিনিটতে ফোনটো ৭০% চাৰ্জ হব। ইয়াৰ উপৰিও ফোনটোক পানী আৰু ধূলিৰ পৰা ৰক্ষা কৰিবলৈ IP66/IP68/IP69 ৰেটিং ফিচাৰো দিয়া হৈছে।