ভাৰতত শীঘ্ৰেই মুকলি হব ৰিয়েলমিৰ প্ৰথমটো ‘আল্ট্ৰা’ স্মাৰ্টফোন

Story by  atv | Posted by  Munni Begum • 4 d ago
ৰিয়েলমিৰ প্ৰথমটো ‘আল্ট্ৰা’ স্মাৰ্টফোন
ৰিয়েলমিৰ প্ৰথমটো ‘আল্ট্ৰা’ স্মাৰ্টফোন
 
নতুন দিল্লী   
 
শীঘ্ৰেই ভাৰতত প্ৰথমটো ‘আল্ট্ৰা’ স্মাৰ্টফোন মুকলি কৰিবলৈ সাজু হৈছে 'ৰিয়েলমি'য়ে। শুকুৰবাৰে কোম্পানীটোৱে প্ৰচাৰমূলক ইমেজ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে যে, এই ফোনটো ৰিয়েলমি পি৩ উল্ট্ৰা ৫জি (Realme P3 Ultra 5G) নামেৰে মুকলি কৰা হ’ব।
 
কিছু সপ্তাহ পূৰ্বে ৰিয়েলমি-এ ভাৰতত ৰিয়েলমি পি৩ প্ৰো ৫জি (Realme P3 Pro 5G) আৰু ৰিয়েলমি পি৩এক্স ৫জি (Realme P3x 5G) মুকলি কৰিছিল। এতিয়া কোম্পানীটোৱে নিজৰ স্মাৰ্টফোন ছিৰিজত এটা নতুন ফোন মুকলি কৰিবলৈ সাজু হৈছে। 
 
এই ফোনটোৰ বিষয়ে তথ্য দিবলৈ কোম্পানীটোৱে এক্সত এক পোষ্ট শ্বেয়াৰ কৰিছে, য’ত ফোনটোৰ নাম আৰু ডিজাইন প্ৰকাশ কৰা হৈছে। কোম্পানীয়ে এই ফোনটোৰ সঠিক মুকলিৰ তাৰিখ ঘোষণা কৰা নাই যদিও পোষ্টাৰত এই ফোনটো অতি সোনকালে মুকলি কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।
 
ৰিয়েলমি এ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে, এই স্মাৰ্টফোনটো আল্ট্ৰা ডিজাইন, আল্ট্ৰা পাৰফৰমেন্স আৰু আল্ট্ৰা কেমেৰাৰ সৈতে আহিব। এক্সত শ্বেয়াৰ কৰা প্ৰচাৰমূলক পোষ্টটোত এই ফোনটোৰ সোঁফালটো দেখা পোৱা গৈছে। য’ত পাৱাৰ বুটামৰ লগতে কমলা ৰঙৰ বুটাম এটাও আছে। আশা কৰা হৈছে যে, এইটোৱেই হ’ব পাৰে ভলিউম ৰকাৰ।
 
উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰিয়েলমি-এ Geekbenchত এটা ফোন তালিকাভুক্ত কৰিছে। যাৰ মডেল নাম ৰিয়েলমি আৰএমএক্স৫০৩০ (Realme RMX5030), যিটো ৰিয়েলমি পি৩ উল্ট্ৰা (Realme P3 Ultra)ৰ মডেল নম্বৰ হ’ব পাৰে। যদি এয়া সঁচা হয়, তেন্তে ফোনটো MediaTek Dimensity 8300 বা MediaTek Dimensity 8350 SoC চিপছেটৰ দ্বাৰা চালিত হ’ব পাৰে। ইয়াৰ উপৰিও ফোনটোৱে গ্ৰাফিক্সৰ বাবে Mali-G615 MC6 GPU, 12GB ৰেম আৰু Realme UI 6.0 OS সমৰ্থন কৰিব পাৰে।  
 
ৰিয়েলমি পি৩ উল্ট্ৰাই ৰিয়েলমি পি৩ এক্স আৰু ৰিয়েলমি পি৩ প্ৰোৰ সৈতে কোম্পানীটোৰ পি ছিৰজৰ লাইনআপত যোগদান কৰিব। এই স্মাৰ্টফোন দুটাৰ মূল্য ক্ৰমে ১৩,৯৯৯ আৰু ২৩,৯৯৯ টকা। আল্ট্ৰা মডেলৰ মূল্য অধিক হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত উন্নত স্পেচিফিকেশ্বনও থাকিব বুলি আশা কৰা হৈছে।