বিশ্বৰ সৰ্ববৃহৎ ডাটা প্ৰতিষ্ঠান ৰিলায়েন্স জি'অ

Story by  atv | Posted by  [email protected] • 16 d ago
বিশ্বৰ সৰ্ববৃহৎ ডাটা প্ৰতিষ্ঠান ৰিলায়েন্স জি'অ
বিশ্বৰ সৰ্ববৃহৎ ডাটা প্ৰতিষ্ঠান ৰিলায়েন্স জি'অ
 
নতুন দিল্লী
 
বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ম'বাইল ডাটা প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স জিঅ' প্রতিষ্ঠানটো। ৰিলায়েন্স ইন্ডাস্ট্রিজ লিমিটেডৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ বৈঠকত এই কথা প্রকাশ কৰে ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানিয়ে। তেওঁ জনোৱামতে ৮ বছৰৰ ভিতৰত জিঅ' বিশ্বৰ সর্ববৃহৎ ম'বাইল ডাটা প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে।
 
প্ৰতিগৰাকী জিঅ' গ্রাহকে গড় হিচাপত মাহিলি ৩০ জিবি ডাটা খৰচ কৰে বুলি তেওঁ উল্লেখ কৰে। বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত এনে ডাটাৰ মূল্য চাৰি ভাগৰ এক অংশ বুলিহে তেওঁ জানিবলৈ দিয়ে। আম্বানিয়ে এই অনুষ্ঠানত জিঅ' এ আই ক্লাউড ৱেলকাম অফাৰৰ কথাও ঘোষণা কৰে। এই অফাৰৰ অধীনত জিঅ'ৰ গ্ৰাহকসকলে ১০০ জিবিপর্যন্ত বিনামূলীয়া ক্লাউড ষ্ট'ৰেজ লাভ কৰিব পাৰিব।
 
ইয়াত তেওঁলোকে ফটো, ভিডিঅ', তথ্য-পাতি আৰু অন্যান্য ডিজিটেল কন্টেন্ট সংৰক্ষণ কৰি ৰাখিব পাৰিব। দীপাৱলীৰ সময়ত এই অফাৰ মুকলি কৰা হ'ব। বিগত বৰ্ষত বিলায়েন্সে ১৭ লাখ নতুন চাকৰি সৃষ্টি কৰা বুলিও তেওঁ উল্লেখ কৰে।
 
এই অনুষ্ঠানত ৰিলায়েন্স জিঅ'ৱে এ আই সমর্থিত সেৱা জিঅ' ফোন কল এ আই মুকলিৰ কথা ঘোষণা কৰে। ইয়াৰ জৰিয়তে জিঅ' ব্যৱহাৰকাৰীসকলে ফোন কৰাৰ সময়ত বিভিন্ন এ আই বৈশিষ্ট্যৰ সুবিধা ল'ব পাৰিব।